প্রযুক্তিৰ অগ্রগতিৰে ভাৰত হ’ব ছুপাৰ পাৱাৰ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ দেশৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে শুকুৰবাৰে ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন’লজী (ডিআইএটি)ৰ শিক্ষার্থী তথা গৱেষকসকলক সম্বোধি কৈছে যে প্রযুক্তিৰ অগ্রগতিৰ জৰিয়তে ভাৰতে ছুপাৰ পাৱাৰ হিচাপে থিয় দিব পাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্রত প্রগতিৰ নতুন পথ গ্রহণ কৰা হ’ব বুলি প্রতিশ্রুতি দিয়াৰ কথাও উল্লেখ কৰে মন্ত্রী সিঙে৷
ইতিমধ্যে প্রতিৰক্ষা মন্ত্রালয়ে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্রত বিভিন্ন উদ্যোগ গ্রহণ কৰা বুলি উল্লেখো কৰে মন্ত্রী সিঙে৷ প্রসংগক্রমে মন্ত্রী সিঙে কয় যে প্রতিৰক্ষা মন্ত্রালয়ে ইন’ভেচন ফৰ ডিফেন্স এক্সিলেঞ্চ (আইডেক্স)ৰ বাবে ইতিমধ্যে এহেজাৰ কোটি টকা আবণ্টন দিছে৷