নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেৰমান আলী আহমেদ কাৰ প্রতিনিধি?

উৎপত্তিগত দিশৰ পৰা চাবলৈ গ’লে শ্বহীদ শব্দটোৰ সৈতে এটা বিশেষ ধর্ম জডিত হৈ আছে৷ দেশ–জাতি–মাটিৰ সৈতে ইয়াৰ সম্পর্ক নাই৷ যদি কিবা সম্পর্ক ওলায়, সেয়াও কোনো নহয় কোনো প্রকাৰে ধর্মটোৰ সৈতে জডিত হৈ থাকিব লাগিব৷ আৰবী শব্দ শ্বাহাদতৰ পৰা শ্বহীদ শব্দটো আহিছে৷ ‘শ্বাহাদত’ৰ অর্থ চনদ, সাক্ষ্য, প্রত্যয়ন–পত্র, চার্টিফিকেট আদি৷ আল্লাৰ সন্তুষ্টি অর্জনৰ বাবে যিসকলে জীৱন উছর্গা কৰি সততাৰ সাক্ষ্য, চনদ, চার্টিফিকেট বা প্রত্যয়ন–পত্র প্রদান কৰে, তেওঁলোক শ্বহীদ৷ ধর্মটোত শ্বহীদ শব্দটোৰ আন আন ধৰণেও ব্যাখ্যা কৰা হৈছেবা সংজ্ঞা দিয়া হৈছে৷ এটা সংজ্ঞাত কাফেৰ যোদ্ধাই যাক হত্যা কৰিছেবা মুছলমান আৰু কাফেৰৰ মাজত সংঘর্ষত মৃত্যু হোৱাজন শ্বহীদ৷ আৰবী ভাষাত ইয়াৰ আভিধানিক অর্থও ধর্মৰ সৈতে যুক্ত৷ তাত কোৱা হৈছে, আল্লাৰ পথত মৃত্যুৰ বাবে যিয়ে নিজকে আগবঢ়াই দিয়ে, সিয়েই শ্বহীদ৷ অর্থাৎ সেই চৰম ত্যাগত কোনো নহয় কোনো প্রকাৰে ইছলামৰ সৈতে সম্পর্ক থাকিব লাগিব৷ ধর্মটোত শ্বহীদৰ মর্যাদাও কল্পনাতীত৷ শব্দটোক লৈ সৎ, নিষ্ঠাৱান ইছলাম ধর্মীয়ে কোনো কাৰণতে কটু শব্দ প্রয়োগ নকৰে৷ কল্পনাতো শ্বহীদক অপমান নকৰে৷ অপব্যহাৰ নকৰে৷ শব্দটোক যদি কোনো ইছলাম ধর্মাৱলম্বীয়ে সমালোচনাৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰে, তেতিয়া বুজিব লাগিব যে হয় তেওঁ এজন সৎ মুছলমান নহয় অথবা মুছলমানৰ সেইটো মৌলবাদী পক্ষৰ অংশীদাৰ, যিয়ে শ্বহীদ শব্দটোক ধর্মনিৰপেক্ষ নতুবা অসাম্প্রদায়িক বুলি গণ্য নকৰে৷ শেহতীয়াকৈ বাঘবৰ সমষ্টিৰ কংগ্রেছ বিধায়ক শ্বেৰমান আলীয়ে অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত চৰম বলিদান দিয়া শ্বহীদক ঘাতক বুলি অভিহিত কৰিছে৷ ঘাতক অর্থাৎ যিয়ে হত্যা কৰে৷ শ্বহীদে মৃত্যুবৰণ কৰে৷ যুদ্ধক্ষেত্রত দেশৰ হৈ মৃত্যুক আঁকোৱালি লোৱা বীৰ শ্বহীদগৰাকীয়ে মৃত্যুৰ পূর্বে শত্রুপক্ষৰ হাজাৰজনক হত্যা কৰিব পাৰে৷ তেওঁ ঘাতক নহয়৷ তেওঁ শ্বহীদ৷ কিয়নো তেওঁ দেশমাতৃৰ হকে যুঁজি যুঁজি মৃত্যুবৰণ কৰিছে৷ লগতে আনটো লক্ষণীয় কথা হ’ল, বিধায়ক আলীয়ে অসম আন্দোলনৰ শ্বহীদক ঘাতক বোলোতে এটা প্রেক্ষাপট দাঙি ধৰিছে৷ সৰল অর্থত অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদৰ মৃত্যুবৰণ কৰাসকলক নহয়, আন এটা পক্ষকহে তেওঁ শ্বহীদ ৰূপে প্রতিষ্ঠা কৰাৰ ধৃষ্টতা দেখুৱাইছে৷
