নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রস্তুতি পৰাশৰৰ প্রথম পৰিচালনাৰে আহি আছে ‘ৰাজকুমাৰী’

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ‘ৰত্নাকৰ’ বক্স অফিচত ছুপাৰহিট হোৱাৰ পিছত নৱবর্ষত সম্পূর্ণ নতুন পৰিকল্পাৰে নির্মাণ হ’ব জনপ্রিয় নাট্যকাৰ অভিজিত ভট্টাচার্যৰ কাহিনী–চিত্রনাট্য সংলাপেৰে নতুন ছবি ‘ৰাজকুমাৰী’৷

সর্থেবাৰীৰ উদীয়মান প্রযোজক গুণজিত বর্মনে হীৰামণি প্রডাকচনৰ বেনাৰত প্রথমবাৰলৈ নির্মাণ কৰিবলৈ লোৱা ‘ৰাজকুমাৰী’ হ’ব মোহময়ী অভিনেত্রী প্রস্তুতি পৰাশৰৰ পৰিচালনাৰ প্রথমখন ছবি৷

দেওবাৰে হোটেল গেটৱে গ্রেণ্ডৱেৰত আয়োজিত অনুষ্ঠানত ছবিখনৰ নির্মাণ সন্দর্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে এটি টীজাৰো মুকলি কৰে ‘টীম ৰাজকুমাৰী’য়ে৷

উল্লেখ্য যে অভিনয় জগতৰ ‘মহাৰাণী’ প্রস্তুতিয়ে দীর্ঘ সময়ৰ অন্তত পুনৰ ছবিজগতলৈ প্রত্যাৱর্তন কৰিছে৷ ‘ৰামধেনু’ৰ পিছত ‘ৰাজকুমাৰী’ত একেলগে দেখা পোৱা যাব প্রস্তুতি আৰু উৎপল দাসক৷ এটি পাৰিবাৰিক, প্রেম–দ্বন্দ–সংঘাত লৈ সম্পূর্ণ বাণিজ্যিক ভিত্তিত নির্মাণ কৰিব লগা ছবিখনত অভিনয় কৰিব– অৰুণ নাথ, প্রস্তুতি পৰাশৰ, উৎপল দাস, ৰিম্পী দাস, অর্পণা দত্ত চৌধুৰী, বিভূতিভূষণ হাজৰিকা, প্রীতম বৰুৱা, সুকুমাৰ বর্মন, কোকিল শইকীয়া আদিয়ে৷ ছবিখনৰ সংগীত অজয় ফুকনৰ৷ সম্পাদনা সমুজ্জ্বল কাশ্যপৰ৷ সহযোগী পৰিচালক চিত্তৰঞ্জন পৰাশৰ৷

‘ৰাজকুমাৰী’ৰ ‘দুর্ধর্ষ, একচন দৃশ্যবোৰ পৰিচালনা কৰিব দক্ষিণৰ ‘একচন ডাইৰেক্ট’ৰৰ এটা দলে৷ এটা পৰিয়ালৰ পিতৃ–পুত্র আৰু কন্যাৰ আৱেগিক সম্বন্ধক লৈ অভিজিৎ ভট্টাচার্যৰ চিত্রনাট্য–কাহিনীৰে প্রস্তুতি পৰাশৰৰ প্রথম পৰিচালনাৰ ছবিখনৰ দৃশ্যগ্রহণ অহা এপ্রিলৰ শেষ সপ্তাহত আৰম্ভ হ’ব৷ চলিত বর্ষৰ শেষ ভাগত ছবিখনৰ নির্মাণ সম্পূর্ণ কৰা হ’ব বুলিও ‘টীম ৰাজকুমাৰী’য়ে সদৰী কৰিছে৷

উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত আছিল কেইবাগৰাকীও শিল্পী ক্রমে, বিদ্যা ৰাও, বাণী দাস, চন্দ্র মুদৈ, হেমেন দাস, তৰালি শর্মা, সাংস্কৃতিক সঞ্চালক বিষ্ণু কমল বৰা আদি৷

You might also like