নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ সময়ত কেন্দ্রই সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰেঃ কেচিআৰ

নিয়মীয়া বাৰ্তা, ১৯ নবেম্বৰ:  ৰাজ্যখনত শস্য ক্রয়ক লৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কৌশলগত স্থিতি গ্রহণ কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাৱে৷ বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্রী কে চি আৰে কয়– নির্বাচনৰ সময়ত কেৱল সাম্প্রদায়িক উত্তেজনা সৃষ্টি কৰাত ব্যস্ত থাকে বিজেপি৷ নির্বাচন আহিলে হিন্দু–মুছলমান, পাকিস্তানৰ বিষয়টো সংবেদনশীলতাৰে প্রচাৰ কৰে৷ সীমান্তৰ বিষয়ে নাটক, ছার্জিকেল ষ্ট্রাইক আদিৰ প্রসংগ উল্লেখ কৰে৷ হায়দৰাবাদৰ ইন্দিৰা উদ্যানত কেন্দ্রীয় চৰকাৰৰ শস্যনীতিক লৈ প্রতিবাদী কার্যসূচী মন্ত্রীৰ সৈতে অংশ লৈ মুখ্যমন্ত্রীগৰাকীয়ে বিজেপিক আক্রমণৰ লক্ষ্য কৰি লয়৷

You might also like