লাডাখৰ সমীপৰ গান্ছা বিমানঘাটিত মানৱবিহীন যুঁজাৰু বিমান মোতায়েন চীনৰ
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: দুই দেশৰ মাজত সামৰিক পর্যায়ৰ আলোচনা বিফল হোৱাৰ পাছতেই লাডাখ সীমান্তত উত্তেজনা দুগুণে বৃদ্ধি কৰি চীনে যুদ্ধৰ ব্যাপক প্রস্তুতি চলাইছে৷ লাডাখ সীমান্তত বিগত ডেৰ বছৰ ধৰি চলি অহা উত্তেজনা শাম কটাবলৈ চীন–ভাৰতৰ সামৰিক বাহিনীৰ কমাণ্ডাৰ পর্যায়ৰ কেইবালানিও বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো আলোচনা বিফল হোৱাৰ পাছত বেইজিঙে লাডাখ সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰি আছে৷ লাডাখৰ সমীপৰ নগৰী গান্ছা বিমান ঘাটিত চীনে বৃহৎ পৰিামাণ মানৱবিহীন যান, যুদ্ধবিমান মোতায়েন কৰাৰ সমান্তৰালকৈ সেনাৰ সংখ্যা বৃদ্ধি কৰিছে৷ অকল এয়াই নহয়, যুদ্ধংদেহি চীনে বিমান ঘাটিত যুদ্ধৰ মাৰণাস্ত্র আৰু যানৰ সংখ্যাও বৃদ্ধি কৰিছে৷
তথ্য মতে, লাডাখৰ পানডংছ’ৰ পৰা প্রায় ১০০ কিলোমিটাৰ নিলগৰ গানছা বিমান ঘাটিত বেইজিঙে সামৰিক শক্তি বৃদ্ধি কৰাটোৱে দেশখনৰ ভাৰতৰ প্রতি থকা দৃষ্টিভংগী প্রতিফলিত কৰিছে৷ বিমান ঘাটিত চীনে সেনাৰ সমান্তৰালকৈ টেংক আৰু যুদ্ধযান বৃহৎসংখ্যক মজুত ৰাখিছে৷ লাডাখৰ সীমান্তৰ পৰা মাত্র কেইকিলোমিটাৰ নিলগত থকা গানছা বিমান ঘাটিত চীনৰ সেনাই সামৰিক শক্তি বৃদ্ধি কৰাৰ তথ্য লাভ কৰাৰ পাছতেই ভাৰতেও সীমান্তত সমৰসজ্জা গঢ়ি তুলিছে৷
লাডাখত বেইজিঙৰ পৰা আহিব পৰা সকলো প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ভাৰতীয় সেনা৷ ইপিনে আজি ভাৰতীয় বায়ুসেনা বাহিনীৰ মুৰব্বী মার্শ্বাল ভি আৰ চৌধাৰীয়ে লাডাখ সীমান্ত পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ সীমান্তৰ সমীপত ৰঙা চীনৰ গতিবিধি সূক্ষ্ম নিৰীক্ষণত ৰখা ভাৰতীয় সেনাই ইতিমধ্যে সীমান্তত প্রত্যাহ্বানৰ বাবে সাজু হৈ আছে৷
শনিবাৰে লাডাখৰ সীমান্তত বায়ুসেনাৰ মুৰব্বী চৌধাৰীয়ে উপস্থিত হৈ অঞ্চলটোত মোতায়েন হৈ থকা সেনা কমাণ্ডাৰৰ সৈতে পৰিস্থিতি সন্দর্ভত আলোচনা কৰে৷ বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে নিজৰ বাহিনীৰ কমাণ্ডাৰৰ সৈতে মিলিত হোৱাৰ লগতে স্থলসেনাৰ কমাণ্ডাৰৰ সৈতেও পৰিস্থিতিক লৈ বিতং আলোচনা কৰে৷ লাডাখৰ অগ্রিম স্থানত থকা সেনাই কিদৰে সাজু হৈ আছে, সেই সন্দর্ভতো বিতং আলোচনা কৰে মার্শ্বাল চৌধাৰীয়ে৷
মন কৰিবলগীয়া যে বায়ুসেনাৰ মুৰব্বী হিচাপে চৌধাৰীয়ে ১ অক্টোবৰত দায়িত্ব গ্রহণ কৰিছে৷ ইয়াৰ পূর্বে ৱেষ্টার্ন এয়াৰ কমাণ্ডৰ মুৰব্বী হিচাপে চৌধাৰী চীনৰ আগ্রাসী ভূমিকা সন্দর্ভত সম্পূর্ণৰূপে অৱগত৷ বায়ুসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পূর্বেও চৌধাৰীয়ে লাডাখ সীমান্ত পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল৷ তাৎপর্যপূর্ণ যে চীনৰ যিকোনো দুঃসাহসিক অভিযান প্রতিৰোধ কৰাৰ বাবে লেহৰ বিমান ঘাটিত ৰাফেল যুদ্ধবিমান মোতায়েন কৰাৰ লগতে মিগ–২৯ যুদ্ধবিমানো মজুত কৰি ৰাখিছে৷