নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোগ্য প্রার্থীকো লিখিত পৰীক্ষাত বহাৰ অনুমতি

ইঞ্জিনীয়াৰিং কলেজৰ ৬৬ অধ্যাপকক নিযুক্তি

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকাল শেষ হ’ল যদিও সংস্কাৰ নহ’ল অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ৷ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীসমূহত নিযুক্তিৰ বাবে আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ এতিয়াও আঁতৰা নাই খেলিমেলি৷ এইবাৰ পুনৰ বিতর্কত সোমাই পৰিছে ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়সমূহৰ্ সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ৷ অযোগ্য প্রার্থীকো লিখিত পৰীক্ষাত বহাৰ অনুমতি প্রদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে৷ যাৰ বাবে ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়সমূহৰ্ কাৰিকৰী আৰু অকাৰিকৰী সহঃ অধ্যাপকৰ পদত নিযুক্তি প্রক্রিয়া সোমাই পৰিছে আইনী মেৰপেঁচত৷ মুঠ ৬৬টা পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত এইবাৰ হস্তক্ষেপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

আয়োগৰ বিৰুদ্ধে অযোগ্য প্রার্থীক সাক্ষাৎকাৰত বহাৰ অনুমতি প্রদান কৰাৰ অভিযোগেৰে মুঠ ১৯জন প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ৬০০৫/২০২১ নম্বৰৰ লেখ আবেদন৷ এই আবেদনখনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে তেওঁলোকৰ অনুমতি অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা নকৰিবলৈ নির্দেশ দিছে৷ অৱশ্যে অসম লোকসেৱা আয়োগে ইচ্ছা কৰিলে এই পদসমূহৰ বাবে সাক্ষাৎকাৰৰ প্রক্রিয়া আৰম্ভ কৰিব পাৰিব বুলিও উল্লেখ কৰিছে উচ্চ ন্যায়ালয়ে৷

আনহাতে, কোনো অযোগ্য প্রার্থীয়ে যদি এই পদসমূহৰ বাবে আবেদন কৰিছে, সেই প্রার্থীসকলক চিনাক্ত কৰি তেওঁলোকৰ নথি–পত্র পৰীক্ষণৰ পোষকতা কৰিছে উচ্চ ন্যায়ালয়ে৷ তিনি সপ্তাহ পাছত পুনৰ এই গোচৰটোৰ শুনানি গ্রহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে যোৱা ২৫ মে’ত এই পদসমূহৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল অসম লোকসেৱা আয়োগে৷ ইয়াৰ ভিত্তিত আজিৰে পৰা পদসমূহৰ বাবে পর্যায়ক্রমে লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ উচ্চ ন্যায়ালয়ৰ নির্দেশনাৰ পাছতে অসম লোকসেৱা আয়োগে এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষা ইতিমধ্যে পিছুৱাই দিছে৷ পৰীক্ষাৰ দিন পৰৱর্তী সময়ত পুনৰ নির্ধাৰণ কৰিব বুলিও কালি এক জাননীযোগে অসম লোকসেৱা আয়োগে প্রকাশ কৰিছে৷

You might also like