বিশিষ্ট প্রত্নতত্ত্ববিদ ড০ ৰবীন্দ্র দেৱচৌধুৰীৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ বিশিষ্ট প্রত্নতত্ত্ববিদ অসমৰ সুযোগ্য সন্তান ড০ ৰবীন্দ্র দেৱচৌধুৰী আৰু নাই৷ নতুন দিল্লীস্থিত ৰাষ্ট্রীয় সংগ্রহালয়ৰ প্রাক্তন সঞ্চালকপ্রধান–বিশ্ সমপর্যায়ৰ শিক্ষানুষ্ঠানত নেচনেল মিউজিয়াম ইনষ্টিটিউটৰ উপাচার্য ড০ দেৱচৌধুৰীয়ে দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি মহানগৰীৰ হায়াট হাস্পতালত সন্ধিয়া ৬.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ৷ ড০ দেৱচৌধুৰীৰ বিয়োগত অসমৰ লগতে দেশৰ শৈক্ষিক তথা বৌদ্ধিক জগতত শোকৰ ছাঁ পৰিছে৷ ৰাষ্ট্রীয় সংগ্রহালয়ৰ সঞ্চালকপ্রধানৰ দৰে গুৰুত্বপূর্ণ পদত অধিষ্ঠিত হোৱা প্রথমজন অসমীয়া ড০ দেৱচৌধুৰীৰ জন্ম হৈছিল অবিভক্ত বৰপেটা জিলাৰ পাটাছাৰকুছি গাঁৱত ১৯৪৪ চনৰ ১ মে’ত৷ এটা পিছপৰা অঞ্চল আৰু সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰিও নিজ মেধা আৰু ব্যুৎপত্তিৰ বাবে ড০ দেৱচৌধুৰীয়ে নিজকে ৰাষ্ট্রীয় প্রেক্ষাপটত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ১৯৬৩ চনত তেতিয়াৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰি ড০ দেৱচৌধুৰীয়ে মধ্যপ্রদেশৰ সাগৰ বিশ্ববিদ্যালয়ত ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্ব বিষয়ত স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰে৷
সাগৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্রী সুখ্যাতিৰে লাভ কৰা ড০ দেৱচৌধুৰীয়ে পুনেৰ ডেক্কান পোষ্ট গ্রেজুৱেট এণ্ড ৰ’জ ইনষ্টিটিউটত গৱেষণা কার্যত ব্রতী হয়৷ তাৰ পৰাই তেওঁ লাভ কৰে ডক্টৰেট ডিগ্রী৷ ড০ দেৱচৌধুৰীয়ে ১৯৭০ চনৰ ১৪ জুলাইত অসম ৰাজ্যিক সংগ্রহালয়ত এছিছটেণ্ট কিউৰেটৰ হিচাপে যোগদান কৰি কর্মজীৱনৰ পাতনি মেলিছিল৷ পৰৱর্তী সময়ত তেওঁ কিউৰেটৰলৈ পদোন্নতি লাভ কৰি ১৯৮৩ চনত অসম ৰাজ্যিক সংগ্রহালয়ৰ সঞ্চালক পদত অধিষ্ঠিত হয়৷ অসম ৰাজ্যিক সংগ্রহালয়ত ড০ দেৱচৌধুৰীৰ অৱদান চিৰস্মৰণীয়৷ ১৯৮৮ চনৰ ২০ ডিচেম্বৰত তেওঁ ৰাষ্ট্রীয় সংগ্রহালয়ৰ সঞ্চালকপ্রধানৰ দায়িত্ব গ্রহণ কৰে৷ সেই সূত্রে এখন বিশ্ববিদ্যালয়ৰ সমপর্যায়ৰ শিক্ষানুষ্ঠান নেচনেল মিউজিয়াম ইনষ্টিটিউটৰো উপাচার্য পদ তেওঁ চম্ভালে৷ ব্যস্ততাপূর্ণ কর্মজীৱনৰ সমান্তৰালভাৱে ড০ দেৱচৌধুৰীয়ে প্রত্নতত্ত্ব–ইতিহাস সম্পর্কীয় বিভিন্ন ৰাষ্ট্রীয় সংগঠনৰে নিজকে জড়িত কৰি ৰাখিছিল৷
তদুপৰি তেওঁ জীৱিত কালত ৰচনা কৰি থৈ গৈছে কেইবাখনো গুৰুত্বপূর্ণ গ্রন্থ৷ অৱসৰৰ পাছত গুৱাহাটীৰ বামুণীমৈদামত বসবাস কৰা ড০ দেৱচৌধুৰী মিউজিয়াম এছ’চিয়েচন অৱ ইণ্ডিয়া, ইণ্ডিয়ান আর্কি’লজিকেল ছ’চাইটী, কামৰূপ অনুসন্ধান কমিটী, অসম সাহিত্য সভা, নুমিছমেটিক ছ’চাইটী অৱ ইণ্ডিয়া, ইণ্ডিয়ান হিষ্টৰী এণ্ড কালচাৰ ছ’চাইটী আৰু ইণ্ডিয়ান আর্ট হিষ্টৰী কংগ্রেছৰ আজীৱন সভ্য আছিল৷ ইণ্ডিয়ান আর্ট হিষ্টৰী কংগ্রেছৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক ড০ দেৱচৌধুৰীয়ে মৃত্যুৰ সময়লৈকে সংগঠনটোৰ সভাপতি পদত কার্যনির্বাহ কৰিছিল৷ তেওঁ ৰচনা কৰা গ্রন্থসমূহৰ ভিতৰত ‘আর্কি’লজী অৱ দ্য ব্রহ্মপুত্র ভেলী অৱ আছাম’, ‘মনুমেণ্টছ অৱ আছাম’, ‘মিউজিয়ামছ অৱ নর্থ–ইষ্ট ইণ্ডিয়া’, ‘এ ছ’চ বুক অৱ দ্য নিউমিছমেটিক ষ্টাডিজ ইন নর্থ–ইষ্ট ইণ্ডিয়া’, ‘আর্ট হিষ্টৰী অৱ ত্রিপুৰা’ আৰু ‘দ্য হেণ্ড বুক অৱ আছাম ষ্টেট মিউজিয়াম’ উল্লেখযোগ্য৷ শাৰীৰিক অসুস্থতাৰ কাৰণে যোৱা ২৩ ছেপ্ঢেম্বৰত চিকিৎসাধীন কৰা ড০ দেৱচৌধুৰীৰ বিয়োগত জন্মভূমি পাটাছাৰকুছিতো শোকৰ ছাঁ পৰিছে৷