নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিয়লি ৪ বজাত প্রধানমন্ত্রী মোদীৰে গুৰুত্বপূর্ণ বৈঠক ড০ শর্মাৰ

শান্তি আলোচনাৰ বার্তা লৈ দিল্লীলৈ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ উপ–নির্বাচনৰ ব্যস্ততাৰ পাছতেই আৰম্ভ হোৱা দলীয় কার্যসূচীৰ মাজতে শান্তি আলোচনাৰ বার্তা লৈ নতুন দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যতঃ আলফা (স্বাধীন)ৰ সৈতে শেহতীয়াকৈ প্রত্যক্ষভাৱে যোগাযোগ চলাই যোৱা মুখ্যমন্ত্রীগৰাকীয়ে বিদ্রোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে কেইবাটাও বিষয় লৈ আলোচনা কৰাৰ বাবে আজি বিয়লিৰ ভাগত উপস্থিত হৈছে দেশৰ ৰাজধানী চহৰখনত৷ জানিব পৰা মতে, আলফাৰ সৈতে শান্তি আলোচনাৰ বাবে আৰম্ভ কৰা প্রক্রিয়াক আগুৱাই নিয়াৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে কেনে ধৰণে সঁহাৰি দিয়ে তথা কি কি দিশক লৈ বিদ্রোহী সংগঠনৰ সৈতে কথা–বতৰা পাতিব, এই সকলো দিশ সামৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব মুখ্যমন্ত্রীয়ে৷

সোমবাৰে বিয়লি ৪.৩০ বজাত অসম ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই সন্ধিয়াৰ ভাগত বিশ্ববেংকৰ এটা প্রতিনিধি দলৰ সৈতে এক বৈঠকত বহে৷ এই বৈঠকত বিশ্ব বেংকৰ ৰাষ্ট্র সঞ্চালক আৰু শীর্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷ বৈঠকৰ অন্তত ৰাষ্ট্র সঞ্চালক জুনেইড আহমেদে বৈঠক সম্পর্কে কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে আলোচনা ইতিবাচক হৈছে৷ অসমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে একেলগে কাম কৰিব বিশ্ব বেংকে৷ কেইবাটাও প্রকল্প ৰূপায়ণৰ বাবে অচিৰেই বিশ্ব বেংকে পদক্ষেপ ল’ব৷

উল্লেখ্য যে সোমবাৰে বিয়লি ৪ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব মুখ্যমন্ত্রী ড০ শর্মাই৷ আনহাতে, পুৱা ৯.৩০ বজাত মুখ্যমন্ত্রীগৰাকীয়ে সাক্ষাৎ কৰিব কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াক৷ ইয়াৰ পাছত পর্যায়ক্রমে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, শক্তিমন্ত্রী ৰাজকুমাৰ সিং আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব৷ ইফালে, দিছপুৰৰ সূত্রই প্রকাশ কৰা অনুসৰি আলফাৰ সৈতে চলিব লগা শান্তি প্রক্রিয়া সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ লগতে মুখ্যমন্ত্রী ড০ শর্মাই নগা শান্তি চুক্তিক লৈও প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে এক বৈঠকত বহিব৷ এই তিনিদিনীয়া ভ্রমণৰ পাছতে অহা ১০ নৱেম্বৰত গুৱাহাটীলৈ উভতি আহিব লগা মুখ্যমন্ত্রী পুনৰ ১১ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব লগা দলৰ ৰাষ্ট্রীয় প্রশিক্ষণ শিবিৰত উপস্থিত থকাৰ বাবে গুৱাহাটীৰ পৰা যাত্রা কৰিব৷ ইফালে, দলীয় সূত্রই প্রকাশ কৰা মতে, দিল্লীলৈ তিনিদিনীয়া কার্যসূচীৰে যাত্রা কৰা মুখ্যমন্ত্রী ড০ শর্মাই উপ–নির্বাচনত লাভ কৰা সাফল্য তথা দলৰ সাংগঠনিক স্থিতি সন্দর্ভত কেন্দ্রীয় নেতৃত্বক সকলো দিশ অৱগত কৰিব৷ অৱশ্যে আলফাৰে হ’ব লগা শান্তি প্রক্রিয়া তথা নগা শান্তি চুক্তিক লৈহে এই ভ্রমণৰ সময়ছোৱাত বিস্তৃত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷

You might also like