নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত মাটি দখলেই নহয়, মানুহ ৰপ্তানিৰো কাম চলিছেঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ধলপুৰৰ ঘটনাক লৈ কংগ্রেছ, এ আই ইউ ডি এফকে ধৰি একাংশ ৰাজনৈতিক দলে গ্রহণ কৰা ভূমিকাক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কংগ্রেছে অসমীয়া আৰু ভাৰতক দুর্বল কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান মাটি দখলেই নহয়, মানুহ ৰপ্তানিৰো নতুন কাম চলি আছে৷ কংগ্রেছৰ মানুহে এই কাম কৰি আছে৷

গৰুখুঁটিক লৈ ৰাহুল গান্ধীয়ে কৰি অহা টুইটক কটাক্ষ কৰি ড০ শর্মাই কয় যে ১৯৬২ চনত কংগ্রেছে অসমক যিদৰে বিদায় দিছিল, এতিয়া অসমীয়াক বিদায় দি দিলে৷ ৰাহুল গান্ধীয়ে টুইটত অসমীয়া মানুহৰ কথাও ক’ব লাগিছিল৷ ৰাহুল গান্ধীৰ কোনো স্থানত ৭৭ হাজাৰ বিঘা মাটি আছে নেকি বুলি প্রশ্ণ কৰি ইমান মাটি থকা লোক কেনেকৈ দুখীয়া হ’ল বুলি তেওঁ উল্লেখ কৰে৷ 

মুখ্যমন্ত্রী ড০ শর্মাৰ মতে হয় কংগ্রেছে অসমীয়াৰ কথা বুজিব খোজা নাই, নহ’লে অসমীয়াক বিদায় দিব বিচাৰিছে৷ তেওঁলোকে ভাবিছে অহা ১০ বছৰৰ ভিতৰত অসমীয়া যিহেতু সংখ্যালঘু হৈ যাব, সেয়ে তেওঁলোকে ১০ বছৰ অপেক্ষা কৰিব, ১০ বছৰলৈ তেওঁলোকক চৰকাৰ নালাগে৷ সেইদৰে গৰুখুঁটিক লৈ যিবোৰ ৰাজনৈতিক দলে প্রতিবাদী কার্যসূচী ল’ব, বুজা যাব সেইসকল লোক খিলঞ্জীয়াৰ লগত নাই৷ অসমীয়া জাতি সত্তাৰ লগত নাই৷

সম্প্রতি অসমত প্রত্যেক ৫ বছৰত নির্দিষ্ট দুটাকৈ সমষ্টি ধ্বংস কৰাৰ পৰিকল্পনা চলাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এটাৰ পাছত এটা সমষ্টিলৈ মানুহ ৰপ্তানি কৰাৰ কাম চলি আছে৷ বৰছলা সমষ্টি বর্তমান টার্গেট কৰিছে৷ ধিং আৰু ৰূপহীৰ মানুহ বর্তমান সমষ্টিটোলৈ আহিবলৈ আৰম্ভ কৰিছে৷ গুপ্তেশ্বৰ মন্দিৰৰ কাষৰ মাটি দখল কৰিছে৷ এই লোকসকল মূলতঃ ৰূপহী, ধিং, লাহৰীঘাটৰ পৰা অহা৷ ছিপাঝাৰৰ গৰুখুঁটিলৈ যিসকল লোক আহিছে, সেইসকলৰ সৰহভাগেই দলগাঁও, মঙলদৈ, বাঘবৰ, সৰুক্ষেত্রী আদিৰ পৰা অহা৷ কংগ্রেছৰ বিধায়কসকলেও এই বিষয়ে জানে৷ যাৰ বাবে চৰকাৰে বিচৰা সত্ত্বেও বেদখলকাৰীসকলে তেওঁলোকৰ তালিকা নিদিয়ে৷ কাৰণ তালিকা দিলেই ওলাই পৰিব তেওঁলোক প্রকৃততে ভূমিহীন নে ৰাজ্যৰ আন কোনো স্থানত তেওঁলোকৰ মাটি আছে৷ প্রত্যেক পাঁচ বছৰত তেওঁলোকে দুটাকৈ সমষ্টি নির্দিষ্ট কৰি লয় সমষ্টি দুটা ধ্বংস কৰাৰ বাবে৷ সেই লক্ষ্য আগত ৰাখিয়েই এতিয়া মানুহ ৰপ্তানিৰ কাম আৰম্ভ কৰিছে৷

You might also like