ৰাজ্যসভালৈ নির্বাচিত সর্বানন্দ সোণোৱাল
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ৰাজ্যসভাত অসমৰ পৰা খালী হোৱা একমাত্র আসনখনৰ বাবে বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হ’ল কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ সোমবাৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে অসম বিধানসভাৰ সচিবালয়ত নির্বাচনী ৰিটার্নিং বিষয়াৰ পৰা আনুষ্ঠানিকভাৱে নির্বাচিত হোৱাৰ প্রমাণ–পত্র সংগ্রহ কৰে৷
উল্লেখ্য যে মাজুলী সমষ্টিৰ পৰা শেহতীয়াকৈ নির্বাচিত হোৱা প্রাক্তন মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন্ত্রীসভাত কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰিছিল৷ এনে অৱস্থাত সোণোৱালে লোকসভা বা ৰাজ্যসভাৰ সাংসদ হোৱাটো প্রয়োজনীয় হৈ পৰিছিল৷
সেই অনুসৰিয়েই অসমৰ পৰা খালী হোৱা একমাত্র আসনখনৰ বাবে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই সোণোৱালক প্রক্ষেপ কৰাৰ পাছত সোমবাৰে বিনাপ্রতিদ্বন্দ্বিতাৰে তেওঁ নির্বাচিত হয়৷ সোমবাৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রমাণ–পত্র সংগ্রহত তেওঁক সংগ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতাই৷
ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ পাছতে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি সোণোৱালে কয়– ৰাজ্যসভা নির্বাচনৰ নির্বাচনী বিষয়াই অন্য প্রার্থী নথকাৰ বাবে মোক বিনাপ্রতিদ্বন্দ্বিতাৰে জয় হোৱাৰ প্রমাণ–পত্র প্রদান কৰে৷ ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ বাবে মই প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
আনহাতে, এই নির্বাচনত জয় হোৱাৰ বাবে শক্তিশালী ভূমিকা গ্রহণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে দলৰ মন্ত্রী–বিধায়ক–সাংসদ আৰু বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ইয়াকো কয়– ৰাইজৰ আশা–আকাংক্ষাক আন্তৰিকতাৰে বাস্তৱ ৰূপ দিয়াৰ লগতে ৰাষ্ট্র নির্মাণৰ যাত্রাত অৰিহণা আগবঢ়োৱাৰ বাবে মই বদ্ধপৰিকৰ৷ এই গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্রত ৰাইজৰ স্নেহাশিস কামনা কৰিছোঁ৷ ইফালে, সোণোৱালক ৰাজ্যসভালৈ নির্বাচিত হোৱাত ৰাজ্যিক বিজেপিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক বিবৃতিত দলৰ সভাপতি ভৱেশ কলিতাই সোণোৱালক অভিনন্দন জনাই কয় যে আগন্তুক দিনবোৰত ৰাষ্ট্রৰ হকে সেৱাৰ মনোভাবেৰে নিৰন্তৰভাৱে কাম কৰি যাবলৈ ভগৱানে সর্বানন্দ সোণোৱালক অধিক শক্তি প্রদান কৰক৷