নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৫–১১ বছৰ বয়সৰ শিশুক ক’ভিড ভেকচিন প্রদানত অনুমোদন

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ আমেৰিকাৰ ফুড এণ্ড ড্রাগ এডমিনিষ্ট্রেচন (এফডিএ)ৰ তৰফৰ পৰা দীর্ঘদিন ধৰি তন্ন তন্নকৈ পর্যালোচনা চলোৱাৰ পিছত দেশখনত পাঁচৰ পৰা ১১ বছৰ বয়সৰ ভিতৰৰ শিশুসকলক ফাইজাৰৰ ক’ভিড ভেকচিন প্রদান কৰাৰ ক্ষেত্রত অনুমোদন জনোৱা হৈছে৷

চেণ্টার্ছ ফৰ ডিজিছ কণ্ড্র’ল (চিডিএছ)–এ আনুষ্ঠানিকভাৱে শিশুসকলক ক’ভিড ভেকচিন প্রদানৰ ক্ষেত্রত অনুমোদন জনায়৷ ৰাষ্ট্রপতি জ’ বাইডেনে ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে এই তথ্য৷ দেশবাসীৰ বাবে এয়া এক উৎসাহজনক সংবাদ বুলিও মন্তব্য কৰিছে বাইডেনে৷ ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রত আমেৰিকাৰ জনসাধাৰণৰ বাবে এয়া এক গুৰুত্বপূর্ণ সংবাদ বুলি নিজেই সন্তুষ্টি প্রকাশ কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ পিতৃ–মাতৃয়ে শিশুসকলক লৈ যি দুচিন্তাত আছিল এতিয়াৰ পৰা তেওঁলোকৰ তাৰ পৰা পৰিত্রাণ পাব বুলিও মন্তব্য কৰিছে বাইডেনে৷

You might also like