ভগ্ণ হূদয়েৰে আফগানিস্তানক বিদায় জনালে চলচ্চিত্রকাৰ ৰ’য়া হায়দৰীয়ে
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ আফগানিস্তানৰ অতি পৰিচিত চলচ্চিত্র পৰিচালিকা ৰ’য়া হায়দৰী৷ দেশৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আতংকিত এই জনপ্রিয় চলচ্চিত্রকাৰগৰাকী৷ শেহতীয়াকৈ টুইটাৰত নিজৰ এখন আলোকচিত্র প’ষ্ট কৰি ৰ’য়া হায়দৰীয়ে লিখিছে– ‘দেশ ত্যাগ কৰিবলৈ ওলালোঁ৷ দেশৰ বাবে প্রতিবাদৰ কণ্ঠস্বৰ ওভতাই পাম বুলি আশা কৰিয়েই আঁতৰি যাব বিচাৰিছোঁ৷’ দুই হাত বুকুৰ কাষত ৰাখি মাটিৰ ওপৰত বহি আছে ৰ’য়া হায়দৰী৷ মুখত মাস্ক, চকুত আতংক৷ সন্মুখত মাথোঁ এক শূন্য ভৱিষ্যৎ৷
দেশ ত্যাগ কৰাৰ কিছু সময় আগতে এই ছবিখন টুইটাৰত প’ষ্ট কৰি ৰ’য়াই আৰু লিখিছে– মোৰ সমগ্র জীৱন অথলে গ’ল, মোৰ দেশ, মোৰ ঘৰ–বাৰী শেষ হৈ গ’ল৷ মাত্র দেশৰ বাবে নিজৰ মৃত আত্মা আৰু এটা কেমেৰা লগত লৈ ওলাইছোঁ৷ ৰ’য়াৰ এই ছবিখন তোলা হৈছে আফগানিস্তানৰ কাবুল বিমানবন্দৰত৷ ছবিখন দেখি আফগানিস্তানৰ বিশিষ্ট ব্যক্তি তথা মহিলাসকলৰ ভৱিষ্যতক লৈ প্রশ্ণ তুলিছে বিভিন্ন দেশৰ শিল্পী, কলা–কুশলীসকলে৷ তালিবান নিয়ন্ত্রিত আফগানিস্তানৰ পৰিস্থিতি কেনে হ’বলৈ গৈ আছে চলচ্চিত্রকাৰগৰাকী এই টুইটাৰ প’ষ্টে স্পষ্ট কৰি দিছে৷ সাংস্কৃতিক কর্মী, শিল্পী তথা চলচ্চিত্রকাৰসকল বাবে তালিবান অতি হিংস্র৷ গতিকে আফগানিস্তানৰ নামী–দামী কলা–কুশলীসকলে এই মুহূর্তত জন্মভূমিৰ পৰা পলায়ন কৰিবলৈ লৈছে৷ এয়াই আজি আফগানিস্তানৰ বাস্তৱ পৰিস্থিতি৷