নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিৰ খানৰ বিজ্ঞাপনক লৈ বিতর্কঃ হিন্দুৰ অনুভূতিক আঘাত বিজ্ঞাপনক লৈ ক্ষুব্ধ বিজেপি নেতা

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ প্রখ্যাত টায়াৰ কোম্পানী চিয়েট লিমিটেডৰ এক বিজ্ঞাপনত অভিনয় কৰি বিতর্কত সোমাই পৰিছে বলীউডৰ ছুপাৰ ষ্টাৰ আমিৰ খান৷ বিজ্ঞাপনত আমিৰ খানে ৰাস্তাত ফট্কা নুফুটাবলৈ জনোৱা বার্তাক সমর্থন জনালেও কর্ণাটকৰ বিজেপি সাংসদ অনন্ত কুমাৰ হেগড়েই বিজ্ঞাপনটোৱে হিন্দুৰ অনুভূতিক আঘাত কৰিছে বুলি ক্ষুব্ধ হৈ পৰিছে৷

সাংসদগৰাকীয়ে কোম্পানীটোৰ এম ডি আৰু চি ই অ’ অনন্ত বর্ধন গোৱেংকালৈ পত্র লিখিছে৷ পত্রত উল্লেখ কৰা হৈছে যে কোম্পানীটোৱে হিন্দুবিৰোধী আমিৰ খানক লৈ ৰাস্তাত ফট্কা নুফুটাবলৈ যি বিজ্ঞাপন প্রচাৰ কৰিছে সেই বিষয়টো প্রশংসনীয়৷ কিন্তু আমিৰ খানৰ এই বক্তব্যই হিন্দুৰ মাজত অশান্তিৰ সৃষ্টি কৰিব পাৰে৷

You might also like