নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাই উপাধি চাইহে গাৰ কাপোৰ ফালেঃ মন্ত্রী পীয়ূষ হাজৰিকা

 নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি গৰুখুঁটি–ধলপুৰ কাণ্ডক লৈ প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে ছিপাঝাৰত শনিবাৰে উপস্থিত হয় মন্ত্রী পীয়ূষ হাজৰিকা৷ মন্ত্রী হাজৰিকাই পোনে পোনে গৰুখুঁটি কৃষি প্রকল্পৰ স্থলীত উপস্থিত হৈ দুদিন পূর্বে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বুজ লয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বতেই গৃহহীন লোকসকলক ভূমি আবণ্টন দিয়া হ’ব বুলি উল্লেখ কৰাৰ পাছত উক্ত দিনা বেদখলকাৰীসকলে কিয় আক্রমণাত্মক ৰূপ ল’লে, তাক লৈ মন্ত্রী হাজৰিকাই উদ্বিগ্ণতা প্রকাশ কৰে৷ আনকি উক্ত দিনাও জিলা প্রশাসনৰে বেদখলকাৰীৰ আলোচনা হোৱাৰ পাছতো আৰক্ষীক এনেদৰে দলবদ্ধ আক্রমণ কৰাটো সমীচীন হোৱা নাই বুলিও মন্তব্য কৰে তেওঁ৷

ইফালে শুকুৰবাৰে প্রতিবাদৰ নামত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই গাৰ চোলা ফলা কার্যক তীব্র কটাক্ষ কৰে মন্ত্রী হাজৰিকাই৷ ভূপেন বৰাই উপাধি চাইহে গাৰ কাপোৰ ফালে বুলি তির্যক মন্তব্য কৰি ছিপাঝাৰৰ কুৰুৱাত আনন্দ দাসৰ হত্যাৰ সময়ত ভূপেন বৰাই কিয় গাৰ কাপোৰ খোলা নাছিল বুলিও প্রশ্ন তোলে৷ এইক্ষেত্রত কিছুমান বিশেষ উপাধিৰ মানুহৰ ক্ষেত্রতহে গাৰ কাপোৰ খোলা ভূপেন বৰাই দাস, গোস্বামী, কলিতা আদি উপাধিৰ লোকৰ ক্ষেত্রত মৌন হৈ থাকে বুলিও মন্ত্রী হাজৰিকাই তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে৷ উক্ত অঞ্চলত ৰূপায়ণ হৈ থকা গৰুখুঁটি কৃষি প্রকল্পৰ কাম–কাজ পৰিদর্শন কৰি চৰকাৰী ভূমিত চলা বেদখল উচ্ছেদ হ’বই বুলিও দোহাৰে মন্ত্রী হাজৰিকাই৷

You might also like