কেঁৰা চকুৰো চিকিৎসা আছে
সাধাৰণতে যিকোনো এটা বস্তু চালে দুয়োটা চকুৱে সমানে দৃষ্টি নিক্ষেপ কৰে৷ কিন্তু কেঁৰা চকুৰ ক্ষেত্রত এনে হোৱা দেখা নাযায়৷ কেঁৰা চকুই যেতিয়া একেটা দিশত, একে সময়তে, একে পৰিমাণে কাম নকৰে, তেতিয়া দুই চকুৰ লৰচৰ কৰাৰ এই অসামঞ্জস্যতাকে আমি কেঁৰা চকু বোলোঁ৷ ইংৰাজীত কোৱা হয়Squint৷ কেঁৰা চকু বিভিন্ন কাৰণত হ’ব পাৰে৷ কিন্তু এই চকুৰো শিশু অৱস্থাতেই চিকিৎসা কৰিব পাৰি৷ তেতিয়াহে ইয়াৰ সুফল পোৱা যায়৷
চিকিৎসাৰ প্রধান উদ্দেশ্য হ’ল দৃষ্টিশক্তি অটুট ৰখা৷ চছমা বা কণ্টেক্ট লেন্স ব্যৱহাৰ কৰি চকুৰ পাৱাৰৰ সমস্যা দূৰ কৰিব পাৰি৷ চকুৰ মাংসপেশীবিলাকৰ সমতুল কৰি চকুযুৰি চিধা কৰিবৰ বাবেSquint Surgery কৰিব লাগে৷ যিটো চকু অকামিলা বুলি চিনাক্ত কৰা হয়, সেইটো চকুৰ মেচিনৰ সহায়ত বিভিন্ন ধৰণৰ ব্যায়াম কৰিব পাৰি৷ সেয়ে শিশুটি লাহে লাহে ডাঙৰ–দীঘল হৈ আহিলে চকুযুৰিলৈ পূৰামাত্রা নজৰ ৰাখিব লাগে– দূৰৰ বস্তু ঠিকমতে দেখা পায় নে জোৰ কৰি চাব লাগে, সেই কথা জানি ল’ব লাগে৷ কোনো বস্তুৰ ফালে এফলীয়াকৈ চোৱাৰ অভ্যাস কৰিছে নেকি অথবা জুমি জুমি পঢ়িব বিচাৰিছে নেকি?
সেইবোৰ লক্ষ্য ৰাখিব লাগে৷ কিছুমান মানুহৰ অন্ধবিশ্বাস আছে যে কেঁৰা চকুৰ মানুহ সৌভাগ্যৰ লক্ষণ৷ অভিভাৱকৰ সূক্ষ্ম অসুবিধাবিলাক চকুত পৰাৰ লগে লগে চকু চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷ কাৰণ সঠিক সময়ত চিকিৎসা কৰিলে দৃষ্টিশক্তিৰ লগতে কেঁৰা চকু পোন কৰি মুখমণ্ডলৰ সৌন্দর্য অটুট ৰাখিব পাৰি৷