নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিং বনাঞ্চলৰ বেদখলৰ আঁৰত ব্যৱসায়িক স্বার্থ

বছৰি ২৫ কোটি টকাৰ খেতিৰ অংকঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ বেদখলৰ আঁৰত ব্যৱসায়িক স্বার্থ জড়িত৷ নজৰুল নামৰ এজন লোকে নগাঁও, বৰপেটা, ধুবুৰীৰ পৰা মানুহ আনি তাত বেদখল কৰাই আদাৰ খেতি কৰি আহিছে৷ প্রতিবছৰে তাত ২৫ কোটি টকাৰ আদাৰ খেতি হয়৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে লামডিং সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলৰ বিৰুদ্ধে চৰকাৰ–প্রশাসনে আজিৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ সংৰক্ষিত বনাঞ্চলখনৰ বেদখল সম্পর্কত আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত যিমান বেদখল হৈছে, তাত কোনো ভূমিহীন নাথাকে, ব্যৱসায়িক স্বার্থহে থাকে৷

গৰুখুঁটিৰ বেদখলতো ব্যৱসায়িক স্বার্থহে আছে৷ লামডিং সংৰক্ষিত বনাঞ্চলতো ব্যৱসায়িক স্বার্থহে আছে৷ চৰকাৰ–প্রশাসনে উচ্ছেদ অভিযান চলালেই সেই লোকসকল ভূমিহীন বুলি কোৱা হয় যদিও প্রকৃততে তেওঁলোক ভূমিহীন নহয়৷ লামডিং সংৰক্ষিত বনাঞ্চলখনৰ আধা অংশই ইতিমধ্যে বেদখল কৰা হৈছে৷ তাত থকা লোকসকল নগাঁও, বৰপেটা, ধুবুৰীৰ পৰা অহা লোক৷ নজৰুল নামৰ এজন লোকে সেইসকল লোকক বনাঞ্চলখনলৈ আনিছে৷

অৱশ্যে ইয়াত চৰকাৰ, প্রশাসনৰ হাত থাকিব লাগিব৷ ২০১২ চনৰ পৰাই সংৰক্ষিত বনাঞ্চলখনত গছ কাটি তাত খেতি কৰা হৈছে৷ বছৰি সেই অঞ্চলটোত ২৫ কোটি টকাৰ আদাৰ খেতি কৰা হয়৷ বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যে থানাত এজাহাৰ দিয়া হৈছে৷ নজৰুলৰ বিৰুদ্ধেও এজাহাৰ দিয়া হৈছে৷ নজৰুলক গ্রেপ্তাৰ কৰাৰ পাছতেই বহু কথা জানিবলৈ পোৱা যাব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বনাঞ্চলখনত বেদখল কৰা এহাজাৰৰ অধিক মানুহ ইতিমধ্যে নিজে আঁতৰি গৈছে৷ চৰকাৰে গুলী, বন্দুক–বাৰুদ ব্যৱহাৰ কৰি নহয়, আলাপ–আলোচনাৰ মাধ্যমেৰে বনাঞ্চলখন বেদখলমুক্ত কৰাৰ চেষ্টা কৰিছে৷ অনাগত দিনত আন আন অঞ্চলতো একেদৰেই বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

You might also like