নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ শ্রীমদ্ভাগৱত গীতাৰ ওপৰত এলানি বত্তৃণতাৰ আয়োজন কৰিছে অসম বিশ্ববিদ্যালয়ে৷ শ্রীৰবিন্দৰ চিন্তাধাৰাৰ আধাৰত শ্রীমদ্ভাগৱতৰ সার্বজনীন বার্তা শীর্ষক এই বক্তৃতা প্রদান কৰিব সাহিত্য অকাডেমিৰ অনুবাদক বঁটা বিজয়ী চিন্তাবিদ দিগন্ত বিশ্ব শর্মাই৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বার্ষিকী আৰু ঋষি অৰবিন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এই বত্তৃণতা অনুষ্ঠানৰ আয়োজন কৰিছে অসম বিশ্ববিদ্যালয়ে৷ ২২৫ ঘণ্টাজোৰা এই বত্তৃণতা অনুষ্ঠানটো বিভক্ত কৰা হৈছে ১৫০টা ছেচনত৷ এই সমগ্র বত্তৃণতা অনুষ্ঠানটোত শ্রীমদ্ভাগৱত সম্পর্কত ঋষি অৰবিন্দৰ দর্শন সন্দর্ভত ভাষণ প্রদান কৰিব দিগন্ত বিশ্ব শর্মাই৷
উল্লেখ্য যে দেশৰ বিশ্ববিদ্যালয়ৰ ইতিহাসত এইটোৱেই হ’ব সবাতোকৈ দীর্ঘ বত্তৃণতা অনুষ্ঠান৷ ইয়াৰ পূর্বে দিগন্ত বিশ্ব শর্মাই অসম বিশ্ববিদ্যালয়ত ঋষি অৰবিন্দৰ ভাৰতীয় সংস্কৃতি বিষয়ক এক দীর্ঘম্যাদী বিদ্যায়তনিক বত্তৃণতা অনুষ্ঠানত অংশগ্রহণ কৰি আহিছে৷ ভাৰতীয় সংস্কৃতি শীর্ষক ঋষি অৰবিন্দৰ গ্রন্থৰ অনুবাদৰ বাবে চলিত বর্ষৰ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে ঋষি অৰবিন্দ দর্শনৰ বিশিষ্ট প্রবক্তাজনে৷ উল্লেখ্য যে অসম বিশ্ববিদ্যালয়ৰ শ্রীমদ্ভাগৱত গীতা সম্পর্কীয় বত্তৃণতা অনুষ্ঠানত দেশ–বিদেশৰ বিদ্যার্থীয়ে অংশগ্রহণ কৰিব৷