নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ নামত ধন দাবীঃ দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা  ১৯ অক্টোবৰঃ নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফাৰ নামত ধন দাবী কৰি তেজপুৰৰ ৰণজিৎ মহন্ত আৰু বালিপৰা লোক্ৰাৰ মলয় গোস্বামী নামৰ দুজন লোক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, তেজপুৰৰ বিভিন্ন ব্যৱসায়ীৰপৰা ফোনযোগে আলফাৰ নামত বিভিন্ন সময়ত মোটা অংকৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল লোককেইজনৰ বিৰুদ্ধে । পিছত এক অভিযোগৰ ভিত্তিত
আৰক্ষীয়ে অভিযান চলাই লোক দুজনক গ্ৰেপ্তাৰ কৰে । বৰ্তমান সময়ত আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোককেইজনক সোধা -পোছা অব্যাহত ৰাখিছে।

উল্লেখ্যে যে, সুশীল গোলচা নামৰ ব্যবসায়ী এজনৰ অভিযোগৰ ভিত্তিত ৰণজিৎ মহন্ত আৰু মলয় গোস্বামীক গ্ৰেপ্তাৰ কৰা হয় । লোককেইজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ ২২৪৩/২১ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি) /৩৪৭/ I p c ১০/১৩ ইউ পি (ক)act বুলি জানিব পৰা গৈছে।

You might also like