নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত তীৰ এজেণ্টক গ্ৰেপ্তাৰঃ জেল হাজোতলৈ প্ৰেৰণ 

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰাত আৰক্ষীয়ে তীৰৰ বিৰুদ্ধে  অভিযান চলাই এজন তীৰ খেলৰ এজেণ্টক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

ধৃত তীৰৰ এজেণ্টজন- চলন্তাপাৰা তৃতীয় খণ্ড  গাঁৱৰ এজাজুল হক বুলি আৰক্ষী সুত্ৰ জনা গৈছে।

যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তীৰ এজেন্টজনৰ বিৰুদ্ধে ৩৬৭/২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে যোগীঘোপা  আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পোমখেদি কালি বিয়লি চলন্তাপাৰা বজাৰত তীৰৰ  বিৰুদ্ধে  অভিযান চলায়। এই অভিযান কালত আৰক্ষীয়ে  তীৰৰ এজেণ্ট এজাজুল হকক হাতে-লোটে গ্ৰেপ্তাৰ  কৰাৰ লগতে নগদ ১৯০০ টকা, এটা মোবাইল ফোন আৰু  তীৰৰ খেলৰ আপত্তিজনক নথি জব্দ কৰে।

You might also like