চন্দ্রপুৰত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংক
নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ পৰিত্যক্ত অৱস্থাত থকা চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্প চৌহদ সম্প্রতি নাহৰফুটুকীৰ বিচৰণভূমিলৈ ৰূপান্তৰ হৈছে৷ প্রাপ্ত তথ্য অনুসৰি হাবি–জংঘলেৰে পৰিপূর্ণ হৈ থকা প্রকল্প চৌহদত এতিয়া দিনে–নিশাই নাহৰফুটকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷ শেহতীয়াকৈ যোৱা কিছুদিন ধৰি কেইবাগৰাকী সুৰক্ষা কর্মী আৰু স্থানীয় ৰাইজ বাঘৰ মুখামুখি হোৱা ঘটনাই এলেকাটোত এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ জানিব পৰা মতে, প্রকল্পটোৰ পৰিত্যক্ত অট্টালিকাত পোৱালিসহ কেইবাটাও নাহৰফুটুকী বাঘে অৱস্থান কৰি আছে৷ দুই–এজন সুৰক্ষা কর্মীয়ে আনকি একাধিকবাৰ মুখামুখিও হৈছে৷ এগৰাকী কর্মীয়ে জানিবলৈ দিয়া মতে কেইদিনমান পূর্বে প্রকল্পৰ ১নং টার্বাইন হাউছৰ খিৰিকীৰে স্পষ্ট ৰূপত প্রকণ্ড নাহৰফুটুকী এটা প্রত্যক্ষ কৰি দূৰৰ পৰাই ম’বাইলত আবদ্ধ কৰি ৰাখে বাঘটোৰ প্রতিচ্ছবি৷ তেতিয়াৰে পৰা সুৰক্ষা কর্মীসকলেও আতংকিত পৰিৱেশৰ মাজেৰে কর্তব্য সম্পাদন কৰিব লগা হৈছে৷
আনহাতে আন এগৰাকী কর্মচাৰীও সন্ধিয়া প্রকল্পৰ মাজেৰে বাইকেৰে গৈ থকা অৱস্থাত আকস্মিকভাৱে মুখামুখি হয়৷ অৱশ্যে সৌভাগ্যক্রমে সুকলমে সেই স্থান অতিক্রমি কোনোমতে নাহৰফুটুকীটোৰ পৰা ৰক্ষা পৰে কর্মচাৰীজন৷ ইতিমধ্যে প্রকল্পৰ ঊর্ধ্বতন কর্তৃপক্ষক বিষয়টো কর্ণগোচৰ কৰাত স্থানীয় আৰক্ষী আৰু বন বিভাগক অৱগত কৰে কর্তৃপক্ষই৷ জানিব পৰা মতে, বন বিভাগৰ লোক চৌহদত উপস্থিত হৈ নাহৰফুটুকীৰ অৱস্থানৰ বিষয়ে বুজ লয় আৰু শীঘ্রে ব্যাঘ্র পিঞ্জৰা স্থাপন কৰাৰ প্রতিশ্রুতি দিয়ে যদিও আজি পর্যন্ত স্থাপন নকৰাত অধিক আতংকিত হৈছে কর্মচাৰীৰ লগতে অঞ্চলবাসী৷ উল্লেখ্য যে ১৯৯৯ চনৰ পৰা উৎপাদন কার্য বন্ধ হৈ আছে প্রকল্পটোৰ৷ তাৰ পিছৰে পৰা চৌহদটো ঘন জংঘলেৰে আৱৰি ধৰাত বাঘকে ধৰি অন্যান্য বন্যপ্রাণীৰ বিচৰণভূমিত পৰিণত হৈছে৷ কেইবছৰমান পূর্বে বন বিভাগে পিঞ্জৰা স্থাপন কৰিছিল যদিও আবদ্ধ কৰিব পৰা নাছিল৷ তদুপৰি প্রায়ে পশুধনৰ নিখোজৰ ঘটনাই বাঘৰ অৱস্থিতিৰ সন্দেহ কৰিছিল স্থানীয় বাসিন্দাই৷শেহতীয়াকৈ বিগত কিছুদিন ধৰি পুনৰ বাঘৰ মুক্ত বিচৰণৰ ঘটনাত অধিক আতংকিত হৈ শীঘ্রে ব্যৱস্থা গ্রহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