নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্রপীঠ মাজুলীত ৩৪ সত্রৰ বিপৰীতে গির্জা ৬৬

ধর্মান্তৰকৰণক লৈ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ সত্রীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত ক্রমান্বয়ে বৃদ্ধি পোৱা ধর্মান্তৰকৰণৰ ঘটনাক লৈ আজি সৰৱ হৈ পৰে বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সভাপতি তথা শ্রীশ্রীদক্ষিণপাট গৃহাশ্রমী সত্রৰ সত্রাধিকাৰ শ্রীশ্রীজনার্দন দেৱগোস্বামী৷ বিশেষকৈ প্রৱঞ্চনা আৰু প্রলোভনেৰে গৰিষ্ঠসংখ্যক লোক খ্রীষ্টান মিছনেৰীৰ ধর্মান্তৰকৰণৰ চিকাৰ হৈছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত দেৱগোস্বামীয়ে কয়– ‘মাজুলীত গির্জাৰ অস্তিত্বই অসমৰ বাবে এক লজ্জাৰ বিষয়৷ নামনি অসম ইতিমধ্যেই পূর্ববংগীয় মুছলমানৰ আগ্রাসনলৈ যোৱাৰ সময়তে উজনি অসমত খ্রীষ্টান ধর্মান্তৰকৰণ প্রক্রিয়া অধিক ব্যাপ্ত হৈ পৰিছে৷ যাৰ বাবে মহাপুৰুষসকলৰ কৃষ্টি–সংস্কৃতি বিলুপ্তপ্রায় অৱস্থালৈ যোৱাৰ উপক্রম ঘটিছে৷ ১৯৮৩ চনৰ পৰা অতি কৌশলেৰে খ্রীষ্টান মিছনেৰীসকলে ধর্মান্তৰকৰণ কৰি আহিছে৷ মাজুলীৰ সংস্কৃতিক বৈচিত্র্যপীঠ হিচাপে প্রচাৰ প্রক্রিয়া খ্রীষ্টানসকলৰ আগ্রাসনে বাধাৰ সৃষ্টি কৰিছে৷ বৈষ্ণৱপীঠ মাজুলীত এতিয়া ৩৪খন সত্রৰ বিপৰীতে স্থাপন কৰা হৈছে ৬৬টা গির্জা৷’ সেয়েহে ধর্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ আইন প্রণয়ন কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি তেওঁ কয় যে সনাতনী হিন্দুসকলক সুৰক্ষা প্রদানৰ বাবে মহাপুৰুষসকলৰ আদর্শৰে গঢ়ি উঠা সত্র, কৃষ্টি–সংস্কৃতি সুৰক্ষিত কৰিব লাগিব৷ ইয়াৰ বাবে প্রথমেই সুৰক্ষিত কৰিব লাগিব মাজুলীক৷ কিয়নো মাজুলীত খ্রীষ্টানসকলে আধিপত্য বিস্তাৰ কৰিবলৈ ইতিমধ্যে জোৰদাৰ পদক্ষেপ লৈছে৷ কিয়নো মাজুলীত খ্রীষ্টানৰ আধিপত্য বিস্তাৰ কৰিব পাৰিলে ৰাজ্যৰ আন স্থানত খ্রীষ্টান ধর্ম প্রচাৰ কৰাটো তেওঁলোকৰ বাবে সহজ হৈ পৰিব৷

