নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা খেলো ইণ্ডিয়া য়ুথ গেমছ, মুখ্যমন্ত্রী সোণোৱালে কৰিব উদ্বোধন

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনে ৰাজ্যৰ চৌদিশ উত্তাল কৰি ৰখাৰ সময়তে আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’বলগীয়া বৃহৎ প্রতিযোগিতাখন শুকুৰবাৰে সন্ধিয়া কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু অসম গৌৰৱ তাৰকা দৌৰবিদ হিমা দাসো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব৷

দেশৰ যুৱ প্রজন্মৰ মাজত ক্রীড়াৰ এক সুস্থ বাতাৱৰণ সৃষ্টিৰ লক্ষ্যৰে তিনি বছৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তত্ত্বাৱধানত কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ উপলক্ষে ইতিমধ্যে গুৱাহাটী উদুলি–মুদুলি হৈ পৰা দেখা গৈছে৷ বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলৰ আগমনক কেন্দ্র কৰি সমগ্র মহানগৰীত ক্রীড়াৰ এক অভূতপূর্ব পৰিৱেশ বিৰাজ কৰিছে৷

মন কৰিবলগীয়া যে খেলুৱৈৰ সংখ্যাৰ হিচাপত দেশৰ সর্ববৃহৎ প্রতিযোগিতা হিচাপে চিহ্ণিত ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৬,৮০০গৰাকী তৰুণ এথলীটে প্রতিদ্বন্দ্বিতাত নামিব৷

উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থাকিব বুলি প্রায় এমাহ পূর্বৰে পৰা ৰাজ্য চৰকাৰ আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে আশা প্রকাশ কৰিছিল যদিও শেষমুহূর্তত তেওঁ গুৱাহাটীলৈ নহাটো নিশ্চিত হয়৷ তেওঁৰ অনুপস্থিতিত কেন্দ্রীয় ক্রীড়ামন্ত্রী ৰিজিজু আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে খেলো ইণ্ডিয়া য়ুথ গেমছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷

You might also like