তালিবানবিৰোধী দৃষ্টিভংগীৰ মোকাবিলা কৰিবলৈ আফগানিস্তানৰ ইমামক কঠোৰ নির্দেশ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ তালিবান সন্দর্ভত যিকোনো নেতিবাচক প্রতিবেদনৰ মোকাবিলা কৰিবলৈ কট্টৰ ইছলামিষ্ট গোটটোৱে আফগানিস্তানৰ ইমামসকলক কঠোৰ নির্দেশ দিছে৷ শুকুৰবাৰৰ প্রথম নামাজতে তালিবান সন্দর্ভত নেতিবাচক দৃষ্টিভংগী গ্রহণ নকৰিবলৈ ৰাইজক আহ্বান জনাবলৈ ইতিমধ্যে এই নির্দেশনা দিয়া হৈছে৷ তালিবান শাসকক আফগানিস্তানবাসীয়ে মানি লোৱা উচিত বুলি ইমামসকলে শুকুৰবাৰৰ প্রথমটো নামাজত দেশবাসীক আহ্বান জনালে ইয়াৰ ইতিবাচক ফল পোৱা যাব বুলি বিশ্বাস কৰিছে তালিবানে৷ সংবাদ সংস্থা ৰয়টাৰে সদৰী কৰা অনুসৰি তালিবানৰ এনে নির্দেশৰ পিছতে আতংকিত হৈ পৰিছে ইমামসকল৷