নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰটিপিচিআৰ নিগেটিভ প্রমাণ–পত্র বাধ্যতামূলক

ভাৰতলৈ অহা আন্তর্জাতিক বিমানযাত্রী

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ  ভাৰতলৈ অহা সকলো আন্তর্জাতিক বিমান যাত্রীৰ বাবে নিগেটিভ আৰ টি পি চি আৰ পৰীক্ষাৰ প্রমাণ–পত্র বাধ্যতামূলক কৰা হৈছে৷ আন্তর্জাতিক বিমান যাত্রীৰ বাবে সংশোধিত ক’ভিড–১৯ নির্দেশনা অনুযায়ী অহা ২৫ অক্টোবৰৰ পৰা প্রযোজ্য হোৱাকৈ সকলো আন্তর্জাতিক বিমান যাত্রীৰ নিগেটিভ আৰ টি পি চি আৰ পৰীক্ষাৰ প্রমাণ–পত্র বাধ্যতামূলক কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে সম্প্রতি চলি থকা আন্তর্জাতিক বিমান যাত্রীৰ বাবে ক’ভিড–১৯ নির্দেশনা আজি সংশোধন কৰি এই সিদ্ধান্ত গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে ভাৰতত ক’ভিড–১৯ ভেকচিন অভিযান ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ অতিশীঘ্রেই ভেকচিন প্রদান ১০০ কোটি স্পর্শ কৰিব৷ ঠিক তেনেদৰে দেশজুৰি ক’ভিডৰ সংক্রমণ হ্রাস পাইছে৷ কিন্তু আন্তর্জাতিক পর্যায়ত ক’ভিডৰ লক্ষণ সলনি হোৱাৰ পৰিপ্রেক্ষিতত ভাৰতলৈ অহা আন্তর্জাতিক বিমান যাত্রীক লৈ চলি থকা ক’ভিড নির্দেশনা সংশোধন কৰা হৈছে বুলি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰিছে৷

You might also like