গান্ধী মণ্ডপত জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গান্ধী মণ্ডপত উপস্থিত হৈ গান্ধীজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানটোত ড০ শৰ্মাই কয় যে মহাত্মা গান্ধীৰ বৰ্ণিল স্মৃতিক সামৰি ঐতিহাসিক গান্ধী মণ্ডপ পুনঃনিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। অহাবছৰৰ ২ অক্টোবৰৰ পূৰ্বে এই প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক আহ্বান জনায়।
ইপিনে শৰণীয়া পাহাৰত থলুৱা লোকসকলৰ বাদে বহুলোকে আন ঠাইৰ পৰা আহি অবৈধভাৱে বসবাস কৰাৰ লগতে অবিজ্ঞান সন্মতভাৱে ঘৰ নিৰ্মাণ কৰিছে। পাহাৰখনৰ নান্দনিক পৰিৱেশ নষ্ট কৰা সেইলোকসকলৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি গান্ধী মণ্ডপ বছৰৰ সকলো সময়তে যাতে দৰ্শনাৰ্থীৰ বাবে খোলা থাকে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সময়ে সময়ে গান্ধী বিষয়ক ৰচনা, চিত্ৰাংকণ, বক্তৃতাৰো ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
চাওক ভিডিঅ’-