নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ

দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিত বেদখল উচ্ছেদৰ পিছতে ছবছৰীয়া অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দিবলৈ ধৃষ্টতা কৰা কংগ্রেছৰ বহু বিতর্কিত বিধায়ক শ্বেৰমান আলী আহমেদক দিছপুৰৰ বিধায়ক আৱাস গৃহৰ পৰা শনিবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ চাৰি দশক পূর্বে ৰাজ্যখনৰ পৰা অবৈধ বাংলাদেশী লোকসকলক খেদি পঠোৱাৰ বাবে অসমবাসীয়ে ছবছৰ ধৰি চলোৱা আন্দোলনত ৮৫৫গৰাকী শ্বহীদ হোৱাৰ লগতে ঘুণীয়া হৈছিল কেইবা সহস্র অসমীয়া লোক৷ ১৯৮৫ৰ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি হ’লেও চুক্তি অনুসৰি ৰাজ্যখনৰ পৰা বিতাৰিত নহ’ল অবৈধ বিদেশী লোকসকল৷ বৰঞ্চ দিন বাগৰাৰ লগে লগে বাংলাদেশীমূলৰ অবৈধ নাগৰিকসকলৰ সমস্যা ভয়াৱহ হৈ উঠিছে৷ অবৈধ বিদেশী লোকসকলৰ আগ্রাসন শেহতীয়াকৈ ইমানেই বৃদ্ধি হৈছে যে ৰাজ্যখনৰ কেইবাখনো জিলাত খিলঞ্জীয়া লোকসকলে গভীৰ নিৰাপত্তাহীনতাৰ সন্মুখীন হৈছে৷ দৰং জিলাৰ গৰুখুঁটিত এসময়ত খিলঞ্জীয়া লোকসকলে কৃষিকর্মত নিয়োজিত হৈ আত্মসংস্থাপনৰ বাট মুকলি কৰিছিল যদিও বাংলাদেশীমূলৰ সন্দেহযুক্ত লোকসকলৰ হিংসা–ভাবুকিৰ বাবে খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ কৃষিভূমি ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ ১৯৮৩ৰ অসম আন্দোলনৰ ভৰপকৰ সময়ছোৱাত সন্দেহযুক্ত নাগৰিকসকলে আঠজন অসমীয়া যুৱকক নৃশংসভাৱে হত্যা কৰিছিল৷ ধলপুৰত সন্দেহযুক্ত নাগৰিকৰ দপ্দপনি ইমানেই আছিল যে অসম আন্দোলনৰ সময়ছোৱাত প্রাণাহুতি দিয়া কেইবাজনো শ্বহীদৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সুযোগ লাভ কৰা নাছিল৷ ২০২১ৰ বিধানসভা নির্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখন দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে ধলপুৰত বেদখল উচ্ছেদ কৰা হৈছে৷ বেদখলকাৰীৰ কবলত থকা প্রায় ৮ হাজাৰ বিঘা ভূমিত ৰাজ্য চৰকাৰে গৰুখুঁটি কৃষি প্রকল্পৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক কর্মসংস্থাপন প্রদানৰ বাট মুকলি কৰিছে৷ নির্বাচনৰ পূর্বে বিজেপিয়ে খিলঞ্জীয়া লোকসকলৰ জাতি–ভেটি–মাটি সুৰক্ষা প্রদানৰ আশ্বাস দিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক্ষমতাত অধিষ্ঠিত হৈয়ে গৰুখুঁটিত কৃষি প্রকল্প স্থাপনৰ লগে লগে বেদখল উচ্ছেদ অভিযানৰ জৰিয়তে খিলঞ্জীয়া লোকসকলে হেৰুওৱা ভূমিৰ অধিকাৰ পুনৰ ঘূৰাই দিছে৷ এয়া নিশ্চিতভাৱে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে এক আশাপ্রদ ঘটনা৷ ৰাজ্যখনৰ কেইবাখনো জিলা তথা মহকুমাত শেহতীয়াকৈ বাংলাদেশীমূলৰ লোকৰ দপ্দপনি ইমানেই বাঢ়িছে যে খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ অধিকাৰ হেৰুওৱাই নহয়, দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে জীৱন নির্বাহ কৰিবলগীয়া হৈছে৷ ৰাজ্য চৰকাৰখনে বেদখলী ভূমি উদ্ধাৰ কৰিবলৈ গ্রহণ কৰা কঠোৰ পদক্ষেপত খিলঞ্জীয়া লোকসকলৰ মনলৈ কিছু পৰিমাণে হ’লেও আশাৰ সঞ্চাৰ হৈছে৷ এনে পৰিস্থিতিত বিতর্কিত বিধায়ক শ্বেৰমান আলী আহমেদে ধৰপুৰৰ বেদখল উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ যিদৰে অসমৰ জাতীয় শ্বহীদক অপমান কৰিলে, সেয়া নিতান্তই গৰিহণাযোগ্য৷ বেদখল উচ্ছেদক সাম্প্রদায়িক বিষবাষ্পৰ ৰহণ সানি বিধায়ক শ্বেৰমানৰ দৰে একাংশ তথাকথিত নেতাই অসমবাসীক সমগ্র বিশ্বতে লজ্জানত কৰাৰো অহৰহ ষড়যন্ত্রত লিপ্ত আছে৷ এনে নেতাৰ বিৰুদ্ধে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল সজাগ হৈ থকা উচিত৷ অসমবাসীৰ বাবে দুর্ভাগ্য এয়ে যে বিধায়ক শ্বেৰমান আলী আহমেদ এজন কংগ্রেছৰ বিধায়ক৷ দেশৰ স্বাধীনতা সংগ্রামৰ সৈতে জড়িত থকা দলটোৱে ধর্মনিৰপেক্ষ বুলি দাবী কৰে যদিও শ্বেৰমানৰ দৰে সাম্প্রদায়িক ৰাজনীতিক মুকলিকৈ সমর্থন দিয়া সত্ত্বেও তেওঁৰ বিৰুদ্ধে দলটোৱে তৎকালে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷
যোৱা বিধানসভা নির্বাচনৰ সময়ত খিলঞ্জীয়াৰ জাতি–ভেটি–মাটি সুৰক্ষাৰ প্রতিশ্রুতি ৰূপায়ণ কৰিবলৈ হ’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ধলপুৰৰ পৰা বেদখল উচ্ছেদ কৰিয়ে শান্ত থাকিলে নহ’ব৷ ৰাজ্যখনৰ বৃহৎ অঞ্চল ইতিমধ্যে বাংলাদেশীমূলৰ সন্দেহযুক্ত লোকসকলে বেদখল কৰিছে৷ মহাবাহু ব্রহ্মপুত্রক এক ৰাষ্ট্রীয় পথ ৰূপে ব্যৱহাৰ কৰি ধুবুৰীৰ পৰা শদিয়ালৈ দুয়ো পাৰে পূর্ণগতিত বেদখল চলাই গৈছে সন্দেহযুক্ত লোকসকলে৷ আনকি চৰকাৰী ভূমিয়েই নহয়, সংৰক্ষিত বনাঞ্চল, ভিজিআৰ আদিৰ বুজন পৰিমাণৰ ভূমি ইতিমধ্যে সন্দেহযুক্ত লোকসকলে বেদখল কৰি আছে৷ চৰকাৰী তথ্য অনুসৰি ধুবুৰীৰ ১,৫১,৯৮৭ বিঘা, দক্ষিণ শালমাৰা মানকাচৰত ৩,৯৮০ বিঘা, গোৱালপাৰাত ২,৯২,২৯৮ বিঘা, বঙাইগাঁৱত ৫৯,৫৪৬ বিঘা, বৰপেটাত ৪৯,৫৩২ বিঘা, নলবাৰীত ৩৬,১২৩ বিঘা, কামৰূপত ১,০২,৬৬৮ বিঘা, কামৰূপ (মহানগৰত) ২,৩৩৮ বিঘা, দৰঙত ৬০,৫৮৪ বিঘা, মৰিগাঁৱত ১,১৩,৮০৭ বিঘা, নগাঁৱত ১,৭১,৪১৫ বিঘা, শোণিতপুৰত ২০,৩৫৮ বিঘা, বিশ্বনাথত ১,৬৬,৭১২ বিঘা, গোলাঘাটত ১,৫০,৪৮৫ বিঘা, যোৰহাটত ৪৫,৫৭৮ বিঘা, ধেমাজিত ৫,৯৮,৮৪৮ বিঘা, ডিব্রুগড়ত ২,৭৫,৮৫৪ বিঘা, শিৱসাগৰত ৩৬,৬২৪ বিঘা, তিনিচুকীয়াত ৪,৯৪,০৭৬ বিঘা চৰকাৰী ভূমিত বেদখল হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ হ’লে চৰকাৰী ভূমিত বেদখল চলাই থকা সন্দেহযুক্ত লোকসকলক উচ্ছেদ কৰিবই লাগিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰখনে সুপৰিকল্পনাৰ আধাৰত ধলপুৰৰ লেখিয়া উচ্ছেদ অভিযানৰ জৰিয়তে সন্দেহযুক্ত লোকসকলৰ বেধখলকৃত ভূমি উদ্ধাৰৰ জৰিয়তে মুখ্যমন্ত্রী ড০ শর্মাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বার্থত অনন্য দৃষ্টান্ত দাঙি ধৰিব পাৰে৷ কিন্তু বছৰ বছৰ ধৰি ৰাজ্যখনত চলি থকা বেদখলী ভূমি মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰখনে যিমানেই কঠোৰ হ’ব, সিমানেই চক্রান্ত চলিব বিধায়ক শ্বেৰমান আলী আহমেদ আৰু তেওঁৰ সহযোগী ৰাজনৈতিক নেতাসকলৰ৷ কিয়নো দেশে স্বাধীনতা লাভ কৰাৰ সময়ৰে পৰা বাংলাদেশীমূলৰ সন্দেহযুক্ত নাগৰিকসকলক একাংশ ৰাজনৈতিক দলৰ নেতাই ভোটবেংক ৰূপে ব্যৱহাৰ কৰি আহিছে৷ উচ্চতম ন্যায়ালয়ে বহু বিতর্কিত আইএমডিটি আইনখন বাতিল কৰাৰ পিছত বংগীয়মূলৰ মুছলমানসকলৰ মাজত এক নিৰাপত্তাহীন ভবাৱেগৰ সৃষ্টি কৰি জন্মলাভ কৰা দলটোৱে বিগত ডেৰ দশক ধৰি ৰাজ্যখনৰ ধর্মীয় সংখ্যালঘুৰ ৰাজনীতি নিয়ন্ত্রণ কৰি আছে৷ একেদৰে বিৰোধীৰ আসনত থকা কংগ্রেছৰ একাংশ নেতাই সন্দেহযুক্ত নাগৰিকসকলৰ বেদখল উচ্ছেদ মনেপ্রাণে বিচৰা নাই৷ তেওঁলোকৰ লক্ষ্য এটাই– ভোটবেংক হেৰুওৱাৰ আশংকা৷ এনে অৱস্থাত বিৰোধী নেতাসকলে ৰাজ্য চৰকাৰৰ বেদখল উচ্ছেদ বন্ধ কৰিবলৈ যিকোনো পর্যায়লৈ যাব পাৰে৷ কিন্তু সন্দেহযুক্ত লোকসকলৰ পক্ষত বিৰোধী নেতাসকলে যিমানেই থিয় দিব, সিমানেই আঁতৰি যাব খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ পৰা৷ বেদখল উচ্ছেদ অভিযানত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ পূর্ণ সমর্থন আছে৷ চৰকাৰী–বেচৰকাৰী সকলো ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰাটো অসমৰ খিলঞ্জীয়া লোকসকলে বিচাৰিছে৷ সেয়ে এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত অগ্রণী ভূমিকা গ্রহণ কৰিব পাৰে৷

You might also like