নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ লগত আজি এক বৈঠকত মিলিত হ’ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ নিমন্ত্ৰণমৰ্মে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিৰ ৪ গৰাকী সদস্য কালি নতুন দিল্লীত উপস্থিত হৈছে ৷
আজি গৃহমন্ত্রী অমিত শ্বাহৰ লগত সমিতিৰ সদস্যসকল আলোচনাত মিলিত হ’ব ৷ লক্ষণীয়ভাৱে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ এই সমিতিৰ সদস্য আছিল যদিও তেওঁলোকে এই বৈঠকত ভাগ নলয়৷
এই সন্দর্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ গণতান্ত্রিক আন্দোলনক ভেঙুচালি কৰি ‘কা’ জাপি দিছে আৰু বলৱৎ কৰিছে৷ গতিকে এই সময়ছোৱাত অমিত শ্বাহৰে অনুষ্ঠিত হ’বলগীয়া বৈঠক আছুৰ প্রতিনিধিসকলে বর্জন কৰিছে৷ ড০ ভট্টাচার্যই লগতে কয় যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ চূড়ান্ত প্রতিবেদন দাখিলৰ সময়সীমা চমু চাপি আহিছে যদিও এতিয়াও সকলো কাম–কাজ সম্পূর্ণ হোৱা নাই৷