নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৯ বছৰীয়া হ’ল হাৰ্টথ্ৰব জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন। ৪৯ বছৰীয়া হ’ল সকলোৰে প্ৰিয় শিল্পীগৰাকী।

জুবিনৰ জন্মদিনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীয়ে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ। জুবিনৰ খাৰঘুলিৰ বাসগৃহতো ভিৰ কৰিছেহি বহু অনুৰাগীয়ে।  ১৯৭২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে আজি ৫০ বছৰত ভৰি দিলে ।

উল্লেখ্য যে এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা হিচাপে সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা মুক্তি লাভ কৰিছিল ১৯৯২ চনত । যাৰ পাছৰ পৰাই জুবিন পেছাদাৰী সংগীত জগতখনৰ সৈতে জড়িত হৈ পৰে। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰা জুবিনে হিন্দীৰ য়া আলি গীতটোৰ বাবে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰে । ইয়াৰোপৰি “Echoes of Silence” (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।

‘নিয়মীয়া বাৰ্তা’ ৰ তৰফৰ পৰাও জনপ্ৰিয় শিল্পীগৰাকীলৈ জনাইছো ওপজা দিনৰ অযুত শুভকামনা।

You might also like