নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি সুযোগ পালেই পৰচৰ্চা কৰে নেকি? জানক ইয়াৰ ৫ টা লাভালাভ

 পৰনিন্দা বা পৰচৰ্চা কৰাটো বেয়া নহয়। বিশেষজ্ঞসকলে কয় যে পৰচৰ্চা কৰাৰ লাভালাভ আছে। গতিকে যদি আপুনি যেতিয়াই সুযোগ পায় কাৰোবাৰ কথা পাতিব বিচাৰে, তেন্তে নিজকে ৰখাই থোৱাটো উচিত নহয়। আপুনি হয়টো এই কথা ভাবি আচৰিত হৈছে। কিন্তু এয়া আমাৰ কথা নহয়, বিশেষজ্ঞসকলে জনাইছে এই কথা। বিশেষজ্ঞসকলে বৰঞ্চ কৈছে যে পৰচৰ্চাই আপোনাৰ শৰীৰ আৰু মন শক্তিশালী কৰি ৰাখিব। জানো আহক কি কয় বিশেষজ্ঞসকলে-

১) পৰচৰ্চায়ে মনটো পাতল কৰে। আমি আমাৰ দৈনন্দিন জীৱনত বহুতো লোকৰ সৈতে বাৰ্তালাপ কৰোঁ। কিন্তু সকলোৱে সদায় হৃদয় জিনিব নোৱাৰে। কেতিয়াবা তেওঁ অপছন্দ কৰা ব্যক্তি এজনৰ সৈতে কথা পাতিবলৈ বাধ্য হয়। বিশেষজ্ঞসকলে কৈছে এই পৰিস্থিতিত, কিছুমান ব্যক্তিৰ ওপৰত খং দমন কৰাৰ পৰিৱৰ্তে, তেওঁৰ নামত বিন্দাছ পৰচৰ্চা কৰক। আপুনি দেখিব যে আপুনিও পাতল হ’ব।

২) মুকলিকৈ পৰচৰ্চা কৰক, কিন্তু সচেতনভাৱে শব্দ প্ৰয়োগ কৰিব। বিপৰীত ফালৰ মানুহজন কেনেকুৱা সেয়া বুজিবলৈ পৰচৰ্চাতকৈ ভাল একো নাই।

৩) কাৰ্যালয়ত পৰচৰ্চা কৰাৰ সুবিধাৰ লগতে অসুবিধাও আছে। কাৰ্যালয়ৰ পৰিৱেশ বুজিবলৈ পৰচৰ্চাত অংশ লওক। কিন্তু নিজৰ বিষয়ে সজাগ হ’ব। আপুনি এইটোও জানিব যে বিপৰীত ফালৰ মানুহজনৰ মনোভাৱ কেনেধৰণৰ সেয়া পৰচৰ্চাৰ জৰিয়তে জানিব।

৪) পৰচৰ্চা হৈছে আনলোকৰ ভুলৰ পৰা শিক্ষা লোৱাৰ এক উৎকৃষ্ট সঁজুলি। যদি আপুনি নিজকে আপুনি কথা পাতি থকা ব্যক্তিজনৰ অৱস্থাত ৰাখে, আপুনি আপোনাৰ ভুলবোৰ ধৰিবলৈ সক্ষম হ’ব।

৫) খং, ৰাগ, চাপ- এইবোৰ পৰিহাৰ কৰিবলৈ এনে এজন বন্ধু বাছনি কৰক, যাৰ সৈতে পতা কথা-বতৰাই আপোনাৰ মন পাতল কৰিব।

শেষত, বিশেষজ্ঞসকলে কয় যে পৰচৰ্চা হৈছে এক প্ৰকাৰৰ চাপ নিয়ন্ত্ৰণকাৰী। কিন্তু মনত ৰাখিব যে যদি কোনোবাই আপোনাৰ কথা-বতৰাৰ দ্বাৰা গভীৰভাৱে আঘাত পায়, তেন্তে সেই চৰ্চা একেবাৰে ভাল নহয়! ইয়াৰ বিপৰীতে, ই বিপদজনক হ’ব পাৰে।

You might also like