নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ নিযুক্তি পৰীক্ষা বাতিল পুনৰ পাতিব পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ব্যাপক অনিয়ম আৰু ধনৰ লেনদেনৰ জৰিয়তে অনুষ্ঠিত হোৱা এ পি ডি চি এলৰ ক্ষেত্র সহায়ক পদৰ নিযুক্তি পৰীক্ষা অৱশেষত বাতিল হ’ল৷ যোৱা সময়ছোৱাত এ পি ডি চি এলক এই নিযুক্তি পৰীক্ষাক লৈ উঠা অভিযোগৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই ব্যাপক অভিযান চলাইছিল৷ এই অভিযানৰ অংশস্বৰূপে কালি এ পি ডি চি এলৰ অ’ এছ ডিসহ ১০জনকৈ লোকক তদাৰকী শাখাই গ্রেপ্তাৰ কৰাৰ পাছত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশত এই নিযুক্তি পৰীক্ষা বাতিল কৰা হয়৷

এই সন্দর্ভত আজি মুখ্যমন্ত্রীয়ে কয় যে এ পি ডি চি এলৰ পৰীক্ষাৰ দায়িত্বত থকা লোকসকলে প্রার্থীৰ সৈতে সঘনাই ফোনযোগে যোগাযোগ কৰিছিল৷ ২৭৮জন প্রার্থীৰ সৈতে এই লোকসকলে যোগাযোগত আছিল৷ সেয়াই নহয়, তদন্তকাৰী দলে আজি অভিযানকালত পৰীক্ষাৰ মূল্যায়ন সমিতিৰ সদস্যৰ ঘৰত আৰক্ষীয়ে পৰীক্ষাৰ উত্তৰবহী আৰু প্রশ্ণকাকত উদ্ধাৰ কৰিছে৷ তদুপৰি এই পৰীক্ষাৰ বহীসমূহ চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে এ পি ডি চি এলে এখন বুজাবুজি চুক্তি কৰিছিল৷ উক্ত চুক্তি অনুসৰি বিশ্ববিদ্যালয়ে পৰীক্ষাৰ বহীসমূহ মূল্যায়নৰ বাবে যি এজেন্সীক দায়িত্ব দিছিল, সেই এজেন্সীটোৱেই পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ সেয়েহে এ পি ডি চি এলৰ পৰীক্ষা ব’ডক নির্দেশ দিয়া হৈছে যে এই পৰীক্ষা বাতিল কৰি নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰক৷ উল্লেখ্য যে ২০১৯ চনত ১,৬০০টা ক্ষেত্র সহায়কৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও এই নিযুক্তি পৰীক্ষাত সৃষ্টি হৈছিল বৃহৎ কেলেংকাৰি৷ ব্যাপক খেলিমেলি আৰু কেলেংকাৰিৰে অনুষ্ঠিত এই পৰীক্ষাক লৈ ৰাজ্যপালৰ ওচৰতো অভিযোগ দাখিল হৈছিল৷

উক্ত অভিযোগৰ ভিত্তিতেই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে তদন্ত আৰম্ভ কৰে৷ যোৱা ১৫ ছেপ্ঢেম্বৰত তদন্তকাৰী দলে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলোৱাৰ লগতে ১৬ ছেপ্ঢেম্বৰত বিজুলী ভৱনতো কেইবাঘণ্টা ধৰি নিযুক্তি প্রক্রিয়াৰে জড়িত বিষয়াসকলৰ ভাষ্য লিপিবদ্ধ কৰিছিল৷ তদন্তকাৰী দলে কালি অভিযান চলাই এ পি ডি চি এলৰ অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া দীপাংকৰ দিহিঙীয়াকে ধৰি ১০জন লোকক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ হোৱাসকলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰো কেইবাজনো কর্মচাৰী আছে৷ আজি গ্রেপ্তাৰ হোৱা আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷ মন কৰিবলগীয়া যে দীপাংকৰ দিহিঙীয়াৰ ঘৰত অভিযান চলাওঁতে উদ্ধাৰ হয় পৰীক্ষাৰ উত্তৰবহী আৰু বহু আপত্তিজনক নথি–পত্র৷ আনহাতে এ পি ডি চি এলৰ মুখ্য মহাপ্রবন্ধক আতাউৰ ৰহমান এতিয়াও পলাতক অৱস্থাত আছে৷ তদন্তকাৰী দলে জানিবলৈ দিয়া অনুসৰি নিযুক্তি পৰীক্ষাৰ উত্তৰবহীসমূহ যি বাকচত ভৰাই থোৱা আছিল, সেই বাকচৰ চাবি এতিয়ালৈ এ পি ডি চি এলে অভিযানকাৰী দলক গতাই দিব পৰা নাই৷ অচিৰেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন কেইবাজনো বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷

You might also like