নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰাজ্যত ৰাস মহোৎসৱ, মাজুলীত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৰাস মহোৎসৱৰ প্রথম দিনাই অর্থাৎ আজি মাজুলীত উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাসৰ আয়োজনক কেন্দ্র কৰি বিগত দিনকেইটাত মুখৰ হৈ থকা মাজুলীত মুখ্যমন্ত্রী ড০ শর্মাৰ ভ্রমণসূচী নির্ধাৰণ হোৱাৰ পাছতে উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে৷ দুদিনীয়া বিস্তৃত কার্যসূচীৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই আজি নিশাটো কটাব অতি অনগ্রসৰ তথা সোৱণশিৰিৰ বান–খহনীয়াই জুৰুৱা কৰা মাজুলী জিলাৰ সদৰ গড়মূৰৰ পৰা প্রায় ২০ কিলোমিটাৰ দূৰৈৰ বালি জকাইবোৱাত৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই নিশাটো আৰামদায়কভাৱে মাজুলীৰ বিলাসী হোটেল, ৰির্জ’ট, গড়মূৰ আৱর্ত ভৱনত থাকিব পাৰিলহেঁতেন যদিও তাকে নকৰি তেওঁ সাধাৰণ জনতাৰ বাসগৃহত নিশাটো কটাব আৰু মিচিং জনজাতীয় পৰম্পৰাগত খাদ্যৰ জুতি ল’ব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মাজুলীত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই পুৱা ৯.৩০ বজাত গড়মূৰ আৱর্ত ভৱনত মাজুলীৰ ৰাস মঞ্চসমূহক এককালীন আর্থিক সাহায্যৰ চেক বিতৰণ কৰে৷ এই কার্যসূচীৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে মাজুলীৰ গড়মূৰৰ মধুপুৰত নির্মাণ কৰা জল জীৱন আঁচনিখন পৰিদর্শন কৰে৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রীগৰাকীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত মাণিক চাপৰিত নির্মীয়মাণ সাংস্কৃতিক ভৱন আৰু খহনীয়া পৰিদর্শন কৰে৷ ১১.৩০ বজাত একীভূত জিলা উপায়ুক্ত কার্যালয় নির্মাণকার্য পৰিদর্শন কৰাৰ লগতে সমীপতে থকা গড়মূৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত স্থাপন কৰা আই চি ইউ আনুষ্ঠানিকভাৱে তেওঁ উদ্বোধন কৰে৷

মুখ্যমন্ত্রীগৰাকীয়ে আবেলি গড়মূৰ সত্র, সৰু গড়মূৰ সত্র, আউনীআটী সত্রত উপস্থিত হোৱাৰ লগতে মাজুলী আৰু যোৰহাট সংযোগী ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’বলগীয়া দলং নির্মাণৰ সামগ্রী মজুত স্থান দক্ষিণপাটত উপস্থিত হ’ব৷ তাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে মাজুলীৰ প্রাচীন ৰাস পূজাথলী দক্ষিণপাট সত্রৰ মহোৎসৱত ৰাস পূজাৰ সেৱা গ্রহণ কৰিব৷ মুখ্যমন্ত্রীগৰাকীয়ে সন্ধিয়া ৬.৩০ বজাত মাজুলী সাংস্কৃতিক ক্ষেত্রৰ বিশেষ তাৎপর্য বহন কৰি অহা উত্তৰ কমলাবাৰী সত্রৰ দ্বাৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কেলিগোপাল নাটৰ আধাৰত ৰচিত আৰু সম্পূর্ণ সত্রীয়া অংকীয়া শৈলীৰে পৰিৱেশন কৰি অহা মুকলি ৰাসৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব আৰু উত্তৰ কমলাবাৰী সত্রত নৈশ ভোজন কৰি মাজুলীৰ জনজাতি অধ্যুষিত লোকৰ বসতিপ্রধান এলেকা বালি জকাহবোৱাত নৈশ যাপন কৰিব বুলি জানিব পৰা গৈছে৷ পিছদিনা অর্থাৎ পুৱা ৭.৩০ বজাত মুখ্যমন্ত্রীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনি পৰিদর্শন কৰি ৮.৩০ বজাত মাজুলীৰ পৰা ৰাওনা হোৱাৰ কথা৷

You might also like