নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰে মিত্রতা ছেদৰ পাছতেই একাংশ কংগ্রেছীৰ হাইকমাণ্ডলৈ পত্র

লোকসভা নির্বাচনত অসমত কংগ্রেছ হ’ব শূন্য

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত সদ্যসমাপ্ত উপ–নির্বাচনত কংগ্রেছ দল শোচনীয় বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাছত পুনৰ বিদ্রোহ আৰম্ভ হৈছে অসম প্রদেশ কংগ্রেছ কমিটীত৷ প্রদেশ কংগ্রেছৰ নেতৃত্বই দলৰ জ্যেষ্ঠ–প্রবীণ নেতাসকলক গুৰুত্ব নিদিয়া, এলাগী কৰা, লবীকেন্দ্রিক ৰাজনীতিত ব্যস্ত থাকি দলটোক বিপর্যয়ৰ মুখলৈ ঠেলি দিয়া বুলি ইতিমধ্যে জ্যেষ্ঠ কংগ্রেছ নেতা, প্রাক্তন মন্ত্রী পৃথিৱী মাঝি, নীলমণি সেন ডেকাই মুকলিকৈ বিষোদগাৰ প্রকাশ কৰিছে৷ সেইদৰে দলটোৰ অন্যতম জ্যেষ্ঠ নেতা প্রাক্তন মন্ত্রী শৰৎ বৰকটকীয়েও দলৰ বর্তমানৰ নেতৃত্বৰ কাম–কাজক লৈ তেওঁৰ লগতে প্রাক্তন সাংসদ বলীন কুলী, দ্বিজেন শর্মাকে ধৰি বহুতৰে ক্ষোভ–আক্ষেপ আছে বুলি মুকলিকৈ মন্তব্য কৰিছে৷ প্রদেশ কংগ্রেছৰ নেতৃত্বক লৈ বিদ্রোহ চলি থকাৰ সময়তে শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতা ভংগক লৈ দলৰ ভিতৰচ’ৰাত মেৰুবিভাজন ঘটিছে৷

উল্লেখ্য যে পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ প্রাক্ক্ষণত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এ আই ইউ ডি এফৰে মিত্রতা ছেদ কৰে৷ যোৱা বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ বাবেই উজনি অসমত কংগ্রেছ দলৰ ফলাফল বেয়া হোৱা বুলি ধাৰণা কৰিয়েই কংগ্রেছে আজমলৰ দলৰে মিত্রতা ছেদ কৰে৷ কিন্তু এ আই ইউ ডি এফৰে মিত্রতা ছেদৰ পাছত উপ–নির্বাচনত কংগ্রেছৰ ফলাফল পূর্বৰ বিধানসভা নির্বাচনৰ তুলনাত অধিক বেয়া হোৱাত এতিয়া কংগ্রেছৰ এটা শিবিৰে বিশেষকৈ নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ সংখ্যালঘু কংগ্রেছ শিবিৰে বিষয়টোক লৈ হাইকমাণ্ডলৈ জাপে জাপে পত্র প্রেৰণ কৰিছে৷

প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, একাংশ সংখ্যালঘু সম্প্রদায়ৰ কংগ্রেছ বিধায়কৰ লগতে জিলা, ব্লক পর্যায়ৰ কংগ্রেছ নেতাই কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা অথবা বুজাবুজি অবিহনে ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনত কংগ্রেছ দল ক্ষতিগ্রস্ত হ’ব বুলি পত্রসমূহত উল্লেখ কৰিছে৷ তেওঁলোকৰ মতে, সমাগত লোকসভা নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফ দল সুকীয়া সুকীয়াকৈ নির্বাচনত অৱতীর্ণ হ’লে অসমত কংগ্রেছৰ আসনৰ সংখ্যা শূন্য হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ আনকি বর্তমান কংগ্রেছৰ দখলত থকা নগাঁৱত প্রদ্যুৎ বৰদলৈ, কলিয়াবৰৰ গৌৰৱ গগৈ আৰু বৰপেটাত আব্দুল খালেকৰ বিজয়ৰ পথো মসৃণ নহ’ব৷ কিন্তু এ আই ইউ ডি এফ আৰু কংগ্রেছ ঐক্যবদ্ধ হৈ নির্বাচনত অৱতীর্ণ হ’লে নগাঁও, কলিয়াবৰ, বৰপেটাৰ লগতে ধুবুৰী, কৰিমগঞ্জ, মঙলদৈ দখল কৰাৰ সম্ভাৱনা প্রকট বুলি পত্রত উল্লেখ কৰিছে৷ আনকি কংগ্রেছ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও কেইদিনমান পূর্বে সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফক কংগ্রেছত চামিল হোৱাৰ আহ্বান জনাই কয় যে এ আই ইউ ডি এফ থকালৈকে অসমত বিজেপি থাকিব৷ মুঠতে মিত্রতা বা বুজাবুজি অথবা কংগ্রেছত চামিল কৰাই হ’লেও অহা লোকসভা নির্বাচনত আজমলৰে একেলগে যুঁজাটো বিচাৰিছে গৰিষ্ঠসংখ্যক সংখ্যালঘু কংগ্রেছীয়ে৷

