নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুনৰ আৰম্ভ হৈছে নিয়মীয়া পাঠদান৷ প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সকলো শ্রেণীৰে নিয়মীয়া পাঠদান অব্যাহত আছে৷ অনুমতি প্রদান কৰা হৈছে শিক্ষানুষ্ঠানসমূহৰ হোষ্টেলত শিক্ষার্থী থাকিবলৈ৷ ইয়াৰ মাজতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰিলক্ষিত হৈছে ক’ভিডৰ আতংক৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ বিদ্যালয়ে বিদ্যালয়ে শিক্ষক–শিক্ষার্থী ক’ভিডত আক্রান্ত হোৱাৰ পাছতে ৰাইজৰ মাজত বৃদ্ধি পাইছে আতংক৷ যাৰ বাবে শিক্ষার্থী বিদ্যালয়লৈ প্রেৰণৰ পূর্বে এবাৰ ভাবি চাবলৈ বাধ্য হৈছে অভিভাৱকসকল৷ শেহতীয়াকৈ কেইবাখনো বিদ্যালয়ত ক’ভিডত আক্রান্ত শিক্ষক আৰু শিক্ষার্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত বন্ধ কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে৷ নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত সাত দিনৰ বাবে পাঠদান বন্ধ কৰা হৈছে৷ বিগত প্রায় পাঁচ দিন ধৰি কনিষ্ঠ মহাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষার্থী আক্রান্ত হোৱাত সংশ্লিষ্ট প্রশাসনে এই বিদ্যালয়খন সাত দিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ ইতিমধ্যে মহাবিদ্যালয়খনৰ ছাত্রাৱাসসমূহো সাত দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷
প্রাপ্ত তথ্য অনুসৰি এই মহাবিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাসহ ১০জন শিক্ষার্থী ক’ভিডত আক্রান্ত হৈছে৷ নগাঁও চহৰৰ আমোলাপট্টিস্থিত এই আগশাৰীৰ শিক্ষানুষ্ঠানখনত ক’ভিডত ১০জনকৈ লোক আক্রান্ত হোৱাত চিন্তিত হৈ পৰিছে নগাঁওবাসী৷ ইপিনে, যোৱা ৮ নৱেম্বৰত মহানগৰীৰ এখন অভিজাত বিদ্যালয় কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল৷ এন পি এছ ইণ্টাৰনেচনেল স্কুলৰ ১৬জনকৈ শিক্ষার্থী ক’ভিডত আক্রান্ত হোৱাৰ পাছতে এই বিদ্যালয়খন কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল কামৰূপ মহানগৰ জিলা প্রশাসনে৷ কেৱল এন পি এছ ইণ্টাৰনেচনেল স্কুলেই নহয়, মহানগৰীৰ আন কেইবাখনো বিদ্যালয়ত শিক্ষার্থী আৰু শিক্ষক ক’ভিডত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ কিছুদিন পূর্বে মঙলদৈত জ্ঞান বিকাশ একাডেমী নামৰ এখন শিক্ষানুষ্ঠানতো পৰিলক্ষিত হৈছিল ক’ভিডৰ আতংক৷ এই শিক্ষানুষ্ঠানখনত মুঠ ২২জন শিক্ষার্থী ক’ভিডত আক্রান্ত হৈছিল৷ আনহাতে, শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অধীনস্থ দুখনকৈ বিদ্যালয়ত বাতিল কৰা হৈছে ছমহীয়া পৰীক্ষা৷ এই বিদ্যালয় দুখনৰ শিক্ষক আৰু কিছুসংখ্যক শিক্ষার্থীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে সংশ্লিষ্ট কর্তৃপক্ষই ছমহীয়া পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রাপ্ত তথ্য অনুসৰি, ছমহীয়া পৰীক্ষা বাতিল হোৱা বিদ্যালয় দুখন হৈছে দিকচু উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়৷ তদুপৰি এই দুয়োখন বিদ্যালয়ৰ পাঠদান অহা ৭ দিনলৈ বন্ধ ৰখা হৈছে৷ যোৱা ১২ নৱেম্বৰত দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২২গৰাকী শিক্ষার্থী আৰু চাৰিগৰাকী শিক্ষকৰ দেহত ক’ভিড ধৰা পৰিছে৷ কালুগাঁও উপ–স্বাস্থ্য কেন্দ্রৰ দ্বাৰা বিদ্যালয়খনত দশম শ্রেণীৰ ৯২গৰাকী ছাত্র–ছাত্রীৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷
