বল বাজিল ক’ভিড প্রট’কলৰ মাজেৰে ৪ মাহৰ পাছত খুলিল শিক্ষানুষ্ঠান
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ দীর্ঘদিনে বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ক’ভিড প্রট’কলৰ মাজেৰে আজিৰে পৰা পুনৰ খোলা হৈছে৷ প্রায় ৪ মাহৰ বিৰতিৰ অন্তত শিক্ষানুষ্ঠানসমূহত আৰম্ভ হৈছে নিয়মীয়া পাঠদান৷ দ্বাদশ শ্রেণীৰ লগতে স্নাতক–স্নাতকোত্তৰ চূড়ান্ত বর্ষ আৰু কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহত আৰম্ভ কৰা হৈছে নিয়মীয়া পাঠদান৷ অৱশ্যে কেতবোৰ কঠোৰ নীতি–নির্দেশনাৰ মাজেৰেহে এইবাৰ খোলা হৈছে শিক্ষানুষ্ঠানসমূহ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্রকাশ কৰিছিল এখন পৰিপূৰক এছ অ’ পি৷ সেই অনুসৰি ১৮ বছৰৰ ঊর্ধ্বৰ এটা পালি হ’লেও ক’ভিড ভেকচিন লাভ কৰা শিক্ষার্থীকহে নিয়মীয়া পাঠদানৰ বাবে শ্রেণীত উপস্থিত থাকিবলৈ অনুমতি প্রদান কৰা হৈছে৷ দ্বাদশ শ্রেণীত অধ্যয়নৰত শিক্ষার্থীসকল যিহেতু ১৮ বছৰৰ অনূর্ধ্বৰ, সেয়েহে তেওঁলোকৰ ক্ষেত্রত অত্যধিক যতন ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে৷ শিক্ষার্থীসকলৰ উপৰি শিক্ষক আৰু কর্মচাৰীসকলেও গ্রহণ কৰিব লাগিব ক’ভিডৰ ভেকচিন৷
এছ অ’ পি অনুসৰি সোমবাৰে শিক্ষানুষ্ঠানসমূহত এটা শ্রেণীৰ এটা শাখাত সর্বাধিক ৩০জন শিক্ষার্থীক অনুমতি প্রদান কৰা হৈছে৷ ক’ভিড প্রট’কল মানি বিদ্যালয়লৈ শিক্ষার্থীসকল অহা পৰিলক্ষিত হ’ল৷ সকলোৱে মাস্ক পৰিধান কৰি অহাৰ লগতে শ্রেণীকোঠাসমূহত সামাজিক দূৰত্ব মানি শ্রেণীত উপস্থিত থাকে৷ অধিকাংশ শিক্ষানুষ্ঠানত এখন বেঞ্চত দুজনকৈ শিক্ষার্থীক বহাৰ অনুমতি প্রদান কৰে৷ লক্ষণীয় যে এপ্রিল মাহৰ তৃতীয় সপ্তাহৰ পৰা ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহ সম্পূর্ণৰূপে বন্ধ ৰখা হৈছিল৷ এই সময়ছোৱাত ভার্চুৱেল মাধ্যমৰ জৰিয়তে অব্যাহত আছিল পাঠদান৷ ক্রমাৎ ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ সংক্রমণ অধিক তীব্রতৰ হৈ পৰাৰ ফলত ৰাজ্যত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাও অনুষ্ঠিত কৰিব পৰা নাছিল৷ বিকল্প মূল্যায়ন পদ্ধতিৰে দুয়োটা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ সমান্তৰালভাৱে আন শ্রেণীসমূহৰ শিক্ষার্থীসকলক পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে সংশ্লিষ্ট শ্রেণীলৈ উন্নীত কৰা হৈছিল৷ পৰৱর্তী সময়ত তেওঁলোকৰ শ্রেণীও নিয়মীয়াভাৱে আৰম্ভ নহ’ল৷ যাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে বিভিন্ন শ্রেণীৰ বাবে সংকুচিত