নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফল খোৱাৰ পিছত পানী খোৱা উচিতনে?

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ আপুনি বাৰু যিকোনো ফল খোৱাৰ পিছত পানী খায় নেকি? যদিহে খায়, তেন্তে আজিৰে পৰা এই বদ–ভ্যাস ত্যাগ কৰক৷ কিয়নো ইয়াৰ কাৰণে পেটৰ বিষ হ’ব পাৰে৷ কেতিয়াবা ফল খোৱাৰ পিছত পানী খোৱাৰ কাৰণে পেটটো ফুলি থকা যেন অনুভৱ হয়৷ পাকস্থলীৰ পৰা মুখেৰে মৰা উগাৰৰ যোগেৰে অথবা অন্ত্রৰ পৰা গুহ্যদ্বাৰেৰে গেছ হৈ ওলাই যাব পাৰে৷ আয়ুর্বেদ শাস্ত্র মতে, আমি যিকোনো ফল গ্রহণ কৰাৰ পিছত পানী খাব নালাগে৷ প্রকৃততে যিকোনো আহাৰ গ্রহণ কৰাৰ ঠিক আগতে বা পিছত পানী খোৱা অনুচিত৷ কিয়নো পেটত থকা এচিডৰ খাদ্যৰ ওপৰত কৰা ক্রিয়া পানীয়ে বিনষ্ট কৰে৷ ফলত হজমত সমস্যা হয়৷

গৰমৰ দিনত পানী যথেষ্ট পৰিমাণে খোৱা হয়৷ লগতে ফলৰ ৰসো গ্রহণ কৰা হয়৷ কিন্তু গোটা ফল খাই পানী খোৱা অনুচিত৷ প্রতিটো ফলতে যথেষ্ট পৰিমাণৰ চেনি থাকে৷ যাক মধু শর্কৰা বা ফল শর্কৰা বোলা হয়৷ কেঁচা ফলতকৈ এই শর্কৰা পকা ফলত বেছিকৈ থাকে৷ ফলত থকা আন এটা উপাদান হৈছে ইষ্ট৷ ই পেটত থকা এচিড তৰল কৰে৷ ফলত পেটৰ ভিতৰত কার্বন–ডাই–ক্সাইড উৎপন্ন হৈ গেছৰ সৃষ্টি কৰে৷ সেয়ে যিকোনো আহাৰ গ্রহণ কৰাৰ এঘণ্টা পিছতহে পানী খাব লাগে৷ আয়ুর্বেদ চিকিৎসাত এই নিয়ম পালন কৰাত সর্বাধিক গুৰুত্ব দিছে৷

আয়ুর্বেদত হজম কৰা ক্ষমতাক ‘অগ্ণি’ বুলি কোৱা হয়৷ পানীয়ে এই অগ্ণি ক্ষমতা প্রশমিত কৰে৷ বিশেষকৈ কল খোৱাৰ পিছত কোনো কাৰণতে পানী খাব নালাগে৷ কিয়নো বদহজম হোৱাৰ বহু সম্ভাৱনা আছে৷ অত্যন্ত খাব লগা হ’লে ২০ মিনিটৰ পিছতহে পানী খাব লাগে৷ পানীয়ে আমাৰ পেটৰ পি এইচৰ লেভেলৰ ক্ষতি কৰে৷ কিয়নো মানুহৰ পেটত গেছ হোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা মুখ্য কাৰণ হৈছে– পেটৰ হজমৰ এচিডৰ লেভেল কম হোৱাটো৷ পানীয়ে খাদ্য হজম কৰাত ব্যাঘাত জন্মায়৷ আনহাতে, খাদ্যৰ পৰা পাব লগা খাদ্যপ্রাণো সঠিকভাৱে শৰীৰে লাভ নকৰে৷ যিহেতু আপুনি খাদ্যগ্রহণ কৰিছে আপোনাৰ শৰীৰৰ বাবে, সেয়ে এনে অভ্যাস পৰিত্যাগ কৰক– যিয়ে শৰীৰৰ ক্ষতি কৰে৷

You might also like