নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰজগতৰ বাহিৰত আৱিষ্কৃত গ্রহত থাকিব পাৰে জীৱৰ অস্তিত্ব

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: সৌৰজগতৰ বাহিৰত নতুন কেইবাটাও গ্রহৰ সন্ধান লাভ কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ এই গ্রহবোৰত জীৱৰ উপযোগী পৰিৱেশ থকা বুলি ধাৰণা কৰা হৈছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সম্প্রতি পৃথিৱীৰ পৰা বহু আলোকবর্ষ দূৰত এই গ্রহবোৰৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ আৱিষৃকত এই গ্রহবোৰক কোৱা হয় হাইছিয়ান এক্স’প্লেনেট৷

সৌৰজগতৰ বাহিৰৰ অন্যান্য নক্ষত্রক প্রদক্ষিণ কৰি থকা গ্রহবোৰক কোৱা হয় এক্স’প্লেনেট৷ হাইছিয়ান এক্স’প্লেনেটৰ অর্থ হৈছে হাইড্র’জেন অ’চেন মিলি সৃষ্টি হোৱা সৌৰজগতৰ বাহিৰৰ গ্রহ৷ অর্থাৎ হাইড্র’জেন আৰু সমুদ্র আছে এই গ্রহবোৰত৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি বর্তমানলৈকে চাৰি সহস্রাধিক এক্স’প্লেনেটৰ সন্ধান পোৱা গৈছে৷ নাছাৰ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি প্রতিটো সৌৰ মণ্ডলত প্রায় এক লাখ কোটি সূর্য আছে আৰু বিশ্ব ব্রহ্মাণ্ডত সৌৰজগত আছে প্রায় এক লাখ কোটি৷ গতিকে এই বিশ্ব ব্রহ্মাণ্ড কিমান বিশাল হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ অৱশ্যে জ্যোতির্বিজ্ঞানীসকলে কেৱল ধাৰণাহে কৰিছে যে পৃথিৱীসদৃশ জীৱৰ অস্তিত্ব থকা অসংখ্য গ্রহ আছে৷ কিন্তু এই গ্রহবোৰৰ পৰিৱেশ সন্দর্ভত এতিয়াও সঠিক গৱেষণা চলা নাই৷

হাব’ল টেলিস্কোপৰ জৰিয়তে মাথোঁ কিছুসংখ্যক সৌৰজগতৰ বাহিৰৰ গ্রহক দেখিবলৈ পোৱা গৈছে৷ যেতিয়া কোনো গ্রহ সূর্যৰ সন্মুখেৰে পাৰ হৈ যায় তেতিয়া সেই গ্রহক দেখিবলৈ পোৱা যায়৷ স্মর্তব্য যে ১৯৯০ৰ দশকৰ পৰাই সৌৰজগতৰ বাহিৰৰ গ্রহৰ ওপৰত গৱেষণা চলাই আহিছে জ্যোতির্বিজ্ঞানীসকলে৷ এই গৱেষণা আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্ব ব্রহ্মাণ্ডত পৃথিৱীৰ জীৱকুল অকলশৰীয়া নহয় বুলি ধাৰণা কৰিবলৈ লৈছে বিজ্ঞানীসকলে৷

You might also like