নিয়মীয়া বাৰ্তা, ১৯ নবেম্বৰ: একাংশ লোকে ভেকচিন ল’বলৈ দ্বিধাবোধ কৰি থকাৰ বাবেই দেশৰ কেইবাখনো ৰাজ্যত ২০০ নিযুততকৈ অধিক ক’ভিড–১৯ ভেকচিন পৰি আছে৷ ভেকচিন ল’বলৈ দ্বিধা জন্মাটো ভাৰতৰ বাবে ভাবুকি৷ কিয়নো ইয়ে ক’ভিড–১৯ মহামাৰী অতিক্রম কৰাত প্রতিবন্ধক হৈ উঠিব৷ –এই মন্তব্য চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চিই’ আদৰ পুনাৱালাৰ৷ ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ডৰ উৎপাদন কোম্পানী চিৰাম ইনষ্টিটিউটৰ চিই’ পুনাৱালাই দেশৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি এই মন্তব্য কৰিছে৷
উল্লেখ্য যে ভেকচিন উদ্যোগসমূহে কঠোৰ পৰিশ্রম আৰু অক্লান্তভাৱে দেশৰ বাবে অত্যধিক ক’ভিড ভেকচিন মজুত ৰখাৰ বাবে কাম কৰি আছে৷ ইয়াৰ বিপৰীতে একাংশ লোকে ভেকচিন ল’বলৈ দ্বিধা কৰি আছে৷ ২০০ নিযুততকৈ অধিক ভেকচিনৰ ড’জ কেইবাখনো ৰাজ্যত অব্যৱহূত হৈ পৰি থকা বুলি শীঘ্রেই সকলো প্রাপ্তবয়স্কক ভেকচিন ল’বলৈ আহ্বান জনায় পুনাৱালাই৷ অষ্ট্রজেনেকা ভেকচিনৰ সংস্কৰণ চিৰাম ইনষ্টিটিউটে ৯০ শতাংশ উৎপাদন কৰিছে৷ দেশত ১.২৪ বিলিয়ন ভেকচিনৰ ড’জ ইতিমধ্যে প্রদান কৰা হৈছে৷ দেশৰ জনতাৰ বাবে ৰপ্তানি বন্ধ কৰি ক’ভিশ্বিল্ড মজুত কৰি ৰখাৰ পাছতো একাংশ লোকে প্রথম ড’জটো লোৱাৰ পাছত দ্বিতীয় ড’জটো লোৱা নাই৷ দেশত কেৱল ৪১শতাংশ প্রাপ্তবয়স্ক লোকেহে সম্পূর্ণ টিকাকৰণ হৈছে৷ এপ্রিলত কোম্পানীটোৱে ভেকচিন ৰপ্তানি বন্ধ কৰাৰ পাছত পুনৰ বিশ্বৰ বিভিন্ন দেশলৈ কোম্পানীটোৰ ভেকচিন ৰপ্তানি কৰা হ’ব বুলিও টুইটাৰযোগে ঘোষণা কৰিছে চিইঅ ’ পুনাৱালাই৷
মন কৰিবলগীয়া যে ভেকচিন লোৱাত দ্বিধাবোধ কৰাৰ বাবেই কেন্দ্রীয় চৰকাৰে সকলো প্রাপ্তবয়স্কক সামৰি ল’বলৈ ঘৰে ঘৰে টিকাকৰণ অভিযান চলাইছে৷ পৰৱর্তী মাহৰ ভিতৰত যাতে প্রতি ভাৰতীয়ই প্রথমটো ড’জ সম্পূর্ণ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