আজি ২১ জুন, আহাৰ মাহৰ ৬ তাৰিখ
দেওবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আজি আনৰ প্রতি আঁকোৰগোজ ভাব হ’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ সম্পদ লাভৰ যোগ৷ উত্তৰ দিশত যাত্রা কৰিলে ভাল ফল পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ : আজি বন্ধুৰ পৰা উপকৃত হ’ব৷ ভ্রমণত শুভ৷ ব্যৱসায়ত খৰচ বৃদ্ধি পাব৷ সুস্থিৰ চিন্তাৰে সমস্যাৰ সমাধান হ’ব৷ মনৰ আশা পূৰণৰ যোগ৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
মিথুন : আজি ব্যৱসায়ত সফলতা লাভ কৰিব৷ বিদ্যাত উৎসাহ৷ ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি৷ শৰীৰৰ প্রতি লক্ষ্য ৰখা উচিত৷ যান–বাহনৰ পৰা সাৱধান৷ প্রেমত কষ্ট৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
কর্কট : আজি বন্ধুৰ পৰা উৎসাহ পাব৷ কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ ব্যৱসায়ত মধ্যম ফল৷ ভ্রমণত শুভ৷ মাতৃৰ শৰীৰৰ কাৰণে চিন্তা৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
সিংহ : আজি ভ্রমণ সোঁফালে কৰিব৷ পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ কর্মক্ষেত্রত যোগ্যতাৰ প্রমাণ পাব৷ গুৰুজনাৰ পৰামর্শত সাফল্য লাভ৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
কন্যা : আজি আনক অন্যায় নকৰিব৷ কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব৷ ভ্রমণত শুভ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত বাধা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷
তুলা : আজি জ্ঞানী লোকৰ সান্নিধ্য পাব৷ ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ৷ উচ্চ শিক্ষার্থীৰ ক্ষেত্রত বাধা৷ নিবনুৱাসকলৰ কর্মসংস্থাপনৰ যোগ৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৭৷
বৃশ্চিক : আজি কার্যসিদ্ধিত আনৰ প্রভাৱ পৰিব পাৰে৷ পানীৰ পৰা সতর্ক থাকিব৷ শিক্ষাবিদ, লেখিকা আদিৰ কর্মব্যস্ততা বৃদ্ধি৷ শত্রুৰ পৰা সতর্ক থাকিব৷ প্রেমত সাৱধান৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৪৷
ধনু : আজি কর্মস্থানত কিছু জটিলতা হ’ব পাৰে৷ পৰিৱেশৰ লগত মিলাই কাম কৰক৷ মনৰ কথা খুলি প্রকাশ নকৰিব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
মকৰ : আজি শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ কর্মত শুভ যোগ৷ বন্ধুৰ পৰা সহায় লাভ৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি৷ কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷
কুম্ভ : আজি জেদ ভাব মনলৈ নানিব৷ শাৰীৰিক আৰু মানসিক শান্তি লাভ৷ কর্মক্ষেত্রত মধ্যম৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
মীন : আজি আনৰ প্রতি উদাৰতা প্রকাশ৷ প্রদূষণৰ পৰা কষ্ট হ’ব পাৰে৷ কর্মত দায়িত্ব বৃদ্ধি পাব৷ পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব৷ যান–বাহন ক্রয়ৰ যোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