শ্বেৰমান আলী আহমেদ নামৰ মানুহজনৰ নামটো মনলৈ আহিলে প্রথমে বৰপেটাত এনআৰচিৰ পাইলট প্রজেক্টক লৈ হোৱা ভয়ংকৰ কাণ্ডটোৰ কথা মনলৈ আহে৷ এই ব্যক্তিজনৰ ৰাজনৈতিক উত্তৰণৰ সৈতে সেই হিংসাত্মক ঘটনা জডিত হৈ আছে৷ ইয়াৰ পিছত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ ওকালতি কৰা কথাটো মনলৈ আহে৷ তেওঁ তাত লুঙী, টুপী আদি সংৰক্ষিত কৰি ৰখাৰ কথা কৈছিল৷ এইবাৰ বিধায়কজনে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক অপমান কৰিলে৷ শ্বেৰমান আলীৰ এই তিনিটা খঙৰ মাজত দুটা কথাত মিল আছে৷ এটা অসম আন্দোলন আৰু অসম চুক্তি৷ আনটো, এটা বিশেষ ধর্মৰ সম্প্রসাৰণবাদ৷ দুয়োটাই সামগ্রিকভাৱে অসমৰ স্বার্থৰ পৰিপন্থী৷ অসম আন্দোলনটোৰ প্রাণটো আছিল অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰা৷ অসমীয়া বুলি কওঁতে এটা বিশেষ ভাষাৰ কথা হোৱা নাছিল৷ এটা বিশেষ ধর্মৰ কথা কোৱা হোৱা নাছিল৷ এইবাবেই অসমত ‘কা’ৰ বিৰোধিতাত হোৱা আন্দোলনক সমগ্র দেশে আজিও ভিন্ন দৃষ্টিৰে চায় অথবা বিশ্লেষণ কৰে৷ দেশৰ অন্যান্য অংশৰ দৰে অসমৰ জনসাধাৰণে ধর্মীয় চছমা পিন্ধি নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইনখনৰ বিৰোধিতা কৰা নাছিল৷ সেইদৰে অসম আন্দোলনটো আৰম্ভণিৰ পৰাই আছিল ধর্মনিৰপেক্ষ আৰু অসাম্প্রদায়িক৷ কিন্তু শ্বেৰমান আলী আহমেদৰ দৰে ব্যক্তিয়ে এই আন্দোলনটোক সদায়েই সাম্প্রদায়িক ৰূপ দিয়াৰ অপচেষ্টা চলাই আহিছে৷ আৰু এইবাবেই তেওঁলোকে অসম আন্দোলনটোৰ আত্মাত আঘাত কৰাৰ ছল বিচাৰি ফুৰে৷ লগতে অসম চুক্তিক ডাষ্টবিনত দলিয়াই পেলাবলৈ প্রয়াস চলায়৷ বৰপেটাত এনআৰচিৰ পাইলট প্রজেক্টৰ কাম–কাজত বাধা দিয়াৰ উদ্দেশ্যও এইটোৱেই আছিল৷ অথচ এনআৰচিয়ে যুগ যুগ ধৰি অস্থিৰ–শান্ত তথা সংশয়ৰ মাজত বন্দী কৰি ৰখা অসমক ইয়াৰ পৰা মুক্ত কৰি এখন সমস্যামুক্ত ৰাজ্যৰ দিশে লৈ যোৱাৰ প্রবল সম্ভাৱনা কঢ়িয়াই আনিছিল৷ বৰপেটাত পাইলট প্রকল্পক বাধাগ্রস্ত কৰি তেতিয়াই শ্বেৰমান আলীৰ দৰে লোকে বুজাই দিছিল, এনআৰচি, অসম চুক্তি, সমস্যাৰ পৰা অসমৰ মুক্তি তেওঁলোকে নিবিচাৰে৷ তেন্তে শ্বেৰমান আলীয়ে বিচাৰে কি?