পাঠ্যক্রম প্রকাশ কৰা হৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পৰা বিদ্যালয়সমূহ খোলাৰ অনুমতি প্রদান কৰা হৈছে যদিও এটা বিশেষ চর্ত বান্ধি দিছে৷ সেই অনুসৰি কোনো এখন জিলাত ক’ভিড আক্রান্তৰ হাৰ দুই শতাংশতকৈ অধিক হ’লেই সংশ্লিষ্ট জিলাৰ উপায়ুক্ত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি নিয়মীয়া পাঠদান বন্ধ কৰিব পাৰিব৷ ক’ভিড আক্রান্তৰ হাৰ দুই শতাংশৰ তললৈ হ্রাস পালে পুনৰ এই জিলাসমূহত বিদ্যালয় খোলাৰ অনুমতি প্রদান কৰিব পাৰিব উপায়ুক্তই৷ শিক্ষানুষ্ঠানসমূহৰ লগতে আজিৰ পৰা খোলা হৈছে হোষ্টেলসমূহ৷ অৱশ্যে ক’ভিড ভেকচিনৰ দুয়োটা পালি লাভ কৰা শিক্ষার্থীকহে হোষ্টেলত থকাৰ অনুমতি প্রদান কৰা হৈছে৷ দ্বাদশ, স্নাতক, স্নাতকোত্তৰৰ চূড়ান্ত বর্ষ আৰু কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ পাঠদান আৰম্ভ হোৱাৰ পাছতহে আন শ্রেণীসমূহৰ পাঠদান পর্যায়ক্রমে আৰম্ভ কৰিব শিক্ষা বিভাগে৷
এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে সম্পূর্ণ ক’ভিড প্রট’কলৰ মাজেৰে আজিৰ পৰা বিদ্যালয়সমূহ খোলা হৈছে৷ বিদ্যালয় কর্তৃপক্ষই জিলা প্রশাসনৰ সহযোগত প্রয়োজনীয় ছেনিটাইজেচনৰ ব্যৱস্থা কৰাৰ লগতে আন ব্যৱস্থাসমূহ গ্রহণ কৰিছে৷ সেয়েহে সুকলমে বিদ্যালয়সমূহত পাঠদান চলি থাকিব বুলি আশা কৰা হৈছে৷ আন শ্রেণীসমূহৰ নিয়মীয়া পাঠদান কেতিয়া আৰম্ভ হ’ব বুলি সোধা প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘বিদ্যালয় খোলা–নোখোলা সন্দর্ভত প্রথম নির্দেশনা স্বাস্থ্য বিভাগৰ পৰা আহে৷ তাৰ পাছত আমি পৰিপূৰক এছ অ’ পি প্রকাশ কৰোঁ৷’
অৱশ্যে শীঘ্রে আৰু পর্যায়ক্রমে আন শ্রেণীসমূহৰ পাঠদানো ৰাজ্যত আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ কিয়নো ধাৰাবাহিকভাৱে ৰাজ্যত উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ বিগত কেইবাদিনো ধৰি ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ ধাৰাবাহিকভাৱে হ্রাস পাই আহিছে৷ ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ একেৰাহে এক শতাংশৰ তললৈ হ্রাস পাইছে৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যত আন বহু সেৱাৰ ক্ষেত্রত নীতি–নির্দেশনা শিথিল কৰা হৈছে৷ হ্রাস কৰা হৈছে সান্ধ্য আইনৰ সময়৷ ইয়াৰ লগে লগে পৰা বিদ্যালয় খোলাৰ লগে লগে শিক্ষার্থীসকলৰ মাজতো আশাৰ সঞ্চাৰ হৈছে৷ কিয়নো অনলাইন শিক্ষা ব্যৱস্থা ক’ভিডৰ বাবে প্রৱর্তন কৰা হৈছে যদিও ইয়াৰ পৰা বহু শিক্ষার্থী উপকৃত হ’ব পৰা নাই বুলি সঘন অভিযোগ উত্থাপন হৈ আহিছে৷