নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ জনতাক চিমেণ্ট–ৰড লবীৰ কেঁকোৰা চেপা

নিয়ন্ত্রণহীন বজাৰত হোৰাহোৰে বাঢ়িছে নির্মাণ সামগ্রীৰ মূল্য

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ ক’ভিডপীড়িত সর্বসাধাৰণৰ সন্মুখত সম্প্রতি ক্রমবর্ধমান আকাশলংঘী মূল্যবৃদ্ধি এক বিৰাট প্রত্যাহ্বান হৈ পৰিছে৷ বজাৰত প্রতিবিধ সামগ্রীৰ বর্ধিত মূল্যই মাধমাৰ শোধাইছে খাটিখোৱা জনসাধাৰণক৷ আনকি মূল্যবৃদ্ধিৰ হাতোৰাৰ পৰা বাদ পৰি যোৱা নাই নির্মাণ সামগ্রীও৷ নিয়ন্ত্রণহীন বজাৰৰ সুবিধা লৈ বণিয়া চক্রই বৃদ্ধি কৰিছে শিল, বালি, ইটা, ৰড, চিমেণ্ট আদি প্রতিবিধ নির্মাণ সামগ্রীৰ দাম৷ ফলত সপোনৰ ঘৰটো নির্মাণ কৰিবলৈ গৈ প্রতিজন লোকে এতিয়া থমকি ৰ’বলগীয়া হৈছে৷ অকল সেয়াই নহয়, সামগ্রীৰ অভাৱনীয় হাৰৰ মূল্যবৃদ্ধিয়ে সাংঘাতিক ধৰণে বিৰূপ প্রভাৱ পেলাইছে ৰাজ্যৰ নির্মাণ খণ্ডত৷ চৰকাৰী– বেচৰকাৰী নির্মাণকার্যত ব্যয় বৃদ্ধি পাইছে৷ প্রায় দুটা মাহৰ ব্যৱধানতে অসমৰ বজাৰত নির্মাণ সামগ্রীৰ মূল্যৰ তফাতে সকলোৰে চকু কপালত তুলিব৷ এই সময়ছোৱাত প্রতি মেট্রিকটন ৰডৰ দৰ ৭,৫০০ টকাৰ পৰা ৮,৫০০ টকা পর্যন্ত বৃদ্ধি হৈছে৷

সেইদৰে প্রতি কিউবিক মিটাৰ (চি এম) শিল–বালিৰ মূল্য প্রায় দুগুণ হৈছেগৈ৷ প্রায় দুমাহ পূর্বে এক চি এম বালি ক্রয় কৰা গ্রাহকে এতিয়া এই নির্মাণ সামগ্রীবিধৰ সমপৰিমাণত ৭০০ৰ পৰা ৯০০ টকা অধিক ভৰিবলগীয়া হৈছে৷ প্রতি চি এম শিলৰ ক্ষেত্রতো মূল্যবৃদ্ধি হৈছে ৫০০ৰ পৰা ৬০০ টকাকৈ৷ ২,৫০০ ইটাৰ ক্ষেত্রত প্রায় দুটা মাহৰ ব্যৱধানতে ৩,০০০ টকাৰ পৰা ৩,৫০০ টকা বৃদ্ধি পাইছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত ইয়াতকৈও অধিক বাঢ়িছে উক্ত নির্মাণ সামগ্রীকেইবিধৰ মূল্য৷ নির্মাণ সামগ্রীৰ ভিতৰত আটাইতকৈ অধিক হাৰত ৰডৰ মূল্য বৃদ্ধি হৈছে৷ গুৱাহাটীৰ বজাৰত প্রায় দুমাহ পূর্বে প্রতি মেট্রিকটন ৰড ৭১,০০০ টকাৰ পৰা ৭২,০০০ টকাৰ ভিতৰত বিক্রী হৈছিল৷ কিন্তু আজিৰ তাৰিখত এই সামগ্রীবিধৰ ঊর্ধ্বমুখী মূল্য হৈছে ৭৮,৫০০ টকাৰ পৰা ৮০,৫০০ টকা পর্যন্ত৷ আনকি খুচুৰা বজাৰত প্রতি কিলোগ্রাম ৰড ৮৮ টকাৰ পৰা ৯০ টকা দৰতো বিক্রী হৈছে৷ জিন্দাল, শ্যাম, ছুপাৰ শক্তি আদি কোম্পানীসমূহে অভাৱনীয় হাৰত বৃদ্ধি কৰিছে ৰডৰ মূল্য৷ অৱশ্যে কলকাতাৰ দুর্গাপুৰ কোম্পানীৰ ৰডৰ মূল্য ইয়াতকৈ কিছু কম৷ আজিৰ তাৰিখত দুর্গাপুৰ কোম্পানীৰ প্রতি টন ৰডৰ গুৱাহাটীৰ বজাৰত মূল্য হৈছে ৬৯,০০০ টকাৰ পৰা ৭২,০০০ টকা৷ ৰডৰ সমান্তৰালভাৱে সময়ে সময়ে চিমেণ্ট কোম্পানীসমূহেও মূল্যবৃদ্ধি কৰি আহিছে৷ এক কথাত ক’বলৈ গ’লে চিমেণ্ট–ৰড লবীয়ে মূল্যবৃদ্ধি ঘটাই কেঁকোৰা চেপা দিছে এটা সপোনৰ ঘৰ সজাৰ পৰিকল্পনা কৰা অসমৰ জনতাক৷ চলিত বছৰটোত একাধিকবাৰ মূল্যবৃদ্ধি ঘটোৱা চিমেণ্ট কোম্পানীসমূহে যোৱা মাহৰ শেষ ভাগত পুনৰ নির্মাণ সামগ্রীবিধৰ দাম বঢ়াইছিল৷