বিচৰা কথাকেইটা লাহে লাহে শ্বেৰমান আলী আহমেদে নিজমুখে ফাদিল কৰিবলৈ আৰম্ভ কৰিছে৷ দুবছৰমান আগেয়ে তেওঁ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম প্রতিষ্ঠাৰ দাবী কৰিছিল৷ এতিয়া অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দিলে৷ দুয়োটাৰে আঁৰত ষডযন্ত্রৰ জাল এখন তৰি থোৱা আছে৷ লুঙী–টুপীৰ সংৰক্ষণৰ বাবে অসমত মিঞা মিউজিয়ামৰ প্রয়োজন নাই, সেইটো সেইখন সমাজৰ পৰাই কৈ থকা হৈছে৷ কিন্তু শ্বেৰমান আলীয়ে মিউজিয়াম বিচাৰিছে৷ অকল বিচৰাই নহয়, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত স্থাপন হোৱাটো বিচাৰিছে৷ স্থান আৰু স্থানটোৰ ভিত্তি, দুয়োটাই লক্ষণীয়৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র অসম আন্দোলনৰ দান৷ অসম চুক্তিৰ আধাৰত ইয়াক নির্মাণ কৰা হৈছে৷ আজিৰ তাৰিখত কলাক্ষেত্রখনৰ অসমৰ জাতীয় জীৱনত গুৰুত্ব কিমান, তাক উল্লেখ কৰাটো নিষ্প্রয়োজন৷ শ্বেৰমান আলী আহমেদে ইয়াকে লক্ষ্য কৰি লৈছে৷ সাধাৰণ মানুহ এজনেই ক’ব কথাবোৰ সৰল নহয়৷ ইয়াৰ আঁৰত ডাঙৰ ষডযন্ত্র নিহিত হৈ আছে৷ এতিয়া চোৱা যাওক, ভাৰতবর্ষৰ আন আন ৰাজ্যতো মুছলমান লোক আছে৷ আনহে নালাগে, প্রতিৱেশী পশ্চিমবংগত মুছলমানৰ জনসংখ্যা যথেষ্ট৷ তেওঁলোকেও কলকাতাৰ কোনো স্থানত মিঞা মিউজিয়ামৰ দাবী কৰিব পাৰিলেহেঁতেন৷ তাতো মুছলমানে লুঙী–টুপী পিন্ধে৷ তদুপৰি বংগ আৰু অসমত (খিলঞ্জীয়া মুছলমানক বাদ দি) বসবাস কৰা মুছলমানৰ মাজত অমিল কম, মিল বেছি৷ কিন্তু তাত আজিলৈকে মিঞা মিউজিয়ামৰ দাবী উঠা নাই৷ বিহাৰ, উত্তৰপ্রদেশত তেনে দাবীৰ কথা ওলোৱা নাই৷ কেৱল অসমতে কিয় মিঞা মিউজিয়ামৰ কথা কোৱা হয়৷ জাতীয় শ্বহীদক অপমান কৰা হয়? এনেও নহয় যে অসমত মুছলমান বা ইছলাম ধর্মাৱলম্বী লোক অস্তিত্বৰ সংকটত পৰিছে৷ ইয়াত জম্মু–কাশ্মীৰৰ পৰা কাশ্মীৰী পণ্ডিতক মছজিদে মছজিদে মাইকযোগে ঘোষণা