জলবায়ু সন্মিলনত ঝিৰ অনুপস্থিতিত ক্ষুব্ধ বাইডেন
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ স্কটলেণ্ডৰ গ্লাছগ’ত চলি থকা চি’পি–২৬ জলবায়ু সন্মিলনক লৈ বিশ্ববাসীৰ নজৰ বিভিন্ন দেশৰ নেতাসকলৰ ওপৰত নিবদ্ধ হৈ থকাৰ সময়তে চীন আৰু ৰাছিয়াৰ ভূমিকাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ৰাছিয়া প্রসংগত কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে এই সন্মিলনত অনুপস্থিত থাকি ডাঙৰ ভুল কৰা বুলি অভিহিত কৰিছে৷
উল্লেখনীয় যে ৰোমত অনুষ্ঠিত জি–২০ৰ সন্মিলন আৰু গ্লাছগ’ৰ জলবায়ু সন্মিলন সন্দর্ভত কোনো ধৰণৰ ইতিবাচক দৃষ্টিভংগী পোষণ কৰা নাই চীনৰ ৰাষ্ট্রপতি জিনপিঙে৷ নেতাগৰাকীয়ে এই দুয়োখন সন্মিলনক উপেক্ষা কৰাটো অতি উদ্বেগজনক বিষয় বুলিও মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ জিনপিঙৰ ভূমিকাত হতাশ বুলি উল্লেখ কৰি এডিনবার্গত এখন সংবাদ মেলত বাইডেনে চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে এনে আন্তর্জাতিক সন্মিলন বাদ দি ঘৰতে সোমাই থকাটো লজ্জাজনক ঘটনা৷ আন্তর্জাতিক মঞ্চৰ প্রভাৱৰ পৰা চীন উপেক্ষিত হ’ব বুলিও ঘোষণা কৰে বাইডেনে৷
স্মর্তব্য যে সমগ্র বিশ্বই জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰিবলৈ বিভিন্ন বিষয়ত সহমত পোষণ কৰাৰ সময়ত চীনে এইক্ষেত্রত অনিচ্ছা প্রকাশ কৰি নিজকে সন্দেহজনক অৱস্থানত ৰখা বুলিও আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰিছে৷ বিশ্বৰ সমগ্র দেশে এইক্ষেত্রত আমেৰিকাৰ নেতৃত্বৰ প্রতি লক্ষ্য কৰি থকা বুলি উল্লেখ কৰি চীনে এইক্ষেত্রত নিজৰ ভূমিকা প্রদর্শন নকৰি সকলোকে হতচকিত কৰিছে বুলিও নেতাগৰাকীয়ে মন্তব্য কৰে৷ ইফালে, আমেৰিকা আৰু চীনৰ মাজত দীর্ঘদিন ধৰি অঘোষিত বাণিজ্যিক যুদ্ধ চলি থকাৰ উপৰি দক্ষিণ চীন সাগৰৰ বিবদমান অঞ্চলৰ লগতে টাইৱানক কেন্দ্র কৰি তীব্র মতবিৰোধ চলি থকা প্রসংগত বাইডেনে কয় যে বেইজিঙৰ বিৰুদ্ধে ৱাশ্বিংটনে এতিয়াও সশস্ত্র সংঘাত বিচৰা নাই৷ ইতিমধ্যে ঝি জিনপিঙক সংঘাত নহয়, প্রতিযোগিতাৰ সময় বুলি বাইডেনে সকীয়াই থোৱা বুলিও সংবাদ মেলত উল্লেখ কৰে৷ লক্ষণীয়ভাৱে জলবায়ু সন্মিলনত জিনপিঙৰ অনুপস্থিতিক অন্য নেতায়ো সমালোচনা কৰিছে৷