“বৰ্তমান পৰিস্থিতিত নামনি অসম মুঠেই নিৰাপদ নহয়, সেই অপশক্তিক আমি পৰাভুত কৰিবই লাগিব”: ভৱানীপুৰত মুখ্যমন্ত্ৰী ড° শৰ্মা
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: “বজালী ,বৰপেটাৰ পৰা আৰম্ভ কৰি গৌৰিপুৰ , ধুবুৰী ,বিলাসীপাৰা পৰ্যন্ত সমগ্ৰ নামনি অসমত আমি জাতি-মাটি-ভেটি, চিন্তা, আমাৰ শক্তি আমি গোটেইখিনি আজি হেৰুৱাই পেলাইছো । তদুপৰি এই সাম্প্ৰদায়িক শক্তি সমুহৰ যি বিকাশ আৰু তেওঁলোকৰ যি আগ্ৰাসী মনোভাৱ , সেই আগ্ৰাসী মনোভাৱৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ জাতিটো আজি ঐক্যবদ্ধ নহয়। গতিকে এই অপশক্তিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ আজি সময় সমাগত। আমি সকলোৱে ঐক্যবদ্ধভাৱে থিয় হ’বই লাগিব । ” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত টাপা হাইস্কুল খেল পথাৰত আজি বিজেপি দলৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত অনুস্থিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বই পুনৰ কয় যে , আমি এক অপশক্তিৰ কৱলত পৰি আজি আমি সত্ৰৰ মাটি হেৰুৱাইছো, আমি আমাৰ চিনাকি হেৰুৱাইছো, আমি আমাৰ পৰিচয় হেৰুৱাইছো । কিন্তু ইমানখিনিৰ পিছতো কিন্তু আমি আজি সকলোৱে ঐক্যবদ্ধ হ’ব পৰা নাই, আমি সকলোৱে এক হৈ থাকিব পৰা নাই । আমি লাহে লাহে বৰপেটা, বজালী, ধুবুৰী , বিলাসীপাৰা আদি ঠাইৰ মাটি সমুহ বিক্ৰী কৰি কেৱল গুৱাহাটীমুখী হৈছো । নিজৰ মাটি য’ত আমি প্ৰজন্মৰ পিছত প্ৰজন্ম বাস কৰি আছিলো , সেই মাটি আজি আমি কাৰোবাক এৰি দিছো । এতিয়া গাঁৱৰ নাম শুনিব যে ঠাকুৰ কুছি , কিন্তু সেই গাঁও বিলাকত এতিয়া কিন্তু আমাৰ সংস্কৃতি নাই । তাত আমি নিজৰ চিনাকি হেৰুৱাই পেলাইছো । আমি কোনোবা বিজেপি , কোনোবা এজিপি , কোনোবাই কংগ্ৰেছ কৰি এক ঠেক গণ্ডিৰে আমাৰ জাতিটোক আগুৱাই দিয়াৰ ফলতে আমাৰ জাতিৰ আজি নিজৰ মাটি – ভেটি নিজৰ ভৰিৰ তলৰ পৰা বেলেগক দি আছো বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।
তেওঁ পুনৰ কয় যে , বিগত পাচ মাহে আমি অবিৰতভাৱে চেষ্টা কৰি আছো যে অসমীয়া জাতিয়ে আকৌ প্ৰান পাই উঠক । আমাৰ বৰ অসমখনৰ ভেটি আকৌ এবাৰ নিৰ্মান হওক । আজি আমি গৰুখুটিৰ দৰে অঞ্চলত সাহকিকতাৰে বিভিন্ন দেশ বিদেশত আমাক সমালোচনা কৰা স্বত্বেও আমি আমাৰ জাতি মাটি ভেটিৰ বাবে আমি সাহকিকতাৰে বৰ অসমৰ পুনৰ নিৰ্মানৰ বাবে চৰকাৰ আৰু ৰাইজে মিলি পুনৰ ওলাই আহিছো । যি গৰুখুটিৰ দৰে স্থানত বহু দুৰ দুৰণি লৈকে কোনো ভাগৱত নাছিল । যত বহু দুৰ দুৰণিলৈকে কোনো মন্দিৰ , নামঘৰ , সত্ৰ নাছিল আৰু যদিও আছিল সেয়া হেৰাই গৈছিল । কিন্তু আজি আমি সেই স্থানত আকৌ এবাৰ হৰিধধনিৰে মুখৰিত কৰি তুলিবলৈ সক্ষম হৈছো। গতিকে আগন্তুক পাঁচ বছৰত যদি আমি ৰাইজৰ আশিৰ্বাদ পাও তেন্তে যি ঠাইত বৰ্তমান কোনো হৰিধধনিৰ শব্দ নোহোৱা হৈছে , যি বিলাক জাগাত ৰাম কৃষ্ণ , শিৱৰ কথা নোহোৱা হৈ গৈছে সেই সেই ঠাই সমুহত আকৌ সনাতন , সভ্যতা ,সংস্কৃতিৰ জয়গান আৰম্ভ হ’ব সেয়া আমি দৃঢ়তাৰে কব পাৰো।
আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে এআই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে , এইবাৰৰ উপ নিৰ্বাচনত আমি আজমলৰ দৰে অপশক্তিক যিকোনো প্ৰকাৰে বাধা দিবই লাগিব। এইজন আজমলেই বৰ্তমান ভৱানীপুৰ সমষ্টিত প্ৰচাৰ কৰিব লাগিছে যে , অসমত তেওঁলোক নিৰাপদ নহয় । কিন্তু অসমত বৰ্তমান কোনে নিৰাপদ নহয় সেই বিচাৰ কোনোবাইতো কৰিবই লাগিব । গতিকে এইবাৰৰ উপ নিৰ্বাচনত এআই ইউ ডি এফ , কংগ্ৰেছৰ দৰে অপশক্তিক পৰাজিত কৰি ভৱানীপুৰ সমষ্টিবাসী ৰাইজে জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি সকলোৱে আকৌ এবাৰ নিজকে উৎসৰ্গিত কৰিব লাগে বুলিও ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিত ৰাইজক মুকলি আহ্বান জনায় ।
Input: ভূষণ তালুকদাৰ