পৰিকল্পিতভাৱে খ্রীষ্টান মিছনেৰীসকলে গুৰুকেইজনৰ ওপৰত সাংস্কৃতিক আক্রমণ চলাইছে বুলি উল্লেখ কৰি সত্রাধিকাৰগৰাকীয়ে কয়– ‘মাজুলীত কাঠফুলাৰ দৰে গির্জা সাজি সত্রনগৰী বা বৈষ্ণৱপীঠৰ ওপৰত ভাবুকি সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰঞ্জন চেতিয়াৰ দৰে লোকে কীর্তন–নামঘোষাত যীশুৰ নাম সোমোৱাই পৱিত্র শাস্ত্রসমূহ নিঃশেষ কৰাৰ ষড়যন্ত্রই হ’ল ইয়াৰ জ্বলন্ত প্রমাণ৷ এনেধৰণৰ আক্রমণৰ পৰা খিলঞ্জীয়া সনাতন হিন্দু সমাজখনক বচাবলৈ হ’লে ধর্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ আইন প্রণয়ন কৰিব লাগিব৷ ২০০৬ চনতে বিধানসভাত গৃহীত হোৱা মাজুলী সাংস্কৃতিক দৃশ্যপট ক্ষেত্রীয় আইন আজিলৈ ৰূপায়ণ নোহোৱাটো অত্যন্ত দুখজনক আৰু পৰিতাপৰ বিষয়৷ এই আইন ৰূপায়ণ কৰাৰ বাবে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱা হৈছিল৷ আনকি যোৱা ৬ মার্চত নতুন দিল্লীৰ যন্তৰ–মন্তৰত ধর্ণা কার্যসূচীও ৰূপায়ণ কৰা হৈছিল৷ এই আইনখন ৰূপায়ণেহে মাজুলীক সাংস্কৃতিক আক্রমণৰ পৰা ৰক্ষা কৰাত কিছু সকাহ প্রদান কৰিব৷ খ্রীষ্টানসকলে বিভিন্ন প্রলোভনেৰে ধর্মান্তৰকৰণ কৰিলে তেওঁলোকক সাম্প্রদায়িক বুলি কোৱা নহয়, কিন্তু আমি হিন্দুৰ কথা ক’লে আমাক সাম্প্রদায়িক বুলি কোৱা হয়৷ খ্রীষ্টানসকলে জোতা–চেণ্ডেল পিন্ধি বিকৃতভাৱে বিহু প্রদর্শন কৰিছে৷ কৃষ্টি–সংস্কৃতি সুৰক্ষিত হ’লেহে জাতি সুৰক্ষিত হ’ব আৰু জাতি সুৰক্ষিত হ’লেহে মাটি সুৰক্ষিত হ’ব৷’

মাজুলীক বৈষ্ণৱপীঠ হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰি বিশ্ব হিন্দু মহাসংঘ, অসমৰ সভাপতি দেৱগোস্বামীয়ে কয় যে প্রৱঞ্চনা আৰু প্রলোভনেৰে কৰা ধর্মান্তৰকৰণ প্রক্রিয়া কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ সংবাদ মেলত উপস্থিত থকা মহাসংঘৰ সাধাৰণ সম্পাদক বলেন বৈশ্যই কয় যে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা স্থানসমূহত সুযোগ গ্রহণ কৰি খ্রীষ্টান মিছনেৰীসকলে ধর্মান্তৰকৰণ কৰি আহিছে৷ সেয়েহে চৰকাৰী আঁচনিয়ে যাতে ভিতৰুৱা অঞ্চলৰ লোকসকলকো ঢুকি পায়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ইফালে, তালিবানক সমর্থন কৰি একাংশ লোকে সামাজিক মাধ্যমত মন্তব্য কৰাৰ প্রসংগত বৈশ্যই কয় যে অসমতো জেহাদীয়ে টিঘিল–ঘিলাই আছে৷ তালিবানী সমর্থক অসমত গিজগিজাই আছে৷ ইয়াক আমি অৱহেলা কৰা উচিত নহয়৷ আজিৰ সংবাদ মেলখনত বিশ্ব হিন্দু মহাসংঘ, অসমৰ মুখ্য সংগঠন মন্ত্রী প্রদীপ বৰক্ষেত্রীয়, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ধৰণী কলিতা, সম্পাদক ভৈৰৱ নাথ, ভাতৃ সংগঠন হিন্দু যুুৱ–ছাত্র পৰিষদৰ নেতাও উপস্থিত থাকে৷

You might also like