নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বান ৰোধৰ পদক্ষেপ গুৱাহাটী পৌৰ নিগমৰঃ অত্যাধুনিক ছুপাৰ চাকাৰেৰে নলা–নর্দমা পৰিষ্কাৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ কৃত্রিম বান সমস্যাই গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰি আহিছে৷ সাধাৰণ এজাক বৰষুণতে মহানগৰীৰ বহু অঞ্চল কৃত্রিম বানত বুৰ যোৱাৰ লগতে হাতীগাঁও, ৰুক্মিণীগাঁও, পাণ্ডু আদি অঞ্চলত দুদিন ধৰি বোকা–পানী গচকি অঞ্চলবাসীয়ে যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

বিগত দুটা দিনত মহানগৰবাসীয়ে কৃত্রিম বানত জলাকলা খাবলগীয়া হৈছে৷ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ নলা–নর্দমা পৰিষ্কাৰৰ বাবে ১০খনকৈ ছুপাৰ চাকাৰ ক্রয় কৰাৰ পৰিকল্পনা গ্রহণ কৰিছিল৷ এই পৰিকল্পনা অনুসৰি জিএমচি কর্তৃপক্ষই দুখনকৈ ছুপাৰ চাকাৰ ইতিমধ্যে গুৱাহাটীলৈ আনিছে৷ কালি চানমাৰিত প্রায় তিনি ঘণ্টা ধৰি ছুপাৰ চাকাৰ দুখনেৰে নলা–নর্দমা পৰিষ্কাৰ কৰে৷ পৌৰ আয়ুক্ত দেৱাশীষ শর্মাই জানিবলৈ দিয়া মতে ইণ্ডোৰ, আহমেদাবাদৰ দৰে চহৰসমূহত ছুপাৰ চাকাৰ ব্যৱহাৰ কৰি নলা–নর্দমা পৰিষ্কাৰ কৰি কৃত্রিম বান ৰোধত সফলতা লাভ কৰিছে৷ সেয়েহে এই চহৰকেইখনৰ দৰে গুৱাহাটীতো পৰীক্ষামূলকভাৱে কালি দুখনকৈ ছুপাৰ চাকাৰে চানমাৰিৰ নলা–নর্দমা পৰিষ্কাৰ কৰা হয়৷

পৰৱর্তী সময়ত ১০খনকৈ ছুপাৰ চাকাৰে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰা হ’ব৷ ছুপাৰ চাকাৰ ব্যৱহাৰ কৰি নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰিলে কৃত্রিম বান সমস্যাৰ পৰা মহানগৰবাসীয়ে সকাহ লাভ কৰিব বুলিও পৌৰ আয়ুক্তগৰাকীয়ে আশা প্রকাশ কৰে৷ উল্লেখ্য যে প্রতিখন ছুপাৰ চাকাৰ প্রায় ১.২০ কোটি টকা ব্যয়সাপেক্ষে ক্রয় কৰা হৈছে৷ শীঘ্রেই আৰু ৮খন ছুপাৰ চাকাৰ গুৱাহাটী আহি পাব৷ পৌৰ নিগমৰ কর্মচাৰীক প্রশিক্ষণ প্রদান কৰি এইন অত্যাধুনিক ছুপাৰ চাকাৰেৰে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰিব নিগম কর্তৃপক্ষই৷

ইফালে আজি পুৱা অহা এজাক বৰষুণত মহানগৰীৰ মালিগাঁও আৰু পাণ্ডুৰ কেইবাটাও অঞ্চল কৃত্রিম বানত বুৰ যায়৷ দুদিন পূর্বে পাণ্ডুত কৃত্রিম বানত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিল৷ আজি পুনৰ কৃত্রিম বানত অঞ্চলটো বুৰ যোৱাত শীঘ্রেই অঞ্চলটোক কৃত্রিম বানমুক্ত কৰাৰা ব্যৱস্থা কৰিবলৈ অঞ্চলবাসীয়ে পৌৰ নিগম কর্তৃপক্ষ আৰু চৰকাৰক দাবী জনাইছে৷ উল্লেখ্য যে পূর্বতেও অত্যাধুনিক মেচিনেৰে মহানগৰীৰ মেনহল পৰিষ্কাৰ কৰি চমক সৃষ্টি কৰিছিল পৌৰ নিগমে৷ কিন্তু কোটি কোটি টকা ব্যয় কৰি ক্রয় কৰা এই অত্যাধুনিক মেচিনসমূহেৰে মেনহল পৰিষ্কাৰ কৰা দেখা নগ’ল৷ শেহতীয়াকৈ পৌৰ নিগমে ছুপাৰ চাকাৰে নলা–নর্দমা পৰিষ্কাৰ কৰাৰ আঁচনি গ্রহণ কৰিছে যদিও এয়া কিমান কার্যকৰী হয়, সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like