এই পৰীক্ষাতে ২২জনৰ শৰীৰত ক’ভিড সংক্রমণ ধৰা পৰে৷ ইয়াৰ পাছতে বিদ্যালয়খন সাত দিনৰ বাবে বন্ধ ঘোষণা কৰাৰ লগতে স্বাস্থ্য বিভাগে ছেনিটাইজ কৰে৷ দুটাকৈ বছৰ ক’ভিডৰ বাবে শিক্ষার্থীসকলৰ অপচয় হোৱাৰ পাছত পাঠদান আৰম্ভ হোৱাৰ লগে লগে পুনৰ ক’ভিডৰ সংক্রমণৰ বাবে পাঠদান বন্ধ ৰাখিবলগীয়া হোৱাত অঞ্চলটোৰ অভিভাৱকসকল চিন্তিত হৈ পৰিছে৷ ইপিনে, শিৱসাগৰৰে আন এখন বিদ্যালয়ত আজি কেইবাজনো ছাত্র–ছাত্রীৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি৷ প্রাপ্ত তথ্য অনুসৰি, দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থীৰ মাজত ক’ভিডৰ সংক্রমণক লৈ সৃষ্টি হোৱা আতংক মাৰ নৌযাওঁতেই কালুগাঁও বৰপাত্র দ’ল উচ্চ বিদ্যালয়ত ছাত্র–ছাত্রীসহ মুঠ ১৭জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ দশম শ্রেণীৰ পৰীক্ষা চলি থকাৰ মাজতে উক্ত বিদ্যালয়ৰ প্রধান শিক্ষক জ্বৰ–কাহত ভোগে৷ তেওঁ স্থানীয় জয়সাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্রহণৰ সময়ত ক’ভিড পজিটিভ বুলি ধৰা পৰে৷ ইয়াৰ পাছতে কালুগাঁও প্রাথমিক চিকিৎসা কেন্দ্রৰ চিকিৎসাকর্মীসকলে গৈ বিদ্যালয়খনৰ দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ লগতে শিক্ষকসকলৰ ক’ভিড পৰীক্ষা কৰে৷ এই পৰীক্ষাত ১৫জন ছাত্র–ছাত্রীৰ লগতে আন এগৰাকী শিক্ষয়িত্রীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ দশম শ্রেণীৰ পৰীক্ষাৰ বাবে বিদ্যালয়খনৰ নৱম শ্রেণী পর্যন্ত পাঠদান বন্ধ আছিল৷ ইতিমধ্যে বিদ্যালয়খনৰ কর্তৃপক্ষই সাত দিনৰ বাবে পৰীক্ষা পিছুৱাই দি বিদ্যালয়খন বন্ধ ঘোষণা কৰিছে৷ তদুপৰি বিদ্যালয়খনৰ আন শিক্ষার্থীসকলক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷ ইপিনে, দিকচু হাইস্কুলতো আজি পুনৰ আন চাৰিজন শিক্ষার্থীৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ উল্লেখ্য যে যোৱা ১৯ অক্টোবৰৰ পৰা ৰাজ্যত সকলো পর্যায়ৰ শিক্ষানুষ্ঠানত নিয়মীয়া পাঠদান আৰম্ভ কৰা হৈছিল৷ অৱশ্যে শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদানৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ১৮ বছৰৰ ঊর্ধ্বৰ শিক্ষার্থীসকলৰ লগতে শিক্ষকসকলে ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ সেইদৰে সামাজিক দূৰত্ব বর্তাই ৰখাৰ বাবে এটা শ্রেণীৰ এটা শাখাত সর্বাধিক ৩০জন পর্যন্ত শিক্ষার্থীকহে পাঠদানৰ অনুমতি প্রদান কৰা হৈছিল৷ তদুপৰি বিদ্যালয়ত শিক্ষার্থীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল ৰাজ্য চৰকাৰে৷ ইয়াৰ মাজতে একাংশ বিদ্যালয়ত শিক্ষক আৰু শিক্ষার্থীসকলে চৰকাৰে বান্ধি দিয়া এই নীতি–নির্দেশনাসমূহ মানি নচলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সেইদৰে সঠিকভাৱে বিদ্যালয়সমূহ ছেনিটাইজ নকৰাৰো অভিযোগ কৰিছে একাংশ সচেতন ৰাইজে৷ যাৰ বাবে বিদ্যালয়সমূহত এতিয়া ক’ভিডৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰাত চিন্তিত হৈ পৰিছে ৰাজ্যবাসী৷
ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা
বিশেষবার্তা, নগাঁও ঃ নগাঁও জিলা প্রশাসনে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত আজিৰ পৰা ১৪ দিনৰ কাৰণে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ লগতে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়খনৰ পিকেবি নার্ছিং হোম পথৰ ওচৰৰ ব্লক ২ বি ছাত্রাৱাসটো জিলা প্রশাসনে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷
প্রথমপালি ক’ভিড প্রতিষেধকত পিছপৰা ৮ জিলাৰ উপায়ুক্তৰে স্বাস্থ্যমন্ত্রীৰ ভিডি’ কনফাৰেঞ্চ
ষ্টাফ ৰিপ’টাৰ ঃ চলিত নৱেম্বৰতে অসমত ১০০ শতাংশ যোগ্য লোকে প্রথমপালি ক’ভিড প্রতিষেধক লাভ কৰাটো সুনিশ্চিত কৰিবলৈ পূর্ণোদ্যমে প্রয়াস চলাইছে ৰাজ্য চৰকাৰে৷ এতিয়াও যথেষ্টসংখ্যক লোকে এপালিও ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা ৮খন জিলাৰ উপায়ুক্তৰ সৈতে আজি সন্ধিয়া ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷ কোকৰাঝাৰ, গোৱালপাৰা, কার্বি আংলং, পশ্চিম কার্বি আংলং, শোণিতপুৰ, ওদালগুৰি, বাক্সা আৰু চিৰাং জিলাৰ উপায়ুক্তকেইগৰাকীৰ সৈতে হোৱা স্বাস্থ্যমন্ত্রীৰ এই ভিডি’ কনফাৰেঞ্চ বৈঠকত স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, এনএইচএমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষমনন, পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্র নাথ নাটে আৰু এনএইচএমৰ কার্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়েও অংশগ্রহণ কৰে৷ এই জিলাকেইখনত ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা বৃহৎসংখ্যক লোকক অহা ২১ নৱেম্বৰৰ ভিতৰতে ক’ভিড প্রতিষেধক অভিযানৰ জৰিয়তে সামৰি লোৱাৰ বাবে জিলা প্রশাসনৰ ফালৰ পৰা গ্রহণ কৰা কার্যব্যৱস্থাৰ বিষয়ে এই বৈঠকত পর্যালোচনা কৰে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে এইকেইখন জিলাৰ বহু ভিতৰুৱা গাঁও, সীমান্তৱর্তী অঞ্চল তথা বাগিচা এলেকাৰ বেছিভাগ বাসিন্দাই ক’ভিড প্রতিষেধক ল’বলৈ দ্বিধাগ্রস্ত হৈ থকাৰ বিষয়টো স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে যোৱা ১২ নৱেম্বৰত দিছপুৰত স্বাস্থ্যমন্ত্রী মহন্ত আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জিলাকেইখনৰ পৰা আমন্ত্রণ কৰি অনা ধর্মীয় নেতা, থলুৱা পন্থাৰ প্রতিনিধি তথা সামাজিক কর্মীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল৷ সেই বৈঠকৰ সিদ্ধান্ত অনুসৰি এই জিলাকেইখনত ক’ভিড প্রতিষেধকক লৈ দ্বিধাগ্রস্ত লোকসকলক স্থানীয় ধর্মীয় নেতা, থলুৱা পন্থাৰ প্রতিনিধি তথা সামাজিক কর্মী–বিশিষ্ট লোকৰ সহযোগত প্রতিষেধক সম্পর্কীয় বিভ্রান্তিমুক্ত কৰি প্রতিষেধক ল’বলৈ সন্মত কৰোৱাৰ বাবে স্থানীয়ভাৱে জোৰদাৰ অভিযান চলাবলৈ উপায়ুক্তসকলক চৰকাৰে দায়িত্ব ন্যস্ত কৰা হয়৷ এইক্ষেত্রত জিলাকেইখনে কেনেদৰে আগবাঢ়িছে, সেই বিষয়ে আজিৰ ভিডি’ কনফাৰেঞ্চত স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রতিগৰাকী উপায়ুক্তৰ পৰা বুজ লয়৷ বৈঠকত স্বাস্থ্যমন্ত্রী মহন্তই প্রতিখন জিলাৰ উপায়ুক্তক অহা ২১ নৱেম্বৰৰ ভিতৰতে প্রতিটো ভোটকেন্দ্র এলেকাত ১০০ শতাংশ যোগ্য লোকেই প্রথমপালি ক’ভিড প্রতিষেধক গ্রহণ কৰাটো সুনির্দিষ্ট কৰিবলৈ সর্বাত্মক প্রয়াস চলাবলৈ নির্দেশ দিয়ে৷ ক’ভিড প্রতিষেধক প্রদানৰ ভোটকেন্দ্র এলেকা ভিত্তিক প্রমাণ–পত্র উপায়ুক্তসকলে ২১ নৱেম্বৰৰ ভিতৰতে দাখিল কৰিব লাগিব বুলিও স্বাস্থ্যমন্ত্রীয়ে পুনৰ স্পষ্ট কৰি দিয়ে৷