নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মপ্রকাশ কৰিয়ে অক্টোবৰত বোমা বিস্ফোৰণেৰে ৰক্তাক্ত কৰাৰ ভাবুকি দিয়া ১০ ইউএলবি কেডাৰ গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ নতুনকৈ আত্মপ্রকাশ কৰা আৰু অসমত অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি দিয়া ইউনাইটেড লিবাৰেচন ফৰ বডোলেণ্ড (ইউ এল বি) নামৰ সশস্ত্র সংগঠনটোৰ ১০ জনকৈ দুর্ধর্ষ কেডাৰক গ্রেপ্তাৰ কৰা হৈছে৷

বিগত তিনিটা দিনত বিটিআৰত অসম আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযান চলাই সুকীয়া সুকীয়া স্থানত দহজনকৈ ইউএলবিৰ সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰে কোকৰাঝাৰ জিলাত ৮জন, চিৰাঙত এজন আৰু বাস্কা জিলাত এজনক গ্রেপ্তাৰ কৰা বুুুলি  সদৰী কৰিছে বিটিআৰৰ বিশেষ আইজিপি এল আৰ বিষ্ণয়ে৷

ধৃত কেইজন হ’ল কোকৰাঝাৰ জিলাৰ ক্রমে আনন্দ নার্জাৰী ওৰফে আব্রা (কচুগাঁও), সাজাৰাম ব্রহ্ম ওৰফে ৰোমাই (বগৰীবাৰী), দৈদেন ব্রহ্ম (বগৰীবাৰী), প্রশান্ত বিছমিথ (কাজিগাঁও), ৰাহুল ব্রহ্ম (কাজিগাঁও), অর্জুন ব্রহ্ম (কাজিগাঁও), ধনবিৰ ব্রহ্ম (কাজিগাঁও) আৰু সুমন কুমাৰ ব্রহ্ম(বগৰীবাৰী)৷

আনহাতে চিৰাঙত ইউএলবিৰ স্বয়ম্ভু কমাণ্ডৰ ৰিংখাঙ বসুমতাৰী আৰু বাস্কা জিলাত দানসাৰাং ব্রহ্মনামৰ এজন কেডাৰক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা বডো ভাষাৰ ২১খন ধন দাবী পত্র, ১২টা ম’বাইল ছেট আৰু এটা হেণ্ড গ্রেনেড, ডায়েৰী আৰু এখন কেডাৰৰ তালিকা উদ্ধাৰ কৰিছে৷

উল্লেখ্য যে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত এখন সংবাদ মেলত বিটিআৰৰ বিশেষ আইজিপি এল আৰ বিষ্ণুই বিটিআৰত নতুনকৈ আত্মপ্রকাশ কৰা ইউ এল বি সংগঠনত ২২জনকৈ সদস্য জডিত থকাৰ এক তথ্য আৰক্ষীৰ হাতত পৰা বুলি জানিবলৈ দি কয় যে ইয়াৰে ১০জনক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষী বিষয়াগৰাকীয়ে এয়া বিটিআৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সাফল্য বুলিও দাবী কৰে৷

আনহাতে সামৰিক পোছাক পৰিধান কৰি ইউএলবিৰ জন্মৰ ভাইৰেল ভিডি’ ফুটেজত দহজনৰ ছয়জনকে আৰক্ষীয়ে চিনাক্ত কৰিছে আৰু ইয়াৰে দুজনক কৰায়ত্ত কৰাৰ কথা সদৰী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে৷ সংবাদ মেলখনত নৱগঠিত ইউএলবি সংগঠনটোত ১০টা মাৰণাস্ত্রৰ ভিতৰত ছটা অত্যাধুনিক অস্ত্র থকা দাবী কৰিছে আৰু দলটোৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলি থাকিববুলি এল আৰ বিষ্ণুই সদৰী কৰে৷ শান্তি চুক্তি সম্পাদনাৰ পিছতো পুনৰ সশস্ত্র সংগঠন ইউএলবিৰ জন্মই জনতাৰ মাজত আতংকৰ সৃষ্টি কৰা বুলিও শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্রকাশ কৰে৷

লগতে জনতাক আইনবিৰোধী চক্রটোৰ খবৰ পোৱা মাত্রেই পুলিচক সহায় কৰা আৰু ভুৱা বার্তা বিয়পোৱা কার্যকলাপ বন্ধ কৰাৰ আহ্বান জনায়৷ সংবাদ মেলত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰ, চিআৰপিএফ ডিআইজি জয়দেৱ কেশৰী আৰু ১২৯ নং চিআৰপিএফৰ অধিনায়ক গুলাৱ সিং উপস্থিত থাকে৷

You might also like