নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত একে গাঁৱৰ তিনি যুৱক সন্ধানহীনঃ খোৱাঙতো এগৰাকী কিশোৰী–দুই মহিলা নিখোজ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ আলফা (স্বাধীন)ক শান্তি আলোচনাৰ মেজলৈ অনাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজেই পৰেশ বৰুৱাৰ লগত কথা পতাৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰাৰ সময়তে উজনিত একাংশ যুৱকৰ আলফালৈ গমন হোৱাৰ বাতৰিয়ে সকলোকে সচকিত কৰি তুলিছে৷

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ‘জয় আই অসম’ আৰু বাই বাই লিখি ডিব্রুগড় জিলাৰ একেখন গাঁৱৰে তিনিজন যুৱক নিৰুদ্দিষ্ট হোৱা ঘটনাই স্বাভাৱিকতে সকলোৰে মনত খুঁদুৱনি লগাইছে৷ সেয়ে উক্ত নিৰুদ্দিষ্ট যুৱকৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে আলফালৈ যোৱাৰ সন্দেহ প্রকাশ কৰিছে৷ জানিব পৰা মতে, ডিব্রুগড়ৰ বৰবৰুৱা থানাৰ অন্তর্গত লেজাই লালমাটি তিনিচুকীয়া গাঁৱৰ কমল সোণোৱাল (২১), ধনঞ্জয় সোণোৱাল ওৰফে বাখৰ (১৬) আৰু সুমন সোণোৱাল (১৭) যোৱা চাৰি দিন ধৰি নিৰুদ্দিষ্ট হৈ থকাত পৰিয়াল আৰু গাঁওবাসী চিন্তিত হৈ পৰিছে৷সুমন সোণোৱাল আৰু একে পৰিয়ালৰ কমল সোণোৱালে মৰাণৰ ঔফুলীয়াত বন্ধুৰ ঘৰত বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে যোৱা বুলি সোমবাৰে পুৱা প্রায় ৬ বজাতে ওলাই যায়৷

আনহাতে, ধনঞ্জয় সোণোৱাল ওৰফে বাখৰে কলেজলৈ বুলি পুৱা প্রায় ৬.৩০ বজাত ওলাই গৈছিল৷ সুমন আৰু ধনঞ্জয় ডিব্রুগড়ৰ চিটী মহাবিদ্যালয়ৰ দ্বাদশ শ্রেণীৰ ছাত্র আছিল৷ কিন্তু তিনিও যুৱক উক্ত দিনাৰ পৰাই সন্ধানহীন হৈ থকাত আৰু ছ’চিয়েল মিডিয়াৰ ষ্টেটাছত সন্দেহজনক বক্তব্য দিয়া কার্যই সকলোকে চিন্তিত কৰি তুলিছে৷ তিনিওজন যুৱক গাঁওখনৰ অতি আদৰৰ লগতে দৰিদ্র পৰিয়ালকেইটাৰ এজনীয়া সন্তান আছিল৷ আত্মীয়সকলে বিভিন্ন স্থানত সন্ধান কৰি বিফল হোৱাৰ লগতে মৰাণৰ ঔফুলীয়াত কোনো বিবাহ অনুষ্ঠান নথকাত আৰু তিনিওজনৰে ম’বাইল বন্ধ হৈ থকাত এক শোকস্তব্ধ পৰিৱেশ সৃষ্টি হৈছে গাঁওখনত৷ তিনিওজন যুৱকে ছ’চিয়েল মাধ্যমত বিভিন্ন সময়ত নিষিদ্ধঘোষিত সংগঠনৰ কার্যকলাপ সন্দর্ভত সমর্থনমূলক পোষ্ট দি অহা বুলি স্থানীয় ৰাইজে অৱগত কৰিছে৷ তেনে ক্ষেত্রত পৰিয়াল তথা পিতৃ–মাতৃয়ে হাতযোৰ কৰি আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্রতি কাতৰ আহ্বান জনাইছে তিনিগৰাকী মাতৃৰ বুকু উকা নকৰিবলৈ৷ ইতিম্যেই ডিব্রুগড় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এইপর্যন্ত কোনো সন্ধান নাই তিনিওজন যুৱকৰ৷

You might also like