তথ্য অনুসৰি সম্প্রতি প্রতি বেগ মেক্স ৪৪০ টকা, ডালমিয়া জি এছ পি ৪৭০ টকা, ডালমিয়া সাধাৰণ ৪৫০, ষ্টাৰ ৪৫০, অম্বুজা ৪৫০, ডুৰাগার্ড ৪৪০, অমৃত ৪৩০, এ চি চি ৪২০ আৰু জিন্দাল চিমেণ্ট ৪০০ টকাত গুৱাহাটীৰ বজাৰত বিক্রী হৈ আছে৷ প্রায় দুমাহ পূর্বে প্রতি চি এম বালিৰ মূল্য ১,১০০ টকাৰ পৰা ১,২০০ টকা আছিল যদিও সেয়া বৃদ্ধি হৈ আজি ১,৮০০ টকাৰ পৰা ২,১০০ টকা হৈছেগৈ৷ শিলৰ ক্ষেত্রত প্রতি চি এমত পূর্বে গ্রাহকে ক্রয় কৰিছিল ১,৯০০ টকাৰ পৰা ২,০০০ টকাৰ ভিতৰত৷ পিছে আজিৰ তাৰিখত এই দৰত বজাৰত শিল পাবলৈ নাই৷ সম্প্রতি প্রতি চি এম শিলৰ মূল্য হৈছে ২,৪০০ টকাৰ পৰা ২,৬০০ টকা৷ নির্মাণ সামগ্রীৰ ভিতৰত অন্যতম অপৰিহার্য ইটাৰো এই সময়ছোৱাত অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে৷ প্রায় দুটা মাহ পূর্বে গুৱাহাটীৰ বজাৰত ২,৫০০টা ইটা ২২,০০০–২৫,০০০ টকাত উপলব্ধ আছিল৷ পিছে এতিয়া ইয়াৰ মূল্যবৃদ্ধি ঘটি হৈছেগৈ ২৫,০০০ টকাৰ পৰা ২৮,৫০০ টকা৷ শিল, বালি, ইটা, ৰড আৰু চিমেণ্টৰ উপৰি এটা ঘৰৰ বাবে প্রয়োজনীয় গজাল, বল্টু, কব্জা আদিৰো মূল্য দিনক দিনে ঊর্ধ্বমুখী হৈ গৈ আছে৷

গুৱাহাটীৰ বজাৰৰ তথ্য অনুসৰি পি ভি চি পাইপ আৰু ইলেক্ট্রিক কেব্লৰ মূল্যবৃদ্ধি পাইছে ১৫ৰ পৰা ২০ শতাংশ পর্যন্ত৷ এনেদৰে সামগ্রীৰ মূল্যবৃদ্ধি ঘটাৰ ফলত নির্মাণ খণ্ডত বিৰূপ প্রভাৱ পৰাৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষই এইক্ষেত্রত কার্যকৰী পদক্ষেপ গ্রহণ নকৰাটো আশ্চর্যজনক৷ যোৱা ১ নৱেম্বৰত উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে একাংশ চিমেণ্ট আৰু ৰড কোম্পানীৰ প্রতিনিধিৰ সৈতে দিছপুৰত এক বৈঠকত মিলিত হৈছিল যদিও কার্যতঃ ইয়াৰ সুফল লাভ কৰা নাই নির্মাণ খণ্ডটোৱে৷ বৈঠকত চিমেণ্ট আৰু ৰড কোম্পানীসমূহক মন্ত্রী পাটোৱাৰীয়ে মূল্যবৃদ্ধি নঘটাবলৈ সকীয়াই দিছিল যদিও কার্যক্ষেত্রত সেয়া পৰিণত নহ’ল৷ মন্ত্রী পাটোৱাৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল যে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিমবংগৰ তুলনাত কোনো কাৰণ নোহোৱাকৈ অসমত চিমেণ্টৰ মূল্য অধিক হ’ব নোৱাৰিব৷ কিন্তু পশ্চিমবংগত প্রতি বেগ চিমেণ্ট ২৬০ টকাৰ পৰা ৩০০ টকা দৰত বিক্রী হোৱাৰ বিপৰীতে অসমত ইয়াৰ গড় মূল্য হৈছে ৪৫০ টকা৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ দোহাই দি চিমেণ্ট–ৰড লবীয়ে নির্মাণ সামগ্রী দুবিধৰ দাম বঢ়াই মুনাফা লুটি আহিছে৷ আনকি শেহতীয়াকৈ পেট্র’ল–ডিজেলত আৰোপিত আবকাৰী শুল্ক কেন্দ্রীয় চৰকাৰে আৰু মূল্য সংযোজিত কৰ ৰাজ্য চৰকাৰে ৰেহাই দিয়াৰ পাছতো অসমত চিমেণ্ট–ৰডৰ দৰ নকমিল৷ এনে অৱস্থাত সমগ্র বিষয়টোক উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষই কিদৰে গ্রহণ কৰে, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷

You might also like