ইপিনে, কংগ্রেছৰ সংখ্যালঘু শিবিৰত আৰম্ভ হোৱা এনে তৎপৰতাৰ উমান পায়েই প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই এ আই ইউ ডি এফৰে পুনৰ মিত্রতাৰ পোষকতা কৰিছে৷ যোৱা উপ–নির্বাচনৰ ভোটগ্রহণৰ প্রাক্ক্ষণত সাংসদ বৰাই সংবাদ মাধ্যমৰ আগত সেই বিষয়ে প্রকাশ কৰি কয় যে যোৱা বিধানসভা নির্বাচনত আজমলৰে কৰা মিত্রতাৰ বাবে উজনি অসমত কংগ্রেছৰ ফলাফল বেয়া হোৱা নাই৷ বৰং ২০১৬ চনৰ বিধানসভা নির্বাচনৰ তুলনাত উজনি অসমত কংগ্রেছৰ ভোটৰ পৰিমাণ বৃদ্ধিহে হৈছে৷ এ আই ইউ ডি এফৰে কৰা মিত্রতাৰ বাবে উজনি অসমত হিন্দু ভোটাৰ কংগ্রেছৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা নাই বুলিও উল্লেখ কৰি তেওঁ কয় যে হিন্দু ভোটাৰ কংগ্রেছৰ বিৰুদ্ধে একত্রিত হোৱা হ’লে বিজেপিৰ লগত কংগ্রেছৰ ভোটৰ ব্যৱধান হ্রাস নাপালেহেঁতেন৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো এই দিশত হাত উজান দিছে৷ শইকীয়ায়ো বিজেপিক প্রতিহত কৰাৰ স্বার্থত এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মর্চা, অজাপ, ৰাইজৰ দল সকলো ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰে৷ এই সম্পর্কত তেওঁ হাইকমাণ্ডক প্রস্তাৱ দিয়াৰো যো–জা চলাই আছে বুলি সূত্রটোৱে জানিবলৈ দিছে৷

ইফালে, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক বিধায়ক ৰফিকুল ইছলামে আজি এক বিবৃতিত কয় যে কংগ্রেছ দলটো যে ক্রমাৎ গণবিচ্ছিন্ন হ’বলৈ ধৰিছে, সেয়া শেহতীয়াকৈ হৈ যোৱা উপ–নির্বাচনৰ ফলাফলতে প্রমাণ হৈছে৷ কংগ্রেছ দলে উপ–নির্বাচন অনুষ্ঠিত হোৱা ৫টা বিধানসভা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰি শোচনীয়ভাৱে পৰাস্ত হৈছে৷ আনকি কংগ্রেছ দলে উজনিত নগণ্যসংখ্যক ভোট লাভ কৰিছে৷ কংগ্রেছৰ সংকটৰ বাবে এতিয়া দলটোৱে এ আই ইউ ডি এফত চামিল হোৱাহে প্রয়োজন৷ তেতিয়াহ’লে এ আই ইউ ডি এফ দল অধিক শক্তিশালী হৈ বিজেপিক প্রতিৰোধ কৰিব পাৰিব৷ এ আই ইউ ডি এফৰ নেতাগৰাকীৰ ভাষ্যৰ পৰাও এটা কথাই স্পষ্ট হৈছে তেওঁলোকেও কংগ্রেছৰে মিলি বিজেপিৰ বিৰুদ্ধে এতিয়াও নির্বাচনী যুঁজত অৱতীর্ণ হোৱাটো বিচাৰে৷

You might also like