কটন বিশ্ববিদ্যালয়ত ৩ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৮ ছেপ্টেম্বৰ
ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয় (Cotton University)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Librarian (1) আৰু Scientific Assistant (2) পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ Librarian পদৰ প্রার্থীLibrary Science/Information Science/Documentation Science বিষয়ত গড়ে ৫৫ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ হোৱাৰ লগতেUniversity Libraryত অতিকমেও দহ বছৰLibrarian হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা নাইবাAssistant/Associate Professor হিচাপেLibrary Science বিভাগত শিক্ষকতাৰ অভিজ্ঞতা থকা নাইবাCollege Librarian হিচাপে দহ বছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷Library Science/Information Science/Documentation/Archives & Manuscript-Keeping বিষয়ত Ph.D ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷
ইংৰাজী আৰু অসমীয়া ভাষাত দক্ষতা থকাৰ লগতেLibrary Management Procedures, Institute Library, Interpersonal & Leadership Skillsৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ পদটো অসংৰক্ষিত৷ বয়স সর্বোচ্চ ৫৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১,৪৪,২০০–২,১৮,২০০ টকা৷ আনহাতে,Scientific Assistant পদৰ প্রার্থী গড়ে ৫৫ শতাংশ নম্বৰেৰে বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে Government/Semi Government/Autonomous Organization/Private Organization/Educational Instituteত পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে কম্পিউটাৰ পৰিচালনাত দক্ষ হ’ব লাগিব৷ Scientific Assistantৰ দুটা পদৰ ভিতৰত এটা পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে আনটো পদ এছ চি শ্রেণীৰ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷
ইংৰাজী আৰু অসমীয়া ভাষাত দক্ষতা থকাৰ লগতে Laboratory Procedures, Chemicals, Glassware’s, Interpersonal Skills, Sophisticated Instrumentationৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ বয়স সর্বোচ্চ ৩৮ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২২,০০০–৮৭,০০০ টকাসহ ৯,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আবেদন মাচুল হিচাপেLibrarian পদৰ প্রার্থীয়ে ২,০০০ টকা আৰু Scientific Assistantৰ প্রার্থীয়ে ১,০০০ টকা বিশ্ববিদ্যালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷
অৱশ্যে অ’বিচি, এম’বিচি, এছ চি, এছটি–পি, এছ টি–এইচ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে আবেদনৰ ৫০ শতাংশ পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.cottonuniversity.ac.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন To The Registrar, Cotton University, MCB Building, Ground Floor, Panbazar, Guwahati-781001 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৮ ছেপ্ঢেম্বৰ, ২০২১৷