ধুবুৰীৰ তামাৰহাটত হৃদয় বিদাৰক ঘটনা; অগ্নিকাণ্ডত ভষ্মীভূত ৯ বছৰীয়া শিশু
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: আজি সন্ধিয়া ধুবুৰী জিলাৰ আমাৰহাটৰ নাটাবাৰী তৃতীয় খণ্ড গাওঁত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। গাওঁখনৰ বাসিন্দা জনৈক কোৰান আলীৰ ঘৰত আজি সন্ধিয়াৰ ভাগত সূত্ৰপাত ঘটা এক ভয়ানক অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাবটিছে ৯ বছৰীয়া এটি নিষ্পাপ শিশু। মৰ্মান্তিক সেই ঘটনাটোৰ বিৱৰণী অনুসৰি, গাওঁখনৰে বাসিন্দা তখা প্ৰতিৱেশী জনৈক জালাল উদ্দিনৰ ৯ বছৰীয়া কন্যা ৰেশমিনা খাতুন নামৰ শিশুটিয়ে আজি সন্ধিয়া খেলিবলৈ আহিছিল কোৰান আলীৰ গৃহত। তাৰ পিছে পিছে অকষ্মাতে এক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল আলীৰ বাসগৃহত।নিজ গৃহত দাউ দাউকৈ এক অগ্নিৰ লোলিহান শিখা প্ৰত্যক্ষিত কৰি আতংকিত আলী পৰিয়ালৰ সকলোৰ মাজত হুৱাদুৱা লাগে আৰু পৰিয়ালটোৰ সকলোৱে নিৰাপদে নিজ গৃহৰ পৰা আঁতৰি যাবলৈ সক্ষম হয়। পিছে দুৰ্ভাগ্যজনক ভাৱে আলীৰ প্ৰতিবেশী জালাল উদ্দিনৰ কন্যা ৰেশমিনাই নামৰ শিশুটিয়ে গৃহটোত জুইৰ লোলিহান শিখাৰ মাজত আৱদ্ধ হৈ পৰে।
ঘটনাটোৰ উমান পাই গাওঁখনৰ ৰাইজে বহু চেষ্টা কৰি জুই নুমাবলৈ সক্ষম হয় যদিও ইতিমধ্যে কৰুণ মৃত্যক সাবটে ৰেশমিনা খাতুন নামৰ ৯ বছৰীয়া শিশুটোৱে। জানিব পৰা মতে ৬৩৬ নং তামাৰহাট এন, এন একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ৰেশমিনা খাতুন।
ইপিনে আজি সন্ধিয়াৰ এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি নাটাবাৰিকে ধৰি বৃহত্তৰ তামাৰহাট অঞ্চলত এতিয়া বিৰাজমান শোকৰ ছাঁ।
Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী