নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি মাহলৈ বৃদ্ধি আলফা (স্বাধীন)ৰ অস্ত্র বিৰতিৰ ম্যাদ

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ পুনৰ তিনি মাহৰ বাবে একপক্ষীয় অস্ত্র বিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে আলফা (স্বাধীন)–এ৷ সশস্ত্র সংগঠনটোৰ উচ্চতম পৰিষদৰ সভাপতি পৰেশ বৰুৱাই দেওবাৰে এই কথা ঘোষণা কৰে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক ই–মেইলত পৰেশ বৰুৱাই কয়– ‘আলফা (স্বাধীন)–এ যোৱা ১৪ মে’ৰ পৰা বাহাল ৰখা একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ অসমৰ জনস্বার্থৰ খাতিৰত আজিৰ পৰা বলৱৎ হোৱাকৈ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰা হৈছে৷ উক্ত সময়ছোৱাত আলফা (স্বাধীন)–এ সকলোধৰণৰ সামৰিক কার্যকলাপৰ পৰা বিৰত থাকিব৷’

উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নতুন চৰকাৰখনে ৰাজ্যৰ শাসনভাৰ গ্রহণ কৰাৰ পাছতে যোৱা ১৪ মে’ত আলফা (স্বাধীন)–এ তিনি মাহৰ বাবে এপপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল৷ এই ম্যাদ যোৱা ১৪ আগষ্টত পুনৰ তিনি মাহৰ বাবে বৃদ্ধি কৰা হয়৷ সেই অনুসৰি আজিৰ যুদ্ধ বিৰতিৰ ম্যাদ উকলি গ’লহেঁতেন৷ কিন্তু তাৰ পূর্বে দেওবাৰে উক্ত ঘোষণা কৰে পৰেশ বৰুৱাই৷ চৰকাৰৰে শান্তি আলোচনাৰ প্রাৰম্ভিক কুচ–কাৱাজ চলি থকাৰ মাজতে এই ঘোষণা যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷

You might also like