নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখ্যাত বাতৰি পৰিৱেশক অৱন বৰপূজাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ আকাশবাণী গুৱাহাটীৰ অৱসৰপ্রাপ্ত সহকাৰী সঞ্চালক তথা সুখ্যাত বাতৰি পৰিৱেশক অৱন বৰপূজাৰীৰ বৃহস্পতিবাৰে বার্ধক্যজনিত কাৰণত মৃত্যু হয়৷ শাৰীৰিক অসুস্থতাৰ বাবে পৰিয়ালৰ লোকে যোৱা ৯ অক্টোবৰত মহানগৰীৰ ডাউন টাউন হাস্পতালত ভর্তি কৰায় যদিও হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত তেওঁ বৃহস্পতিবাৰে পুৱা ৫.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ৷ ১৯৪৯ চনৰ দুই জুলাইত যোৰহাটৰ টীয়কৰ মুদৈজানত জন্মগ্রহণ কৰা বৰপূজাৰীয়ে যোৰহাটত প্রাথমিক শিক্ষা গ্রহণ কৰাৰ পাছত জে বি কলেজৰ পৰা আই এ পাছ কৰি পৰৱর্তী সময়ত কটন মহাবিদ্যালয় (কটন বিশ্ববিদ্যালয়)ৰ পৰা বুৰঞ্জী বিষয়ত অনার্ছসহ স্নাতক ডিগ্রী গ্রহণ কৰে৷

ইয়াৰ পাছত তেওঁ মৰিয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকৰী শিক্ষক হিচাপে কর্মজীৱনৰ পাতনি মেলি কিছুদিন শিক্ষকতা কৰে৷ পৰৱর্তী সময়ত ১৯৬৪ চনত তেওঁ দিল্লীস্থিত আকাশবাণীত বাতৰি পৰিৱেশক হিচাপে যোগদান কৰে৷ ১৯৮৪ চনত আকাশবাণীৰ কার্যালয় গুৱাহাটীলৈ স্থানান্তৰিত হোৱাত তেওঁ দীর্ঘদিন আকাশবাণীত বাতৰি পৰিৱেশক হিচাপে কর্মৰত হৈ শেষত সহকাৰী সঞ্চালক হিচাপে কার্যনির্বাহ কৰে৷ আকাশবাণীৰ সহকাৰী সঞ্চালক হিচাপে তেওঁ যোৱা ২০০০ চনত অৱসৰ গ্রহণ কৰে৷ জনপ্রিয় বাতৰি পৰিৱেশকৰ উপৰি তেওঁ অনাতাঁৰ নাটকত অংশ লৈ শ্রোতাৰ মাজত জনপ্রিয় হৈছিল৷

এগৰাকী জনপ্রিয় বাতৰি পৰিৱেশক হোৱাৰ লগতে তেওঁ গল্পকাৰ, কবি আৰু ঔপন্যাসিকো আছিল৷ তেওঁৰ একমাত্র উপন্যাসখন হৈছে ‘ভ্রমণ’৷ যোৰহাটৰ বাসিন্দা হৰিনাম বৰপূজাৰী আৰু তৰামাই বৰপূজাৰীৰ সুযোগ্য সন্তান অৱন বৰপূজাৰী অমায়িক স্বভাৱৰ আৰু মৃদুভাষী আছিল৷ অৱসৰ গ্রহণ কৰি গুৱাহাটীস্থিত গান্ধীবস্তিৰ নিজ গৃহত বাস কৰি থকাৰ সময়তে তেওঁ অন্যান্য কেইবাটাও ৰোগত আক্রান্ত হৈছিল৷ আজি দুপৰীয়া ক’ভিড বিধি অনুসৰি মহানগৰীৰ ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত আকাশবাণী গুৱাহাটী কেন্দ্রৰ কর্মচাৰীবৃন্দৰ লগতে বহু বিশিষ্ট ব্যক্তি আৰু দল–সংগঠনে গভীৰ শোক প্রকাশ কৰি পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত বৰপূজাৰীয়ে পত্নী বন্তি বৰপূজাৰী আৰু একমাত্র পুত্র অনুপল বৰপূজাৰীসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷

You might also like