নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছকার্ড বেংকৰ ঋণ কেলেংকাৰিত অভিযুক্ত অশোক শইকীয়াক গ্রেপ্তাৰ চিবিআইৰ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ সৰুমটৰীয়াস্থিত বাসগৃহত দেওবাৰে চলিল চি বি আইৰ অভিযান৷ দিনৰ ভাগৰ পৰা সন্ধিয়ালৈ দীর্ঘসময় ধৰি চলোৱা অভিযানৰ অন্তত আছাম ষ্টেট কো–পাৰেটিভ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংক (এছকার্ড)ৰ এক ঋণ কেলেংকাৰি গোচৰ সন্দর্ভত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ পুত্র অশোক শইকীয়াক দেশৰ সর্বোচ্চ অনুসন্ধানকাৰী সংস্থাটোৱে গ্রেপ্তাৰ কৰে৷ সম্প্রতি অশোক শইকীয়াক বেতকুছিস্থিত চি বি আইৰ কার্যালয়ত সোধা–পোছা কৰি থকা হৈছে৷

উল্লেখ্য যে ১৯৯৫–৯৬ বিত্তীয় বর্ষত এইচ পি এছ প্রাইভেট লিমিটেডৰ সঞ্চালক হিচাপে লোৱা ৯,৩৭,৭০১ টকাৰ ঋণ পৰিশোধ নকৰা আৰু মেছার্ছ আছাম ফুড প্রডাক্টছ লিমিটেড নামৰ সংস্থাটোৰ মুখ্য কার্যবাহী সঞ্চালক হিচাপে প্রৱঞ্চনা কৰাৰ অভিযোগ তুলি এছকার্ডৰ মুখ্য কার্যবাহী বিষয়া এন এন বৰকাকতিয়ে অশোক শইকীয়াৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ১৯৯৮ চনৰ ৬ এপ্রিলত দুখন এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰ দুখনৰ বিপৰীতে পল্টন বজাৰ আৰক্ষী থানাত ১৯৯/৯৮ আৰু ২০২/৯৮ নম্বৰৰ দুটাকৈ গোচৰ পঞ্জীয়ন হয়৷ পৰৱর্তী সময়ত ২০০১ চনত এই গোচৰ দুটা চি বি আইলৈ হস্তান্তৰ কৰা হৈছিল৷ চি বি আইৰ কলকাতাস্থিত কার্যালয়ে ইয়াৰ তদন্তৰ দায়িত্ব লৈ ক্রমে আৰ চি ৫/ই/২০০১–কলকাতা আৰু আৰ চি ৬/ই/২০০১–কলকাতা নম্বৰৰ গোচৰ দুটা নিজাববীয়াকৈ ৰুজু কৰে৷ ২০০৫ চনৰ ১৭ জুনত ৯/২০০৫ নম্বৰৰ চার্জশ্বীট দাখিল কৰাৰ পাছত আৰ চি ৬/ই/২০০১–কলকাতা নম্বৰৰ গোচৰটোৰ বিপৰীতে গুৱাহাটীস্থিত চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতে ২০১৩ চনৰ ১ অক্টোবৰত ৰায় দিছিল৷

চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতে এই গোচৰটোত অশোক শইকীয়াক দুবছৰৰ সশ্রম কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা আদায়ৰ নির্দেশ দিয়ে৷ এই ৰায়ৰ বিপৰীতে অশোক শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু বিষয়টো বর্তমানে বিচাৰাধীন অৱস্থাত আছে৷ ইফালে আৰ চি ৫/ই/২০০১–কলকাতা নম্বৰৰ ঋণ কেলেংকাৰি সম্পর্কীয় গোচৰটো সন্দর্ভত আজি সৰুমটৰীয়াস্থিত বাসভৱনত চি বি আইৰ কলকাতা কার্যালয়ৰ এটা দল উপস্থিত হৈ অশোক শইকীয়াক সোধা–পোছা কৰে৷ দীর্ঘসময় সোধা–পোছা কৰাৰ অন্তত তেওঁক গ্রেপ্তাৰ কৰি বাসভৱনৰ পিছফালৰ গেটেৰে চি বি আইৰ দলটোৱে লৈ যায়৷ ভাতৃ অশোক শইকীয়াক গ্রেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে বিৰোধী দলপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ জ্যেষ্ঠ পুত্র দেৱব্রত শইকীয়াই৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয়– মই ভাইটি অশোক শইকীয়াৰ অধিবক্তাক সুধিছোঁ৷ তেওঁ ক’লে– প্রকৃততে এনেকুৱা কোনো গোচৰেই হ’ব নালাগিছিল৷ চি বি আয়ে গ্রেপ্তাৰ কৰিব লগা নাছিল৷ কি কাৰণে গ্রেপ্তাৰ কৰিছে, সেয়া এতিয়া নকয় বুলি উল্লেখ কৰে দেৱব্রত শইকীয়াই৷ লগতে চি বি আয়ে জাৰি কৰা ন’টিচ ঘৰত নোপোৱাৰো তেওঁ দাবী কৰে৷ এই সন্দর্ভত দেৱব্রত শইকীয়াই কয় যে তেওঁলোক (চি বি আই)–এ বোলে কৈছে ন’টিচ দিয়া হৈছে৷ ঘৰত মা থাকেই৷ ক’ভিডৰ পৰা ক’লৈকো নাযায়৷ কিন্তু আমাৰ ঘৰত কোনোধৰণৰ ন’টিচ পোৱা নাই৷ সেইদৰে গ্রেপ্তাৰৰ পূর্বে অশোক শইকীয়াই সংবাদ মাধ্যমৰ আগত ২০১১ চনতে এছকার্ডক ঋণৰ ধন ৯,৩৭,৭০১ টকা সুদসহ আদায় দিয়া বুলি দাবী কৰে৷ লগতে ঋণ নিষ্পত্তি হোৱা সন্দর্ভত ২০১৫ চনৰ ২৮ অক্টোবৰত এছকার্ডৰ ভাৰপ্রাপ্ত মহাপ্রবন্ধক এইচ এন বৰাই প্রেৰণ কৰা পত্রও সংবাদ মাধ্যমক দেখুৱায় তেওঁ৷ সমগ্র বিষয়টো সন্দর্ভত অশোক শইকীয়াই কয় যে এছকার্ড বেংকৰ হৈ অসম চৰকাৰে চি বি আইত এটা গোচৰ তৰিছে৷ সেই গোচৰটোত মোকো জড়িত কৰিছিল৷ সেই গোচৰটোৰ লগত আছিল আন এটা গোচৰো৷ ইয়াৰে এটা গোচৰ আপীলত চলি আছে৷ দ্বিতীয় গোচৰটো হ’ল এটা কোম্পানীৰ নামত প্রায় ৯ লাখ টকা ঋণ লোৱাৰ বাবে৷ সেই ঋণটো ১৯৯৫–৯৬ বিত্তীয় বর্ষত লোৱা হৈছিল আৰু ২০১০–১১ বিত্তীয় বর্ষতে ইয়াৰ নিষ্পত্তি হৈছিল৷ কিন্তু বেংকে নিজে গৈ নিষ্পত্তি হোৱাৰ বিষয়টো চি বি আইৰ আদালতত জনোৱা নাছিল৷ যাৰ বাবে শুনানিৰ দিন আহি থাকে৷ আজি মোৰ ওচৰলৈ চি বি আইৰ দলটো আহিছিল– অহা ৯ নৱেম্বৰত আদালতত এটা শুনানিৰ দিন আছে৷ সেইটোকে তেওঁলোকে মোক অৱগত কৰিলে৷ মই অহা ৯ নৱেম্বৰত আদালতত হাজিৰ হ’ম৷

You might also like