কৰি খেদি পঠিওৱাৰ দৰে খেদিবলৈ ফৰমান জাৰি কৰা হৈছে৷ অসমত তেনে পৰিস্থিতি আগেয়েও নাছিল৷ আজিও নাই৷ কথাবোৰ পাকিস্তানত কোৱা হয়৷ যিসকলে পাকিস্তানৰ টিভি চেনেল বা বাতৰিকাকত আদি অনুসৰণ কৰে, তাত সততে ভাৰতত ইছলাম সংকটত পৰা বুলি ভুৱা ছবি এখন দাঙি ধৰিবলৈ চেষ্টা চলোৱা হয়৷ ভাৰতীয় মুছলমানে এনে কথা ভাবিবই নোৱাৰে৷ অসমত সমস্যাটো হ’ল পূর্ববংগীয়মূলৰ একাংশ মুছলমানক লৈ৷ তেওঁলোকৰ অন্তৰৰ পৰা পাকিস্তানখন আজিও মচ খাই নগ’ল৷ নীলা শিয়ালে হুৱা দিয়াৰ দৰে সন্ধিয়া হ’লে হুৱা দিবই৷ এনে কিছুমান মানুহে অসমত বেলেগ দুনিয়া এখন ৰচিব বিচাৰে৷ ইয়াত সেই অহংকাৰৰ জয় হোৱাটো বিচাৰে– যিটো বাদশ্বাহ, চুলতানসকলৰ দিনত সম্ভৱ নহ’ল৷ তেওঁলোকে গৰুখুঁটিত উচ্ছেদ হ’লে খঙত জ্বলি–পকি উঠে৷ জন্ম নিয়ন্ত্রণৰ কথা ক’লে ফেপেৰি পাতি ধৰে৷ অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ দাবীত আহত হয়৷ অসমৰ জাতীয় শ্বহীদক অপমান, গৰুখুঁটিত উচ্ছেদ, মিঞা মিউজিয়াম, এনআৰচি এই সকলোবোৰ একেডাল সূতাৰে গঁঠা৷ লক্ষ্য এটাই, অসমত অসমীয়া অস্তিত্বক নিঃশেষ কৰি এখন বেলেগ দুনিয়া প্রতিষ্ঠা কৰিব লাগে৷ বিধায়ক শ্বেৰমান আলী আহমেদে শ্বহীদক অপমান কৰোঁতে গৰুখুঁটিৰ উচ্ছেদক আলম হিচাপে লৈছে৷ গৰুখুঁটিৰ উচ্ছেদৰ সৈতে অসমৰ অস্তিত্বৰ প্রতীকী ৰূপ এটা সাঙোৰ খাই আছে৷ খিলঞ্জীয়াৰ সৈতে ব্যৱধান বৃদ্ধিৰ ভয়ত শ’লঠেকত পৰি কংগ্রেছে দলীয় বিধায়কজনক নিলম্বন কৰিছে৷ এইবোৰে শ্বেৰমান আলীৰ দৰে লোকক বিচলিত কৰিব নোৱাৰে৷ আজি কংগ্রেছত আছে৷ কাইলৈ পুনৰ ইউডিএফলৈ উভতি যাব৷ তাৰ পৰা শিং–মূৰ জোকাৰি অসমীয়াক প্রত্যাহ্বান জনাব৷ এনে ধৰণৰ ধ্যান–ধাৰণাৰে পৰিচালিত লোকৰ বাবে চৰকাৰে নীতি আৰু আঁচনি যুগুতোৱাৰ প্রয়োজন আছে৷ শ্বেৰমান আলী আহমেদৰ দৰে লোকৰ কার্যকলাপত চোকা নজৰ দি থকাৰ প্রয়োজন আছে৷ এইবোৰ অসমৰ আপদ৷

You might also like