নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশলৈ প্রথম মহিলা নভোচৰ ৱাং য়াপিঙক প্রেৰণ চীনৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ মহাকাশ গৱেষণা আৰু অভিযানৰ ২১ বছৰ সম্পূর্ণ কৰা চীনে আজি নিশাৰ ভাগত প্রথম মহিলা নভোচৰক মহাকাশলৈ প্রেৰণ কৰিব৷ তিনিগৰাকী মহাকাশচাৰীৰ ভিতৰত এই মহিলাগৰাকী হৈ পৰিছে চীনৰ বিভিন্ন মহলৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু৷ চীনে পৃথিৱীৰ কক্ষপথত গঢ়ি তোলা মহাকাশ আস্থানলৈ আজি নিশা তিনিওগৰাকী নভোচৰে যাত্রা কৰিব৷ মাত্র কেইসপ্তাহমান পূর্বে নির্মীয়মাণ এই মহাকাশ আস্থানলৈ প্রথম নভোচৰ প্রেৰণ কৰিছিল চীনে৷ লংমার্ছ–২ এফ ৰকেটযোগে উৎক্ষেপণ কৰা হ’ব ছেংঝ’–১৩ যান৷

এই যানখনেৰেই মহাকাশলৈ যাত্র কৰিব তিনিওগৰাকী নভোচৰে৷ প্রথম মহিলা মহাকাশচাৰীগৰাকী হৈছে ৱাং য়াপিং৷ ৪১ বছৰীয়া য়াপিঙে মহাকাশত চীনৰ বাবে সৃষ্টি কৰিব নতুন অভিলেখ৷ য়াপিঙৰ সৈতে এই যাত্রাত সংগী হৈছে ঝাই ঝিগাং আৰু য়ে গুৱাংকু৷ ঝাই হৈছে মহাকাশযানখনৰ পাইলট৷ চীনা মহাকাশ সংস্থাৰ তৰফৰ পৰা প্রকাশ কৰা এক বিবৃতি অনুসৰি, য়াপিঙে নির্মীয়মাণ মহাকাশ আস্থানৰ উপৰি ইয়াৰ বাহিৰতো বিভিন্ন গৱেষণাত জড়িত হ’ব৷ স্মর্তব্য যে মহাকাশ গৱেষণাৰ বিভিন্ন কার্যসূচী শেহতীয়াকৈ ক্ষিপ্রতৰ কৰি তুলিছে চীনে৷

You might also like